কংগ্ৰেছ দল আৰু নেতা নীতিহীন। এইদলটো দুৰ্নীতিত ওস্তাদ। প্ৰধান মন্ত্ৰী জৱাহৰলাল নেহৰুৰ পৰা মনমোহন সিঙৰ নেতৃত্বৰ কংগ্ৰেছ চৰকাৰলৈকে কোনো এখন চৰকাৰে উত্তৰ-পূবৰ কাৰণে একো কাম কৰা নাই। অসমত তৰুণ গগৈৰ দিনত টকাৰ বিনিময়ত এ পি এছ চিৰ চাকৰি কিনা বেচা হৈছিল। কিন্তু পৰৱৰ্তী সময়ত বিজেপিৰ চৰকাৰ গঠন হোৱাৰ লগে লগে বিয়াগোম এ পি এছ চিৰ দুৰ্নীতিৰ নায়ক ৰাকেশ পালৰ লগতে বহুতে জে’লত যাব লগা হৈছে। এই মন্তব্য মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ।
আজি হাফলং লালফিল্ডত এখন নিৰ্বাচনী জনসভাত অংশ লৈ মুখ্য মন্ত্ৰীয়ে ভাষণ প্ৰসংগত এই কথা কয়। তেওঁ লগতে কংগ্ৰেছ দলে উত্তৰ-পূব ভাৰতক লুটি খোৱাৰ কাৰণে শাসন চলাইছিল বুলিও মন্তব্য কৰে।
আনহাতে বিজেপি চৰকাৰৰ দিনত পাৰ্বত্য ডিমা হাচাও, কাৰ্বি আংলঙক দেশৰ ৰাইজে জানিবলৈ ধৰিছে আৰু এই অঞ্চলত উন্নয়নো ক্ষীপ্ৰতাৰে আগুৱাই যাবলৈ ধৰিছে।
চি ই এম দেবলাল গাৰ্লচাই নিজৰ ভাষনত কয় যে কংগ্ৰেছ দলৰ সাংসদ বিৰেন সিং ইংতিয়ে সাতবাৰ সাংসদ হিচাপে নিৰ্বাচিত হৈছে। কিন্তু তেওঁ এই পয়ত্ৰিশ বছৰত ডিমা হাচাওৰ উন্নয়নৰ চিন্তা নকৰিলে। তেওঁ কৰা এটা কামৰো উদাহৰণ দিব নোৱাৰে।
আনহাতে অসমত পোন্ধৰ বছৰ শাসন চলোৱা মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে ডিমা হাচাওলৈ পোন্ধৰ বছৰত পোন্ধৰবাৰো যে আহিছে তাত সন্দেহ আছে। কিন্তু আমাৰ বিজেপি দলৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোনোৱালে যোৱা দুই বছৰ এঘাৰ মাহৰ শাসনত মুঠ আঠবাৰ ডিমা হাচাওত আহিছে।
ইয়াৰ উপৰি মুখ্য মন্ত্ৰী সোণৱালে কয় যে ৰাইজে যোৱা পাঁচ বছৰে মোদীৰ কাৰ্যকালত সুফলৰ লগতে উন্নয়ন দেখিলে সেইবাবে ৰাইজে দ্বিতীয় বাৰৰ কাৰনে আন্তৰিকতাৰে মোদী ডাঙৰীয়া প্ৰধান মন্ত্ৰী হোৱাটো বিচাৰিছে। আনহাতে ৰাতিপুৱাৰ পৰা আবেলিলৈ থাকি সভা সফল কৰি ৰাইজে এইটো ক’ব বিচাৰিছে যে ‘য়ুই আৰ উইথ মোদী’।
ইফালে আজিৰ এই সভাতে কংগ্ৰেছ, এন পি পিৰ লগতে অগপৰ বহু নেতাকৰ্মীয়ে মুখ্য মন্ত্ৰীৰ উপস্থিতিত বিজেপি দলত যোগদান কৰে।
আজিৰ নিৰ্বাচনী সভাত হাফঙৰ বিধায়ক বীৰভদ্ৰ হাগজেৰ, চি ই এম দেবলাল গাৰ্লচাৰ উপৰি জিলা বিজেপি সভাপতি নিপোলাল হোজাই আৰু পৰিষদৰ কাৰ্যনিৰ্বাহী সদস্য সকল উপস্থিত থাকে।