সমগ্ৰ বিশ্বৰ লগতে শিৱসাগৰতো আজি বিশ্ব ধৰিত্ৰী দিৱস উদযাপন কৰা হয়। বিশ্ব ধৰিত্ৰী দিৱসৰ লগত সংগতি ৰাখি জিলা প্ৰশাসন আৰু বন বিভাগে যৌথভাৱে শিৱসাগৰৰ ঐতিহাসিক পহুগড়ৰ চৌপাশে ১৪০ টা বিভিন্ন ফল-মূল আৰু অন্যান্য গছপুলি ৰোপন কৰে। উক্ত কাৰ্যসূচীত জিলা বন সংমণ্ডল বিষয়া জয়শ্ৰী নাইদিং, সামাজিক বনানীকৰণ বিভাগৰ সংমণ্ডল বিষয়া বিদ্যুৎ বৰঠাকুৰৰ লগতে আঞ্চলিক বন বিষয়া আৰু খণ্ড বন বিষয়া উপস্থিত থাকে।
এই উপলক্ষে আয়োজিত অনুষ্ঠানত অংশগ্ৰহণ কৰি সহকাৰী পৰ্যটন বিষয়া মাধৱ দাসে গছপুলি ৰোপনৰ এই কাযৰ্সূচী বিশ্ব পৰিৱেশ দিৱসলৈকে চলি থাকিব বুলি জানিবলৈ দিয়ে।
আনহাতে নেচাৰ্চ বেকন ৰংপুৰ আঞ্চলিক সমিতিৰ উদ্যোগতো আজি শিৱসাগৰ নগৰৰ ৩ নং টাউন বালিকা বিদ্যালয় আৰু ধাইআলি মধ্য ইংৰাজী বিদ্যালয়ত বিশ্ব ধৰিত্ৰী দিৱস পালন কৰা হয়। অনুষ্ঠানৰ লগত সংগতি ৰাখি বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত কুইজ, কবিতা আবৃত্তি, চিত্ৰাংকণ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়।
অনুষ্ঠানত উপস্থিত থকা ছাত্ৰ-ছাত্ৰীসকলক নেচাৰ্চ বেকনৰ বিষয়ববীয়াসকলে গছপুলি ৰোপনৰ অভ্যাস গঢ়ি তোলাৰ লগতে জন্ম দিনত প্ৰতিটো শিশুকে গছপুলি ৰোপন কৰিবলৈ আহ্বান জনায়। অনুষ্ঠানত নেচাৰ্চ বেকনৰ মুখ্য সমন্বয়ৰক্ষী জেহিৰুদ্দিন খান, সমন্বয়ক ব্ৰজেন ফুকনকে ধৰি বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰীসকল উপস্থিত থাকে।