• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অসমত স্থাপন কৰা হ’ব ১০০০ বিদেশী ন্যায়াধীকৰণ : উচ্চতম ন্যায়ালয়ক জনালে কেন্দ্ৰই

এন ই নাও নিউজ by এন ই নাও নিউজ
May 10, 2019 8:56 am
Foreigners-Tribunal

গোৱালপাৰাৰ বিদেশী ন্যায়াধীকৰণৰ কাৰ্যালয়।

974
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যখনত অবৈধ বিদেশী চিনাক্তকৰণৰ উদ্দেশ্যে ১০০০ খন বিদেশী ন্যায়াধীকৰণ স্থাপনৰ বাবে কেন্দ্ৰ আৰু অসম চৰকাৰে যৌথভাৱে উচ্চতম ন্যায়ালয়ত প্ৰস্তাৱ আগবঢ়াইছে।

অসমৰ ডিটেনশ্যন কেন্দ্ৰসমূহত আটক হৈ থকা লোকসকলৰ ভৱিষ্যৎ নিৰূপণৰ সৈতে জড়িত এটা গোচৰৰ শুনানিত বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ত এই সন্দৰ্ভত এক বিশদ প্ৰতিবেদন দাখিলৰ নিৰ্দেশ দিছে।

চৰকাৰৰ প্ৰতিনিধিয়ে কয় যে প্ৰথম পৰ্যায়ত ২০০ খন বিদেশী ন্যায়াধীকৰণ স্থাপন কৰা হ’ব আৰু বাকী ন্যায়াধীকৰণসমূহ পৰৱৰ্তী পৰ্যায়ত স্থাপন কৰা হ’ব।

এই সন্দৰ্ভত মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ, ন্যায়াধীশ দীপক গুপ্তা আৰু সঞ্জীৱ খান্নাৰ বিচাৰপীঠে এনে বৃহৎ সংখ্যক ন্যায়াধীকৰণৰ বাবে ন্যায়াধীশ নিযুক্তি সম্পৰ্কেও প্ৰশ্ন কৰে।

উচ্চতম ন্যায়ালয়ে বিশদ তথ্য উল্লেখেৰে এখন নতুনকৈ শপতনাম দাখিলৰ বাবে নিৰ্দেশ দিছে। আদালতে লগতে কয় যে যদি প্ৰয়োজন হয় গোচৰটোৰ শুনানিৰ বাবে গ্ৰীষ্মৰ বন্ধৰ সময়ত বিশেষ বিচাৰপীঠ গঠন কৰা হ’ব।

বিদেশী নাগৰিকসকলক বহিস্কাৰ কৰা সন্দৰ্ভত গ্ৰহণ কৰা ব্যৱস্থা সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে জানিব বিচৰাত মহাধিবক্তা তুষাৰ মেহতাই কয় যে বিষয়টো সন্দৰ্ভত বাংলাদেশ চৰকাৰৰ সৈতে উচ্চ পৰ্যায়ত আলোচনা চলি আছে।

মেহতাই কয় যে যিসকলে নিজকে বাংলাদেশী বুলি দাবী কৰে তেওঁলোকক বিতাৰণ কৰাত সমস্যা নাই, ‘’কিন্তু নিজকে বাংলাদেশী বুলি দাবী নকৰাসকলক লৈ সমস্যা হ’ব পাৰে।‘’

মেহতাই আদালতক জনায় যে গুৱাহাটীত থকা বাংলাদেশৰ উপ উচ্চায়ুক্তক ডিটেনশ্যন শিৱিৰত থকা বাংলাদেশী নাগৰিকক সাক্ষাৎ কৰাৰ অনুমতি দিয়া হৈছে।

আনহাতে, অধিবক্তা প্ৰশান্ত ভূষণে কয় যে আটকাধীন লোকসকলক দীৰ্ঘদিনৰ বাবে ডিটেনশ্যন কেম্পত ৰাখিব নোৱাৰে।

ইয়াৰ মাজতে সদৌ অসম ছাত্ৰ সন্থায়ো এই গোচৰটোত অংশ লোৱাৰ বাবে পৰিকল্পনা কৰিছে।

Recent News

আইএছএছলৈ ঐতিহাসিক এক্সিয়াম-৪ অভিযানৰ বাবে ৰাওনা হৈছে ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লা

আইএছএছলৈ ঐতিহাসিক এক্সিয়াম-৪ অভিযানৰ বাবে ৰাওনা হৈছে ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লা

অসমত ৰাষ্ট্ৰবিৰোধী আৰু সাম্প্ৰদায়িক কাৰ্যকলাপৰ বিৰুদ্ধে দমন অভিযান! পুনৰ দুজনক গ্ৰেপ্তাৰ

অসমত ৰাষ্ট্ৰবিৰোধী আৰু সাম্প্ৰদায়িক কাৰ্যকলাপৰ বিৰুদ্ধে দমন অভিযান! পুনৰ দুজনক গ্ৰেপ্তাৰ

পতঞ্জলিক অবৈধভাৱে মাটি আৱণ্টন! দুৰ্নীতিৰ অভিযোগত সাংসদ পদ হেৰুৱালে নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীয়ে

পতঞ্জলিক অবৈধভাৱে মাটি আৱণ্টন! দুৰ্নীতিৰ অভিযোগত সাংসদ পদ হেৰুৱালে নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীয়ে

গুৱাহাটীৰ ৰূপনগৰত ভূমিস্খলনঃ অব্যাহত আছে এনডিআৰএফৰ উদ্ধাৰ অভিযান

গুৱাহাটীৰ ৰূপনগৰত ভূমিস্খলনঃ অব্যাহত আছে এনডিআৰএফৰ উদ্ধাৰ অভিযান

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd