৪ নং ধুবুৰী লোকসভা সমষ্টিত যোৱা ২৩ এপ্ৰিলত লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোট গ্ৰহণ প্ৰক্ৰিয়া হৈ যোৱাৰ পিছত পাঁচটাকৈ কেন্দ্ৰত অহা ৬ মে’ত পুনৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। এই কথা ধুবুৰী জিলা নিৰ্বাচনী বিষয়াই প্ৰকাশ কৰে।
পুনৰ ভোট গ্ৰহণ অনুষ্ঠিত হ’ব লগীয়া ভোটগ্ৰহণ কেন্দ্ৰ কেইটা হ’ল ক্ৰমে মানকাছাৰ জিলাৰ ১৬৭ নং বাউছকাটা এম ই মাদ্ৰাছা ভোটগ্ৰহণ কেন্দ্ৰ, দক্ষিণ শালমৰাৰ ২২ নং কাটলিপাৰা এম ই মাদ্ৰাছা ভোট গ্ৰহণ কেন্দ্ৰ আৰু ২১৯ নং লাখুৱা এল পি স্কুল, ধুবুৰীৰ ১৩ নং বাণী বিদ্যা মন্দিৰ এল পি স্কুল আৰু গোলকগঞ্জৰ ২৩২ নং নৱ ভাৰত পাঠশানা হাইস্কুল।
নিৰ্বাচনৰ বাবে সমষ্টিটোত মুঠ ১৭ জন প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছিল। তেওঁলোক হ’ল ক্ৰমে এ আই য়ু ডি এফৰ বদৰুদ্দিন আজমল, কংগ্ৰেছৰ আবু তাহেৰ বেপাৰী, অসম গণ পৰিষদ দলৰ জাৱেদ ইছলাম, তৃণমূল কংগ্ৰেছৰ নুৰুল ইছলাম চৌধুৰী, ছ’চিয়েলিষ্ট য়ুনিটি চেণ্টাৰ অব ইণ্ডিয়াৰ সুৰত জামান মণ্ডল, ভোটাৰ্চ পাৰ্টি ইণ্টাৰনেশ্যনেলৰ চাহজাহান শ্বেখ, ৰিপাব্লিকান পাৰ্টি অব ইণ্ডিয়া(এ)ৰ মেহবুবাৰ ৰহমান, হিন্দুস্থান নিৰ্মাণ দলৰ অলকেশ ৰয়, পূৰ্বাঞ্চল জনতা পাৰ্টি(চেকুলাৰ)ৰ জহিৰুল ইছলাম খান, ভাৰতীয় নেশ্যনেল জনতা দলৰ নৃপেন দাস, আৰু নিৰ্দলীয় ৰুকুনৰ জামান, উত্তম কুমাৰ ৰায়, শুকুৰ আলী, হুছেইন সৰকাৰ, আশ্ৰফ আলী, চেলিনা চুলতানা আৰু অনামিকা সৰকাৰ।