উত্তৰ-পূব সীমান্ত ৰে’লৱেই (এন এফ আৰ) অঞ্চলটোৰ ৰে’লযাত্ৰীসকলৰ বাবে ইয়াৰ দূৰণিবটীয়া আৰু যাত্ৰীবাহী ৰে’লসমূহত যাত্ৰীৰ বহন ক্ষমতা বৃদ্ধি কৰাৰ পদক্ষেপ হিচাপে স্থায়ীভাৱে অধিক দবাৰ সংযোজন ঘটোৱাৰ সিদ্ধান্ত লৈছে।
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ বেছিভাগ ৰে’লতে অতিৰিক্ত দবাসমূহ চলিত মাহৰ পৰা স্থায়ীভাৱে সংযোজিত কৰা হ’ব।
অহা ৬মে’ ২০১৯ৰ পৰা কাৰ্যকৰী হোৱাকৈ ৫৫৬১৫/৫৫৬১৬ গুৱাহাটী-শিলচৰ-গুৱাহাটী দ্ৰুত যাত্ৰীবাহী ৰে’লখনত এটা এ চি ৩ টায়াৰ দবা সংযোজন কৰা হ’ব।
উত্তৰ-পূব সীমান্ত ৰে’লৱেই লগতে কেইখনমান ৰে’লত তিনি আৰু চাৰিটা সাধাৰণ দ্বিতীয় শ্ৰেণীৰ দবা সংযোগ কৰাৰ পৰিকল্পনা কৰিছে।
আনহাতে, অহা ২৫মে’,২০১৯ত কাৰ্যকৰী হোৱাকৈ তিনিটা সাধাৰণ দ্বিতীয় শ্ৰেণীৰ দবা সংযোজন ঘটোৱা হ’ব নিউ বঙাইগাঁও আৰু গুৱাহাটীৰ মাজত চলা ৫৫৮০৩/৫৫৮০৪ যাত্ৰ্ৰীবাহী, ৫৫৮০৯/৫৫৮১০ যাত্ৰীবাহী আৰু ৫৫৮১৭/৫৫৮১৮ যাত্ৰীবাহী ৰে’লকেইখনত।
সেইদৰে, অহা ২৫মে’,২০১৯ত কাৰ্যকৰী হোৱাকৈ চাৰিটা সাধাৰণ দ্বিতীয় শ্ৰেণীৰ দবা সংযোজন ঘটোৱা হ’ব ৰঙাপাৰাৰ পৰা ৰঙিয়ালৈ চলি থকা ৫৫৮৯৩/৫৫৮৯৪ যাত্ৰ্ৰীবাহী আৰু ৫৫৮৯৫/৫৫৮৯৬ যাত্ৰ্ৰীবাহী ৰে’লকেইখনত।
এই সুবিধা লগতে অহা ২৫মে’,২০১৯ৰ পৰা কাৰ্যকৰী হোৱাকৈ আগৰতলা আৰু গাৰ্জিৰ মাজত চলি থকা ৫৫৬৮১/৫৫৬৮২ যাত্ৰীবাহী আৰু ৫৫৬৮৩/৫৫৬৮৪ যাত্ৰীবাহী ৰে’ল দুখনতো আগবঢ়োৱা হ’ব।
উত্তৰ-পূব সীমান্ত ৰে’লৱেই লগতে অহা ২৫মে’,২০১৯ৰ পৰাই কাৰ্যকৰী হোৱাকৈ আগৰতলা আৰু ধৰ্মনগৰৰ মাজত চলি থকা৫৫৬৭৯/৫৫৬৮০ যাত্ৰীবাহী ৰে’লখনতো এটা সাধাৰণ দ্বিতীয় শ্ৰেণীৰ দবা সংযোজন ঘটোৱাৰ পৰিকল্পনা কৰিছে।
যোৱা বছৰ উত্তৰ-পূব সীমান্ত ৰে’লৱেই বিভিন্ন ৰে’লত ২৮টা দবা স্থায়ী ৰূপত সংযোগ কৰিছে আৰু ৩০২ টা দবা সাময়িকভাৱে সংযোজিত কৰিছিল।