• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

অসম: নিৰ্বাচনী ফলাফলৰ পূৰ্বানুমান

শিৱজিত দত্ত by শিৱজিত দত্ত
April 30, 2019 10:45 pm
Assam: Loksabha election result prediction

লোকসভা নিৰ্বাচনৰ ভোট গ্ৰহণত ঢকুৱাখনাৰ এটা ভোটকেন্দ্ৰত ভোটাৰৰ শাৰী। ছবি- ইউ বি।

5
VIEWS
Share on FacebookShare on Twitter

প্ৰথমেই দুটা কথা স্বীকাৰ কৰি ল’ব লাগিব| এক, নিৰ্বাচনৰ ফলাফল সন্দৰ্ভত কোনেও একো কথা ডাঠি ক’ব নোৱাৰে; যদিও যুক্তিভিত্তিক হওক, অযুক্তিভিত্তিক হওক, পূৰ্বানুমান কৰাটো এক এৰাব নোৱৰা মানৱীয় বৈশিষ্ট্য। দুই, ভাৰতৰ লগতে অসমতো আজিও গণতন্ত্ৰ সেই পৰ্যায়লৈ উধোৱা নাই যে সমূহ নাগৰিকেই সম্প্ৰদায়, ধৰ্ম, জাতি, গোষ্ঠী আদিৰ উৰ্ধ্বলৈ গৈ একান্তই স্বাধীন বিচাৰ-বিবেচনাৰে ভোট দিব। ফলত, নিৰ্বাচনী পূৰ্বানুমান কৰোতে ভোটাৰৰ সম্প্ৰদায়, গোষ্ঠী আদিৰ লেখ নোলোৱাকৈ থকা অসম্ভৱ। সেয়েহে আমাৰ পূৰ্বানুমানতো এইজাতীয় হিচাপ-নিকাচ নাথাকি নোৱাৰে।

নিৰ্বাচনী ফলাফলৰ আঁৰত সাধাৰণতে জনবিন্যাস, ইছ্যু, ঢৌ, ৰাইজৰ মেজাজ আদি কাৰক ক্ৰিয়াশীল হৈ থাকে। এই আটাইবোৰৰ কথা মনত ৰাখি আমি অসমত ইতিমধ্যেই সামৰণি পৰা লোকসভা নিৰ্বাচনৰ সম্ভাব্য ফলাফলৰ ওপৰত আলোকপাত কৰিব বিচাৰিছো।

এসময়ত অসমৰ নিৰ্বাচনত মিঞা মুছলমান আৰু চাহ জনগোষ্ঠী– মূলতঃ এই দুই সম্প্ৰদায়ৰ ভোটৰ জোৰত কংগ্ৰেছে অসমত এদনীয়া শাসন চলাইছিল। বদৰুদ্দিন আজমলৰ এ আই ইউ ডি এফ-ৰ উদ্ভৱ আৰু সক্ৰিয়তাই কংগ্ৰেছৰ ভোট বেংকত প্ৰথমটো মোক্ষম ধাক্কা মাৰিছিল। শেহতীয়াকৈ চাহ জনগোষ্ঠীৰো বুজনসংখ্যক ভোটাৰ বিজেপিৰ সমৰ্থকত পৰিণত হৈছে। কংগ্ৰেছৰ বাবে এইটো দ্বিতীয় ডাঙৰ ধাক্কা। বেংক একাউণ্টত ৫/৬ হেজাৰকৈ টকা সুমুৱাই দি, একটকীয়া চাউলৰ সুবিধা দি, বিজেপিয়ে চাহ বনুৱাৰ বিপুলাংশ ভোট নিজৰ ফালে টানিব পাৰিছে। কেব-বিৰোধী আন্দোলনে এই প্ৰক্ৰিয়াত বিশেষ বাধা দিয়া নাই। ফলত খুব সহজেই লখিমপুৰ সমষ্টি আৰু কিছু প্ৰত্যাহ্বানৰ মাজেদি ডিব্ৰুগড় সমষ্টি বিজেপিয়েই লাভ কৰিব বুলি ধাৰণা হয়।

যোৰহাট সমষ্টিত কেব-বিৰোধী আন্দোলনৰ তাৎপৰ্যপূৰ্ণ প্ৰভাৱ, আহোম ভোটৰ সৰ্বাধিক সংখ্যা যিটো চাহ বনুৱাৰ ভোটতকৈও দুই-আঢ়ৈ লাখ বেছি, কংগ্ৰেছ প্ৰাৰ্থীগৰাকীৰ জনপ্ৰিয়তা আৰু ভাবমূৰ্তি– আদি কাৰকৰ প্ৰভাৱত তাত কংগ্ৰেছেই বিজয়ী হ’ব বুলি অনুমান কৰিব পাৰি। অসমৰ জনজাতীয় মানুহ সম্প্ৰতি ঘাইকৈ বিজেপিৰ লগতে থকাত আৰু বীৰেণ সিং ইংতিৰ ৰাজনীতিয়ে মানুহক আমুৱাই অনাত ডিফু (স্বায়ত্ত শাসিত জিলা) সমষ্টি বিজেপিৰ কুক্ষিগত হ’ব বুলি ভবাৰ থল আছে।

নগাওঁ সমষ্টিটো বহুবছৰ ধৰি বিজেপিৰ ৰাজেন গোহাঁইৰ হাতত আছিল। তাত বিজেপিৰ ৰাজনৈতিক নে’টৱৰ্কো মূলতঃ তেওঁৰে হাতত। তেওঁ প্ৰাৰ্থিত্ব নোপোৱাত তেওঁৰ এচাম সমৰ্থক নিশ্চয় অসন্তুষ্ট হৈছে। তদুপৰি, এ আই ইউ ডি এফ-এ তাত প্ৰাৰ্থী নিদিয়াত আগৰদৰে মুছলিম ভোটৰ বিভাজন নহ’ব। ইফালে প্ৰফুল্ল মহন্তৰ কেব-বিৰোধী নিৰ্বাচনী আহ্বানে ঠায়ে ঠায়ে প্ৰভাৱ নেপেলোৱাকৈ নাথাকে। ৰহাত এইমছ্ নোহোৱাৰ বিষো তাৰ মানুহে পাহৰা নাই। গতিকে তাত কংগ্ৰেছেই শেষ হাঁহি মাৰিব বুলি ধাৰণা কৰিব পাৰি। মুছলিম ভোটৰ বিভাজনহীনতা আৰু কংগ্ৰেছৰ গৌৰৱ গগৈৰ শক্তিশালী প্ৰাৰ্থিত্বৰ সুবাদত কলিয়াবৰ সমষ্টিও কংগ্ৰেছৰ হাতলৈকে যোৱাৰেই পূৰ্ণ সম্ভাৱনা আছে।

তেজপুৰত কংগ্ৰেছে শক্তিশালী প্ৰাৰ্থী দিছে হয়, কিন্তু গ্ৰামাঞ্চলৰ অশিক্ষিত ভোটাৰে ভানুৰ ব্যক্তিত্ব সম্পৰ্কে নজনাটোৱেই স্বাভাৱিক। তদুপৰি ৰাজেন গোহাঁয়ে প্ৰাৰ্থিত্ব নোপোৱাত বিজেপিৰ যি ক্ষতি হ’ব সেই ক্ষতি আৰ্ পি শৰ্মাই প্ৰাৰ্থিত্ব নোপোৱা বাবেও হ’ব বুলি ভাবিব নোৱাৰি। শৰ্মা নেপালী যদিও নেপালী মানুহৰ ভোট বিজেপিৰপৰা আঁতৰি যাব যেন নালাগে। আকৌ সমষ্টিত গোহাঁইৰ দৰে পোতন শৰ্মাৰ নাই। চাহ বনুৱাই ৩৫১ টকীয়া মজুৰি নোপোৱা প্ৰসংগই কিছু বিধি-পথালি দিলেও মূৰকত বিজেপিয়েই সমষ্টিটোত শেষ হাঁহি মাৰিব যেন লাগে।

মঙলদৈত যোৱাবেলি ব্যাপক মোদী ঢৌ থকাৰ পিছতো মুঠেই কেইহাজাৰমান ভোটৰ ব্যৱধানতহে বিজেপি জিকিছিল। সেইবেলি প্ৰায় ৮০ হাজাৰ ভোট টানি নিছিল এ আই ইউ ডি এফ্ দলে যিয়ে এইবাৰ তাত প্ৰাৰ্থী দিয়া নাই। অৱশ্যে বিজেপিৰ সৈতে এইবাৰ মিত্ৰতাবদ্ধ হৈ আছে বিপিএফ্ আৰু অগপ। কিন্তু, এগৰাকী শক্তিশালী বড়ো প্ৰাৰ্থী থকাত আৰু বুজনসংখ্যক বড়ো খ্ৰীষ্টধৰ্মী হোৱাত বড়ো মানুহৰ ভোটৰ এটা ডাঙৰ অংশ বিজেপিৰ বিৰুদ্ধে যাব। তদুপৰি কেব-বিৰোধী আন্দোলনক সাময়িক সফলতা দিয়াত কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে ৰাজ্যসভাত লোৱা বলিষ্ঠ ভূমিকাৰ কথা সুঁৱৰি মূলসুঁতিৰ এচাম অসমীয়াই নিশ্চয় গুপুতে হ’লেও তেওঁৰ সপক্ষে ভোট দিব। গতিকে দেখা যায় যে এই সমষ্টিত কংগ্ৰেছ-বিজেপিৰ সম্ভাৱনা সমান সমান।

বৰপেটাত যদিও এ আই ইউ ডি এফ্-ৰ প্ৰাৰ্থী আছে তথাপি সমষ্টিটোৰ বিপুলসংখ্যক মুছলিম ভোটৰ (প্ৰায় ৯ লাখ) বিভাজন এইবাৰ আগৰদৰে নহ’ব। বিজেপিৰ সাম্প্ৰদায়িকতাৰ বিষয়ে মুছলিম মানুহ এইবাৰ আগতকৈ বেছি সচেতন আৰু সতৰ্ক হৈছে। তাতে সংখ্যালঘু এলেকাত কংগ্ৰেছ প্ৰাৰ্থীগৰাকীৰ ভাবমূৰ্তি যথেষ্ট ভাল। কাজেই বৰপেটাত কংগ্ৰেছৰ জয়ৰ সম্ভাৱনা অধিক যেন লাগে। পঞ্চায়ত নিৰ্বাচনতো তাত কংগ্ৰেছৰ ফলাফল বেছ ভাল আছিল। সংখ্যালঘু-প্ৰধান সমষ্টি ধুবুৰীত এ আই ইউ ডি এফ্-ৰ সৰ্বেসৰ্বা বদৰুদ্দিন আজমল হাৰিব বুলি কোনোপধ্যেই ভাবিব নোৱাৰি।

কোকৰাঝাৰত বিপিএফ্, ইউ পি পি এল্ আৰু নিৰ্দলীয় প্ৰাৰ্থীৰ মাজত তিনিকোণীয়া যুঁজ হোৱাটো অৱধাৰিত। ইউ পি পি এলে এ আই ইউ ডি এফ্-ৰ আনুষ্ঠানিক সমৰ্থন লাভ কৰিছে যদিও অহৰ্নিশে অনিৰাপত্তাত ভুগি থকা ধৰ্মীয় সংখ্যালঘু ভোটাৰ বড়োলেণ্ড-বিৰোধী নৱ শৰণীয়াৰ পক্ষে থকাৰ সম্ভাৱনা উজ্জ্বল। সমষ্টিটোত থকা বড়ো ভোট বড়োলেণ্ডৰ কঢ়া সমৰ্থক ইউ পি পি এল্ আৰু শাসনাধিষ্ঠ বি পি এফৰ মাজত উলম্বভাৱে বিভাজিত হোৱাৰ সম্ভাৱনা আছে। অবড়ো ভোটৰ সৰহভাগ নৱ শৰণীয়াৰ পক্ষেই যোৱাটো একপ্ৰকাৰ নিশ্চিত। গতিকে শৰণীয়াৰ জয়ৰ সম্ভাৱনাই সবাতোকৈ উজ্জ্বল।

শিলচৰ সমষ্টিত হিন্দু ভোটাৰ আৰু চাহ জনগোষ্ঠীৰ ভোটাৰৰ সংখ্যা যোগ কৰিলেও সেয়া মুছলিম ভোটাৰৰ সংখ্যাতকৈ দুই লাখমান কমি থাকে। তাতে বিজেপিৰ প্ৰাৰ্থীজন তেনেই নতুন মুখ। বিজেপিৰ প্ৰাৰ্থী নিৰ্বাচন প্ৰক্ৰিয়াই কবীন্দ্ৰ পুৰকায়স্থৰ দৰে প্ৰবীণ নেতাক অসন্তুষ্ট কৰা বুলি শুনা যায়। এ আই ইউ ডি এফ্-ৰ অনুপস্থিতিত মুছলিম ভোটৰ বিভাজনৰো কোনো সম্ভাৱনা নাই। কাজেই কংগ্ৰেছৰ সম্ভাৱনা তাত খুবেই উজ্জ্বল। সংখ্যালঘু-প্ৰধান কৰিমগঞ্জৰ মুছলিম মানুহৰ মাজত আজমলৰ প্ৰভাৱ সীমিত যদিও জমিয়তৰ প্ৰভাৱ বহুত বেছি। জমিয়তে নিশ্চয় মুছলিম ভোটাৰক ঐক্যবদ্ধভাৱে বিজেপিক হৰুৱাবৰ বাবে ভোট দিবলৈ আবেদন দিছে। সেয়ে কংগ্ৰেছে তাত তাৎপৰ্যপূৰ্ণ ভোট-বিভাজন কৰিব নোৱাৰিব যেন লাগে। অনুমান হয়, সমষ্টিটো এ আই ইউ ডি এফ্-ৰ দখললৈ যাব।

শেষত আহিল গুৱাহাটী। ইয়াতো এ আই ইউ ডি এফ্-ৰ প্ৰাৰ্থী নথকাত কংগ্ৰেছৰ সুবিধা হৈছে। কিন্তু, সমষ্টিটোত বহুসংখ্যক জনজাতীয় ভোটাৰ আছে। এই মানুহখিনিৰ অধিকাংশ আছে বিজেপিৰ লগত। আকৌ, মূলসুঁতিৰ অসমীয়াৰ কেব-বিৰোধী ভোটৰ বিশেষ অংশ এটা নিৰ্দলীয় প্ৰাৰ্থী উপমন্যু হাজৰিকাই টানি লৈ যাব। গতিকে, কংগ্ৰেছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াব যদিও শেষ হাঁহি চাগৈ বিজেপিয়েই মাৰিব।

থূল-মূলকৈ ক’ব পাৰি যে কংগ্ৰেছে ৫ খন আসন পালে বিজেপিয়ে ৬ খন আৰু বিজেপিয়ে ৫ খন আসন পালে কংগ্ৰেছে ৬ খন আসন পাব। এ আই ইউ ডি এফ্-এ ২ খন আৰু নিৰ্দলীয়ই ১ খন আসন পাব যেন লাগে। অগপৰ আসন শূন্য হোৱাৰ সম্ভাৱনা প্ৰকট।

লেখক ডুমডুমা মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ সহকাৰী প্ৰবক্তা

ইমেইলঃ [email protected]

Tags: নিৰ্বাচন ২০১৯
শিৱজিত দত্ত

শিৱজিত দত্ত

ডুমডুমা মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ সহকাৰী অধ্যাপক

Stay Connected test

  • 117k Fans
ADVERTISEMENT

Recent News

সাত মাহত ৩ লাখ লোকক কামোৰ, ২৬ জনৰ মৃত্যু! কৰ্ণাটকৰ প্ৰতিবেদনক লৈ উদ্বিগ্নতা বৃদ্ধি

সাত মাহত ৩ লাখ লোকক কামোৰ, ২৬ জনৰ মৃত্যু! কৰ্ণাটকৰ প্ৰতিবেদনক লৈ উদ্বিগ্নতা বৃদ্ধি

August 13, 2025 2:05 pm
সিদ্ধাৰ্থ বৰ্ধৰাজনৰ গোচৰত উচ্চতম ন্যায়াল্যৰ হস্তক্ষেপ! জোৰ-জবৰদস্তি ব্যৱাস্থা গ্ৰহণ কৰিব নোৱাৰিব অসম আৰক্ষীয়ে

বিহাৰৰ ভোটাৰ তালিকা পুনৰীক্ষণ গোচৰৰ শুনানিত গুৰুত্বপূৰ্ণ পৰ্যবেক্ষণ উচ্চতম ন্যায়ালয়ৰ

August 13, 2025 1:32 pm
ভাৰতৰ ওপৰত আমেৰিকাই আৰোপ কৰিলে ৫০% শুল্ক : গোলকীয় ৰাজনীতি আৰু অৰ্থনীতিৰ এক নতুন জটিল জাল

ভাৰতৰ ওপৰত আমেৰিকাই আৰোপ কৰিলে ৫০% শুল্ক : গোলকীয় ৰাজনীতি আৰু অৰ্থনীতিৰ এক নতুন জটিল জাল

August 13, 2025 11:30 am
প্ৰত্যাহ্বানমূলক হ’ব অসমত ভোটাৰ তালিকা পুনৰীক্ষণ প্ৰক্ৰিয়া! এছআইআৰ পূৰ্বে অসম কংগ্ৰেছে আৰম্ভ কৰিলে বুথ এজেণ্টৰ প্ৰশিক্ষণ

প্ৰত্যাহ্বানমূলক হ’ব অসমত ভোটাৰ তালিকা পুনৰীক্ষণ প্ৰক্ৰিয়া! এছআইআৰ পূৰ্বে অসম কংগ্ৰেছে আৰম্ভ কৰিলে বুথ এজেণ্টৰ প্ৰশিক্ষণ

August 13, 2025 11:28 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সাত মাহত ৩ লাখ লোকক কামোৰ, ২৬ জনৰ মৃত্যু! কৰ্ণাটকৰ প্ৰতিবেদনক লৈ উদ্বিগ্নতা বৃদ্ধি

সাত মাহত ৩ লাখ লোকক কামোৰ, ২৬ জনৰ মৃত্যু! কৰ্ণাটকৰ প্ৰতিবেদনক লৈ উদ্বিগ্নতা বৃদ্ধি

August 13, 2025 2:05 pm
সিদ্ধাৰ্থ বৰ্ধৰাজনৰ গোচৰত উচ্চতম ন্যায়াল্যৰ হস্তক্ষেপ! জোৰ-জবৰদস্তি ব্যৱাস্থা গ্ৰহণ কৰিব নোৱাৰিব অসম আৰক্ষীয়ে

বিহাৰৰ ভোটাৰ তালিকা পুনৰীক্ষণ গোচৰৰ শুনানিত গুৰুত্বপূৰ্ণ পৰ্যবেক্ষণ উচ্চতম ন্যায়ালয়ৰ

August 13, 2025 1:32 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd