• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, May 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আকৌ যদি যাব লাগে শৰাইঘাটেৰে : সহিবলৈ সাজু থাকক যানজঁটৰ যাতনা

এন ই নাও নিউজ by এন ই নাও নিউজ
April 28, 2019 10:41 pm
NE-Mgaon-Railways-repair-iconic-Saraighat-bridge
2k
VIEWS
Share on FacebookShare on Twitter

শৰাইঘাট দলঙৰ ওপৰত চলি থকা বিৰক্তিকৰ যানজঁটে আৰু সহজতে আপোনাক সকাহ দিয়াৰ সম্ভাৱনা নাই। দলঙখনৰ মেৰামতিৰ দায়িত্ব লাভ কৰা উত্তৰ পূব সীমান্ত ৰে’লৱেই কামটোত সম্পূৰ্ণ মনযোগ নিদিয়াৰ অভিযোগ উঠিছে।

অতি কম সংখ্যক কৰ্মশক্তি নিয়োগ কৰি উত্তৰ পূব সীমান্ত ৰে’লৱেই যিধৰণে মেৰামতিৰ কাম চলাই আছে, সেইদৰে হ’লে আৰু কেইমাহৰ বাবে শৰাইঘাটৰ ওপৰেৰে যাত্ৰা কৰিবলগীয়া যাত্ৰীসকলে দীঘলীয়া তথা বিৰক্তিকৰ যানজঁটৰ সন্মুখীন হ’বলৈ সাজু থাকিব লাগিব।

উল্লেখযোগ্য যে পুৰণি শৰাইঘাট দলঙৰ মেৰামতিৰ কাম চলি আছে আৰু যোৱা মাৰ্চ মাহত মেৰামতিৰ বাবে দলংখন তিনিমাহৰ বাবে বন্ধ ৰখা হৈছিল।

অতি দ্ৰুত গতিত কাম চলিবলগীয়া দলংখনৰ কাম বৰ্তমান ইমানেই লেহেম গতিত চলিছে যে দলংখনৰ মেৰামতি কেতিয়ালৈ সম্পূৰ্ণ হৈ উঠিব সেয়া কোৱাটো কঠিন হৈ পৰিছে।

ইপিনে, শৰাইঘাটেৰে পাৰ হ’বলগীয়া গাড়ীৰ যাত্ৰীসকলে সদায় তিনি-চাৰি ঘন্টা যানজঁটত ৰৈ থাকিবলগীয়া হৈছে। অত্যন্ত গৰমত যাত্ৰীসকলে এক অশান্তিকৰ সময় পাৰ কৰিবলগীয়া হৈছে।

আনহাতে, শৰাইঘাট দলঙৰ মেৰামতিৰ কামৰ এনে মন্থৰ গতিত অসন্তুষ্টি প্ৰকাশ কৰিছে জিলা প্ৰশাসনে। কামৰূপ জিলাৰ(গ্ৰাম্য) উপায়ুক্ত কমল কুমাৰ বৈশ্যই সাংবাদিকৰ আগত কয় যে উত্তৰ পূব সীমান্ত ৰে’লৱেই যি গতিত দলঙখনৰ মেৰামতিৰ কাম চলাইছে, এইদৰে অহা মাহত কাম সম্পূৰ্ণ হোৱাৰ কোনো সম্ভাৱনা নাই। ৰে’লৱেই এই বৃহৎ দলংখন মেৰামতিৰ বাবে মাত্ৰ ১৩জন কৰ্মীক নিযুক্তি দিছে। গতিকেই এই দলঙৰ ওপৰেৰে যাত্ৰা কৰিবলগীয়া যাত্ৰীসকলে দুৰ্ভোগ ভূগিবলগীয়া হ’ব।

এনেদৰে কাম চলিলে শৰাইঘাট দলঙৰ মেৰামতিৰ কাম সম্পূৰ্ণ হ’বলৈ আৰু কমেও তিনি চাৰি মাহ সময় লাগিব বুলি অনুমান কৰা হৈছে।

কাম আৰম্ভ হোৱাৰ পাছত এতিয়ালৈ দলংখনৰ মেৰামতিৰ মাত্ৰ ২০ শতাংশ কামহে সম্পূৰ্ণ হৈছে। সেয়েহে শৰাইঘাট পাৰ হৈ যাবলগীয়া যাত্ৰীসকলে যানজঁটৰ যাতনা সহ্য কৰিবলৈ সাজু থকাৰ বাহিৰে আন বিকল্প নাই।

Recent News

পঞ্চায়তত নিৰ্বাচিত প্ৰতিনিধিক অভিনন্দন, ৰাইজকো কৃতজ্ঞতা ভূপেন বৰাৰ

পঞ্চায়তত নিৰ্বাচিত প্ৰতিনিধিক অভিনন্দন, ৰাইজকো কৃতজ্ঞতা ভূপেন বৰাৰ

ট্ৰাম্পক উত্তৰ নিদিলে মোদীৰ ইমান তেজস্বী ভাষণৰ অৰ্থ কি থাকিল?

ট্ৰাম্পক উত্তৰ নিদিলে মোদীৰ ইমান তেজস্বী ভাষণৰ অৰ্থ কি থাকিল?

অৱসৰ ললে মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাই : বিদায়ী ভাষণত দি গ’ল হৃদয়স্পৰ্শী বাৰ্তা

অৱসৰ ললে মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাই : বিদায়ী ভাষণত দি গ’ল হৃদয়স্পৰ্শী বাৰ্তা

কৰ্ণেল ছ’ফিয়া কুৰেশ্বীক ‘পাকিস্তানীৰ ভগ্নী’ আখ্যা বিজেপি মন্ত্ৰী বিজয় শ্বাহৰ!

কৰ্ণেল ছ’ফিয়া কুৰেশ্বীক ‘পাকিস্তানীৰ ভগ্নী’ আখ্যা বিজেপি মন্ত্ৰী বিজয় শ্বাহৰ!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd