• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শিল্পী-অনুৰাগী সমাজৰ মাজত কিয় বৃদ্ধি পাইছে ‘অসহিষ্ণুতা’?

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
May 5, 2019 7:16 pm
Zubeen VS Simanta
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এগৰাকী গায়ক, অভিনেতা বা নৃত্যকাৰে ‘শিল্পী’ৰ পৰিচয় পাবলৈ বহুখিনি সাধনা কৰিব লাগে। কিন্তু বৰ্তমান পৰিস্থিতিত শিল্পীৰ মাজত দেখিবলৈ পোৱা গৈছে ‘অসহিষ্ণুতা।‘ তাতকৈয়ো বেছি অসহিষ্ণু হৈ পৰিছে শিল্পীৰ অনুৰাগীসকল।

কেইদিনমান পূৰ্বে ৰাজনৈতিক মহলত বেছ জনপ্ৰিয়তা লাভ কৰা হিমন্ত বিশ্ব শৰ্মাৰ নৃত্যক লৈ ৰাজ্যৰ দুগৰাকী শিল্পীৰ মাজত বিতৰ্কৰ সূত্ৰপাত ঘটিছছিল। যুৱ প্ৰজন্মৰ হাৰ্ট থ্ৰ’ব জুবিন গাৰ্গে এই নৃত্য নিজৰ বুলি দাবী কৰাৰ লগতে তেওঁৰ পৰা নৃত্যটো হিমন্ত বিশ্ব শৰ্মাই কপি কৰা বুলি ৰসিকতা কৰিছিল।

Apply Now

তাৰ পাছতেই হিমন্তক ৰক্ষণাবেক্ষণ দিয়াৰ বাবে উঠি-পৰি লাগিছিল বিজেপিৰ লোকসভা নিৰ্বাচনী প্ৰচাৰৰ গীত গোৱা কন্ঠশিল্পী সীমান্ত শেখৰ। তেওঁৰ মতে এয়া হিমন্ত বিশ্ব শৰ্মাৰ অৰিজিনেল নৃত্য, কপি নহয়। হিমন্ত বিশ্ব শৰ্মাই নচাৰ বাবে তেওঁৰ গীতটো বেছিকৈ জনপ্ৰিয়তা বৃদ্ধি পোৱা বুলি দাবী কৰিছিল সীমান্ত শেখৰে।

ৰসিকতা হিচাপে দুই এজন শিল্পীৰ মাজত সীমিত পৰ্য্যায়লৈকে কথাৰ কটা-কটি হোৱাটো স্বাভাৱিক। কিন্তু দুয়োগৰাকী শিল্পীৰ অনুৰাগীৰ মাজত বিষয়টোৱে লৈছিল অন্য এক ৰূপ। একাংশ অনুৰাগীয়ে বিষয়টোক ‘কটা ঘাঁত চেঙা তেল’ দিয়াৰ লেখীয়াকৈ ছ’চিয়েল মিডিয়াত বহলাই মেলি দিলে।

‘’আপুনি বছৰটোত যিমান অনুষ্ঠান কৰে, জুবিন গাৰ্গে সিমানখিনি অনুষ্ঠান কেনচেল কৰে। লেবেলটো অলপ কমাব,’‘-সীমান্তক উদ্দেশ্যি জুবিনৰ অনুৰাগীৰ ফেইচবুকত এই ভাষ্য।

ইপিনে, কোনো এগৰাকী শিল্পীয়ে মাননিৰ বিনিময়ত কোনো ৰাজনৈতিক দলৰ হৈ গীত পৰিবেশন কৰাটো স্বাভাৱিক কথা। গীত পৰিবেশন কৰিলেই তেওঁ কোনো ৰাজনৈতিক দলৰ সদস্য হ’ব নোৱাৰে। যিদৰে ২০১৬ চনত জুবিন গাৰ্গে বিজেপিৰ নিৰ্বাচনী প্ৰচাৰৰ গীত গাইছিল, ঠিক সেইদৰে ২০১৯ চনত সীমান্ত শেখৰে পালে সেই গান গোৱাৰ সুযোগ। তাক লৈয়ে একাংশ জুবিন অনুৰাগীয়ে সীমান্ত শেখৰক কটূ ভাষাৰে সমালোচনা কৰাত উঠি পৰি লাগিছে। যাৰ বাবে নিজৰ ফেইচবুক পেইজৰ জৰিয়তে দাৰ্জিলিঙৰ আঞ্চলিক দল বা নিৰ্বাচনী প্ৰচাৰৰ গীত গোৱা বুলিও স্পষ্টীকৰণ দিয়ে গায়কজনে।

