• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভকত চাপৰিৰ খহনীয়া প্ৰতিৰোধী আঁচনিৰ অনিয়ম সন্দৰ্ভত মাজুলীৰ নাগৰিক সমাজৰ সৈতে আলোচনা ব্ৰহ্মপুত্ৰ বোৰ্ডৰ অধ্যক্ষৰ

মিটু খাটনিয়াৰ by মিটু খাটনিয়াৰ
May 11, 2019 8:04 am
Screenshot_20190510-181755_Video Player

মাজুলীত ব্ৰহ্মপুত্ৰ বোৰ্ডৰ অধ্যক্ষ

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নামনি মাজুলীৰ ভকত চাপৰিত জিঅ’ বেগ সংস্থাপনেৰে খহনীয়া প্ৰতিৰোধ আঁচনি ৰূপায়ণত অনিয়ম হোৱা বুলি উঠা অভিযোগ সন্দৰ্ভত শীঘ্ৰে তদন্তৰ ব্যৱস্থা কৰিব ব্ৰহ্মপুত্ৰ বোৰ্ডে। মুখ্য মন্ত্ৰীৰ অনুৰোধত এই সম্পৰ্কীয় ৰাজহুৱা অভিযোগৰ বুজ ল’বলৈ বৃহস্পতিবাৰে নতুন দিল্লীৰ পৰা জৰুৰী ভাবে মাজুলীলৈ অহা ব্ৰহ্মপুত্ৰ বোৰ্ডৰ অধ্যক্ষ ৰাজীৱ যাদৱে শুকুৰবাৰে নদীদ্বীপ জিলাখনৰ নাগৰিক সমাজৰ প্ৰতিনিধিসকলৰ আগত এই কথা ঘোষণা কৰে।

শুকুৰবাৰে সন্ধিয়া ভকত চাপৰি এলেকাৰ খহনীয়া প্ৰতিৰোধমূলক কাম-কাজ পৰিদৰ্শনৰ লগতে স্থানীয় ৰাইজৰ মতামত গ্ৰহণৰ পাছত আজি  অধ্যক্ষগৰাকীয়ে গড়মূৰৰ আৱৰ্ত ভৱনত মাজুলীৰ বিভিন্ন দল-সংগঠনৰ প্ৰতিনিধি আৰু জ্যেষ্ঠ নাগৰিকৰ সৈতে বিষয়টো সন্দৰ্ভত আলোচনাত মিলিত হয়।

Apply Now

মাজুলীৰ ভাৰপ্ৰাপ্ত উপায়ুক্ত নৰেণ দাস, আৰক্ষী অধীক্ষক হীতেশ চন্দ্ৰ ৰায় আৰু মুখ্যমন্ত্ৰীৰ প্ৰতিনিধি ৰমেণ দত্তৰ উপস্থিতিত হোৱা আলোচনাত ব্ৰহ্মপুত্ৰ বোৰ্ডৰ অধ্যক্ষগৰাকীয়ে স্থানীয় নাগৰিক সমাজৰ প্ৰতিনিধিসকলৰ আগত জিঅ’ বেগৰ সংস্থাপনৰ ক্ষেত্ৰত হোৱা অনিয়মৰ শীঘ্ৰে তদন্ত কৰা হ’ব বুলি প্ৰতিশ্ৰুতি দিয়ে।

আনহাতে, এই তদন্ত ব্ৰহ্মপুত্ৰ বোৰ্ডৰ নিজৰ বিষয়াৰ দ্বাৰা নকৰি কেন্দ্ৰীয় জল আয়োগৰ উচ্চস্তৰীয় দলৰ দ্বাৰা স্বতন্ত্ৰভাৱে কৰিবলৈ ব্ৰহ্মপুত্ৰ বোৰ্ডে থিক কৰিছে বুলি উল্লেখ কৰি অধ্যক্ষগৰাকীয়ে এনে অনিয়মৰ ক্ষেত্ৰত  দোষীৰ বিৰূদ্ধে বিহিত ব্যৱস্থা লোৱা হ’ব বুলি মন্তব্য কৰে।

মাজুলীবাসী ৰাইজৰ অভিযোগক অতি গুৰুত্ব সহকাৰে গ্ৰহণ কৰি যাদৱে কয় যে ব্ৰহ্মপুত্ৰ বোৰ্ডৰ অধীনত চলি থকা মাজুলীৰ স্থায়ী সুৰক্ষা প্ৰকল্পৰ কামৰ গুণগত মান নিশ্চিত কৰাৰ বাবে এতিয়াৰে পৰা নিৰীক্ষণ প্ৰক্ৰিয়াক অধিক ফলপ্ৰসু কৰি তোলা হ’ব।

জিঅ’ বেগ সংস্থাপন কাৰ্য যাতে সম্পূৰ্ণ সঠিক ভাৱে হয়, সেয়া সুনিশ্চিত কৰিব পৰাকৈ মাজুলীৰ নাগৰিক সমাজৰ প্ৰতিনিধিক লগত লৈ অতি শীঘ্ৰে স্থানীয় নিৰীক্ষণ গোট এটাও গঠন কৰা হ’ব বুলি ব্ৰহ্মপুত্ৰ বোৰ্ডৰ মূৰব্বীগৰাকীয়ে আলোচনাকালত অৱগত কৰে।

তদুপৰি, ভকত চাপৰিকে ধৰি খহনীয়া আক্ৰান্ত আন অংশসমূহত আসন্ন বাৰিষাৰ সময়ছোৱাত প্ৰয়োজনীয় জৰুৰী খহনীয়া প্ৰতিৰোধমূলক কাৰ্য্য ব্যৱস্থা গ্ৰহণৰ বাবেও ব্ৰহ্মপুত্ৰ বোৰ্ডে ব্যৱস্থা ল’ব বুলি অধ্যক্ষ যাদৱে উল্লেখ কৰে। ইয়াৰ বাবে বোৰ্ডৰ যোৰহাট চক্ৰৰ অধীক্ষক তথা অভিযন্তা গয়া প্ৰসাদ সিঙক কেইদিনমানৰ বাবে মাজুলীত বাহৰ পাতি ভকত চাপৰি অংশৰ লগতে আন অংশসমূহত বাৰিষাৰ সময়ত হ’ব পৰা খহনীয়া প্ৰতিৰোধৰ জৰুৰী কাৰ্য্যপৰিকল্পনা আৰু ব্যয়ৰ প্ৰাক্কলন প্ৰস্তুত কৰিবলৈ অধ্যক্ষ গৰাকীয়ে দায়িত্ব অৰ্পণ কৰে।

আকৌ, কামৰ লেহেমীয়া গতিৰ বাবে ইতিমধ্যে টি কে ইঞ্জিনিয়াৰিঙক নিয়ম অনুসৰি জৰিমণা বিহা হৈছে বুলি অধ্যক্ষ গৰাকীয়ে নাগৰিক সমাজৰ প্ৰতিনিধিসকলৰ আগত সদৰি কৰে।

ব্ৰহ্মপুত্ৰ বোৰ্ডৰ অধ্যক্ষগৰাকীৰ লগত আলোচনাত জ্যেষ্ঠ নাগৰিক সন্থা, পেন্সনাৰ্ছ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, জিলা সাংবাদিক সন্থা, আপকুকে ধৰি কেইবাটাও সংগঠনৰ প্ৰতিনিধিয়ে ভাগ লয়।

মিটু খাটনিয়াৰ

মিটু খাটনিয়াৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘Legaltech Revolution: Artificial Intelligence and the Future of Justice’ গ্ৰন্থ উন্মোচন

‘Legaltech Revolution: Artificial Intelligence and the Future of Justice’ গ্ৰন্থ উন্মোচন

September 1, 2026 6:00 pm
৭.৮ শতাংশ জিডিপি বৃদ্ধিৰ দাবীক লৈ ৰিপুন বৰাৰ প্ৰশ্ন

৭.৮ শতাংশ জিডিপি বৃদ্ধিৰ দাবীক লৈ ৰিপুন বৰাৰ প্ৰশ্ন

September 1, 2026 5:39 pm
উত্তৰ-পূৰ্বাঞ্চলত তেল-গেছ অন্বেষণ আৰু উৎপাদন বৃদ্ধিৰ বাবে Beicip-Franlabৰ সৈতে Vedanta Oil & Gasৰ অংশীদাৰিত্ব

উত্তৰ-পূৰ্বাঞ্চলত তেল-গেছ অন্বেষণ আৰু উৎপাদন বৃদ্ধিৰ বাবে Beicip-Franlabৰ সৈতে Vedanta Oil & Gasৰ অংশীদাৰিত্ব

September 1, 2026 3:18 pm
মাতৃৰ মমতাৰ ওচৰত হাৰ মানিলে দাৰিদ্ৰ্যই! শাড়ী পিন্ধি মাৰাথন দৌৰি কন্যাৰ স্কুলৰ মাচুল যোগাৰ ৰমাবাইৰ

মাতৃৰ মমতাৰ ওচৰত হাৰ মানিলে দাৰিদ্ৰ্যই! শাড়ী পিন্ধি মাৰাথন দৌৰি কন্যাৰ স্কুলৰ মাচুল যোগাৰ ৰমাবাইৰ

September 1, 2026 3:17 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘Legaltech Revolution: Artificial Intelligence and the Future of Justice’ গ্ৰন্থ উন্মোচন

‘Legaltech Revolution: Artificial Intelligence and the Future of Justice’ গ্ৰন্থ উন্মোচন

September 1, 2026 6:00 pm
৭.৮ শতাংশ জিডিপি বৃদ্ধিৰ দাবীক লৈ ৰিপুন বৰাৰ প্ৰশ্ন

৭.৮ শতাংশ জিডিপি বৃদ্ধিৰ দাবীক লৈ ৰিপুন বৰাৰ প্ৰশ্ন

September 1, 2026 5:39 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd