অসমৰ সৎ সাহসী বামপন্থী নেতা কমৰেড দ্ৰুপদ বৰগোহাঁইক আজি চি পি আই দলে শেষ বাৰৰ বাবে লাল চালাম জনালে। পুৱা ৬ বজাত নেতা জনৰ মৃত্যুৰ খৱৰ পোৱাৰ লগে লগেই শিৱসাগৰৰ চি পি আইৰ কাৰ্যালয়ত উপস্থিত হয়হি জিলাখনৰ নেতা কৰ্মী সকল। ডিব্ৰুগড়ৰ পৰা ১২. ৩০ বজাত শিৱসাগৰৰ কাৰ্যালয়ত বৰ্ষীয়ান নেতা গৰাকীৰ নশ্বৰ দেহ আহি পোৱাৰ লগে লগে চিপিআইৰ নেতা কৰ্মী, দল সংগঠনৰ লগতে অসংখ্য গুণমুগ্ধই শেষ বাৰৰ বাবে দৰ্শন কৰি শেষ শ্ৰদ্ধাঞ্জলি দিবলৈ উপস্থিত হয়হি। শিৱসাগৰৰ চিপি আইৰ কাৰ্যালয়ৰ পৰা বাহিৰে বাহিৰে নাজিৰালৈ নিয়া হয়, নাজিৰাৰ চিপিআই কাৰ্যালয়ত শেষ শ্ৰদ্ধাঞ্জলি জনোৱাৰ পিছত জন্মস্থান মাদুৰিত অসংখ্য গুণমুগ্ধৰ উপস্থিতিত শেষকৃত সম্পন্ন কৰা হয়।
চিপিআই নেতাগৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰি যোৰহাট লোকসভা সমষ্টিৰ চিপিআইৰ প্ৰাৰ্থী কনক গগৈয়ে নৰ্থ ইষ্ট নাওক ফোনযোগে জনায় যে, ‘আজি অতি দুখৰ দিন, তেওঁক হেৰুৱাই আমি অতিকে মৰ্মাহত হৈছো। চিপিআই দলে আজি অসমত অভিভাৱক হেৰুৱালে। অসমৰ জনগণৰ স্বাৰ্থত তেওঁৰ যিখিনি অৱদান আছিল তাক আমি কেতিয়াও পাহৰিব নোৱাৰো। প্ৰকৃতাৰ্থত তেওঁ এজন সামাজিক দায়বদ্ধতা পালন কৰা এজন সাংসদ, জনপ্ৰতিনিধি তথা জননেতা আছিল। তেওঁৰ স্পষ্টবাদিতা আৰু সততাক সকলোৱে স্বীকাৰ কৰে। সাংসদ হৈ থাকোতে তেওঁ নিজৰ সাংসদ পুঁজিৰ কামকাজ সুন্দৰকৈ ব্যৱহাৰ কৰি সমগ্ৰ অসমবাসীৰ ওচৰত এক উদাহৰণ দাঙি ধৰি থৈ গৈছিল সেয়া আমি সকলোৱে জানো। তেওঁক হেৰুৱাই সমগ্ৰ অসমবাসীৰ লগতে আমিও মৰ্মাহত হৈছো।’
উল্লেখযোগ্য যে সততা, মূল্যবোধৰ ৰাজনীতিত বিশ্বাসী, যুৱ প্ৰজন্মৰ আদৰ্শ ৰাজনীতিবিদ তথা আজীৱন শ্ৰমজীৱী কৃষক জনতাৰ মুক্তিৰ হকে উৎসগিত ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ প্ৰাক্তন সম্পাদক দ্ৰুপদ বৰগোহাঁইৰ আজি পুৱা ৬ বজাত ডিব্ৰুগড়ৰ আদিত্য নাৰ্ছিং হোমত মৃত্যু হয়। দীৰ্ঘদিন ধৰি চিকিৎসাধীন হৈ থকা বৰ্ষীয়ান ৰাজনীতিবিদজনৰ মৃত্যুৰ সময়ত বয়স হৈছিল ৭৮ বছৰ। সৎ ৰাজনীতিবিদ জনৰ মৃত্যুত জন্মস্থান নাজিৰা আৰু শিৱসাগৰত গভীৰ শোকৰ ছাঁ পৰিছে।