অৱশ্যে, সীমান্ত শেখৰে বিহু মঞ্চত বিজেপি দলৰ প্ৰচাৰ গীত গোৱাটো কোনোপধ্যে গ্ৰহণযোগ্য নহয়। বিজেপিৰ নিৰ্বাচনী প্ৰচাৰৰ গীত বিহু মঞ্চত পৰিৱেশন কৰি ‘বিজেপিৰ পূৰ্ণ সমৰ্থক’ৰ পৰিচয় দিছিল গায়কজনে। তাক লৈ গায়কজন ক্ষুৰধাৰ সমালোচনাৰ সন্মুখীন হৈছে ছ’চিয়েল মিডিয়াত। এজনে কটাক্ষ কৰি ফেইচবুকত এইদৰে লিখিছিল ‘বিহু মঞ্চক বিহু মঞ্চ হৈ থাকিবলৈ দিয়ক, ৰাজনৈতিক মঞ্চ হ’বলৈ নিদিব।‘

প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে পূৰ্বেও অসমৰ দুগৰাকী হাৰ্টথ্ৰ’ব জুবিন গাৰ্গ আৰু অংগৰাগ পাপন মহন্তৰ ফেন ক্লাৱৰ মাজত তীব্ৰ বাক-বিতণ্ডাৰ সৃষ্টি হৈছিল। দুয়োপক্ষৰ অনুৰাগীসকলে অযথা যুক্তি তৰ্কৰে নিজৰ পচন্দৰ শিল্পীক শ্ৰেষ্ঠ বিবেচিত কৰাৰ ব্যৰ্থ প্ৰতিযোগিতাত নামি পৰিছিল। কিন্তু নিজ নিজ প্ৰেক্ষাপটত দুয়োগৰাকী শিল্পীয়ে অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে।

প্ৰশ্ন হয়, কিহৰ বাবে শিল্পীসমাজৰ সমান্তৰালকৈ তেওঁলোকৰ অনুৰাগীসকল হৈ পৰিছে ‘অসহিষ্ণু’? কোনো এগৰাকী শিল্পীয়ে কোৱা ‘পাতলীয়া’ কথাবোৰত অধিক গুৰুত্ব আৰোপ কৰি ছ’চিয়েল মিডিয়াত অপ্ৰীতিকৰ পৰিস্থিতি বা বিতৰ্কৰ ধুমুহাৰ সৃষ্টি কৰাৰ প্ৰৱণতা বৃদ্ধি পাইছে।

শিল্পীৰ পাতলীয়া আৰু ৰসিকতাসুলভ কথাবোৰত গুৰুত্ব আৰোপ কৰাতকৈ তেওঁলোকৰ কলাসুলভ আচৰণ, কন্ঠ আৰু বিচক্ষণতা পৰ্য্যবেক্ষণ কৰাটো অনুৰাগীসকলৰ বাবে সুফলদায়ক।

মনত ৰখা ভাল যে শিল্পীয়ে কৰা ভুলবোৰ আঙুলিয়াই দিয়াগৰাকীহে প্ৰকৃত অনুৰাগী। শিল্পীয়ে কৰা মাৰাত্মক ভুলকো ‘শুদ্ধ’ বুলি বিবেচনা কৰি তাক লৈ ওকালতি কৰাটো প্ৰকৃত অনুৰাগীৰ কাম হোৱা উচিত নহয়।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd