নগাঁও-কাৰ্বিআংলং সীমান্তৱৰ্তী পানীমূৰাত শনিবাৰে নিশা সংঘটিত হোৱা চাঞ্চল্যকৰ ডকাইতি কাণ্ডৰ লগত জড়িত তিনি দুৰ্ধৰ্ষ ডকাইতক আজি চামগুৰি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।
কলিয়াবৰ মহকুমা আৰক্ষী বিষয়া মৃন্ময় দাসৰ নেতৃত্বত চামগুৰি আৰক্ষীৰ এটা বিশেষ দলে ৰঙামাটিৰ পৰা গ্ৰেপ্তাৰ কৰে ডকাইত কেইটাক। আটকাধীন ডকাইতকেইটা ক্ৰমে ৰঙামাটিৰ কছাৰীবস্তিৰ ধৃত সাগৰ লোহাৰ, বিশ্বজিত তাঁতী আৰু বিকি গড় বুলি আৰক্ষী সূত্ৰে জানিব পৰা গৈছে।
আৰক্ষীয়ে ধৃত ডকাইতৰ দলটোৰ পৰা তিনিটা হস্তনিৰ্মিত বন্দুকসহ লুট কৰা সা-সামগ্ৰী আৰু আংশিক ধনো জব্দ কৰিবলৈ সক্ষম হয়।
উল্লেখযোগ্য যে শনিবাৰে নিশা ডকাইতৰ দলটোৱে পানীমুৰাত ডকাইতি কাণ্ড সংঘটিত কৰাৰ পাছতেই চামগুৰি আৰক্ষীৰ সৈতে মুখামুখি সংঘৰ্ষৰ সৃষ্টি হৈছিল আৰু ডকাইতৰ দলাটোৱে যুৱৰাজ ৱে’ৰ ঘৰৰ পৰা লুটি অনা এল্ট’ গাড়ীখন এৰি পলায়ন কৰে।
তাৰ পাছৰ পৰা চামগুৰি আৰক্ষীয়ে বৃহত্তৰ নগাঁও-কাৰ্বিআংলং সীমান্তৱৰ্তী অঞ্চলত তীব্ৰ অভিযান চলাই অৱশেষত ধৃত ডকাইত কেইটাক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।