• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 23, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অখিল গগৈয়ে যাকে সমৰ্থন কৰে, সিয়ে পৰাজয় বৰণ কৰে: ৰূপম গোস্বামী

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
April 18, 2019 4:01 pm
85bdb947-8f99-44ed-9fa2-c5d30d344dbc

বিজেপিৰ মুখ্য কাৰ্যালয়ত ৰাজ্যিক মুখপাত্ৰ ৰূপম গোস্বামীৰ সংবাদমেল। ফটো : নৰ্থইষ্ট নাও

1.1k
VIEWS
Share on FacebookShare on Twitter

“অখিল গগৈয়ে যাকে সমৰ্থন কৰে, সিয়ে পৰাজয় বৰণ কৰে। তেওঁ পেছাদাৰী আন্দোলনকাৰী।” অখিল গগৈক আক্ৰমণৰ লক্ষ্য কৰি বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ ৰূপম গোস্বামীয়ে এইদৰে মন্তব্য কৰে।

আজি হেঙেৰাবাৰীস্থিত ৰাজ্যিক বিজেপিৰ কাৰ্য্যালয়ত সংবাদমেল সম্বোধন কৰি বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ ৰূপম গোস্বামীয়ে লগতে কয়, ‘’ অখিল গগৈয়ে কংগ্ৰেছ দলৰ হৈ কাম কৰি আছে, সেয়া অসমৰ ৰাইজে জানে। কমিউনিজম কনচেপ্টটোৱেই বৰ্তমান ফেইলাৰ হৈছে সমগ্ৰ পৃথিৱীত।‘’

গোস্বামীয়ে কয়, ‘’আজি অনুষ্ঠিত হোৱা দ্বিতীয় পৰ্য্যায়ৰ নিৰ্বাচনৰ পাঁচখন আসনতে ভাৰতীয় জনতা পাৰ্টীৰ বিজয় সু নিশ্চিত। প্ৰধান মন্ত্ৰীয়ে সবকা সাথ সবকা বিকাশ নীতিৰে সমগ্ৰ ভাৰততে সকলোকে সংযোগ কৰিবলৈ সক্ষম হ’ল। ৰাজীৱ গান্ধীয়ে কৈছিল কেন্দ্ৰৰ পৰা সেই সময়ত ১ টকা পঠিয়ালে ৰাজ্যই ১৫ শতাংশ লাভ কৰিছিল। এতিয়া প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দিনত ১০০শতাংশই লাভ কৰে।‘’

তদুপৰি, ৰাজ্যিক মুখপাত্ৰ গৰাকীয়ে কয়, ‘’লোকপ্ৰিয় গোপীনাথ বৰদলৈক কংগ্ৰেছে সন্মান নিদিলে। বাজপেয়ীয়ে তেওঁক সন্মান জনালে ভাৰত ৰত্নৰে| মোদীয়ে সুধাকন্ঠক ভাৰতৰত্ন সন্মানেৰে বিভূষিত কৰিছে। কংগ্ৰেছে এগৰাকীকো সন্মান জনাব নোৱাৰিলে।‘’

কংগ্ৰেছে ভাৰতবৰ্ষক প্ৰকৃত স্বাধীনতা প্ৰদান কৰিব নোৱাৰিলে বুলি উল্লেখ কৰি গোস্বামীয়ে কয় যে ভাৰতীয় জনতা পাৰ্টীয়ে ভাৰতৰ প্ৰকৃত স্বাধীনতা অনাৰ চেষ্টা কৰিছে।

‘’কংগ্ৰেছে হতাশগ্ৰস্ত হৈ টিভিত বিজেপি মুৰ্দাবাদ ধ্বনি দিছে। এই বিষয়ত ভাৰতীয় জনতা পাৰ্টী অসম প্ৰদেশৰ ফালৰ পৰা মুখ্য নিৰ্বাচনী বিষয়াৰ ওচৰত কংগ্ৰেছৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছে,’’-মুখপাত্ৰ গোস্বামীয়ে জানিবলৈ দিয়ে।

আনহাতে, ৰাজ্যিক মুখপাত্ৰগৰাকীয়ে উল্লেখ কৰে যে বিজেপিয়ে এন আৰ চি উন্নীতকৰণৰ কাম আৰম্ভ কৰিছে। এইক্ষেত্ৰত কংগ্ৰেছে বিফল হৈছে।

তাৎপৰ্যপূৰ্ণভাৱে ৰাজ্যিক মুখপাত্ৰ গোস্বমীয়ে হিন্দু বাংলাদেশী অনা কথাটো এক অপপ্ৰচাৰ বুলি উল্লেখ কৰি এজনো হিন্দু বাংলাদেশী নাহে বুলিও মন্তব্য কৰে।

Tags: নিৰ্বাচন ২০১৯

Recent News

দেশত শিক্ষাৰ অভাৱ! টাইমছ ৰেংকিঙৰ শীৰ্ষ ৫০ খন বিশ্ববিদ্যালয়ৰ তালিকাত আছে ভাৰতৰ মাত্ৰ ২ খন বিশ্ববিদ্যালয়

দেশত শিক্ষাৰ অভাৱ! টাইমছ ৰেংকিঙৰ শীৰ্ষ ৫০ খন বিশ্ববিদ্যালয়ৰ তালিকাত আছে ভাৰতৰ মাত্ৰ ২ খন বিশ্ববিদ্যালয়

সংকটত খোৱাংৰ তিনঠেঙীয়া বনাঞ্চল! বন্যপ্ৰাণী ছাফাৰী আৰু উদ্ধাৰ কেন্দ্ৰ স্থাপনৰ পূৰ্বেই ধ্বংস যজ্ঞ চলিছে বনাঞ্চলখনত

সংকটত খোৱাংৰ তিনঠেঙীয়া বনাঞ্চল! বন্যপ্ৰাণী ছাফাৰী আৰু উদ্ধাৰ কেন্দ্ৰ স্থাপনৰ পূৰ্বেই ধ্বংস যজ্ঞ চলিছে বনাঞ্চলখনত

বজাৰলৈ আহি আছে স্মাৰ্ট চশমা : কৃত্ৰিক বুদ্ধিমত্তা, কেমেৰাৰ লগতে থাকিব অনেক আকৰ্ষণীয় সুবিধা

বজাৰলৈ আহি আছে স্মাৰ্ট চশমা : কৃত্ৰিক বুদ্ধিমত্তা, কেমেৰাৰ লগতে থাকিব অনেক আকৰ্ষণীয় সুবিধা

খান ছাৰৰ বিবাহ অভ্যৰ্থনাৰ বিশাল আয়োজন : আমন্ত্ৰণ কৰা হৈছে ৫০ হাজাৰৰো অধিক ছাত্ৰ-ছাত্ৰীক

খান ছাৰৰ বিবাহ অভ্যৰ্থনাৰ বিশাল আয়োজন : আমন্ত্ৰণ কৰা হৈছে ৫০ হাজাৰৰো অধিক ছাত্ৰ-ছাত্ৰীক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd