গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হ’বলৈ আগবাঢ়িছে ৰাজ্যখনৰ ঠিকাভিত্তিত নিযুক্ত টে’ট শিক্ষকসকল। ইয়াৰ লগতে নতুন দিল্লীতো তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিব টে’ট শিক্ষকসকলে। এছ’চিয়েশ্যন অৱ এছ এছ এ-আৰ এম এছ এ টিচাৰ্ছ অৱ ইণ্ডিয়াৰ উদ্যোগত নতুন দিল্লীত ৰাজ্যৰ ঠিকাভিত্তিক টে’ট শিক্ষকসকলে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰিব।
শনিবাৰে গুৱাহাটীত অনুষ্ঠিত ৭খন ৰাজ্যৰ ঠিকাভিত্তিক নিযুক্ত টে’ট শিক্ষকসকলৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিনিধি সভাত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। দিচপুৰৰ গড়কাপ্টানী বিভাগৰ প্ৰশিক্ষণ আৰু সন্মিলন ভৱনত শনিবাৰে অনুষ্ঠিত প্ৰতিনিধি সভাত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা হয়।
সভাত প্ৰস্তাৱ গ্ৰহণ কৰা হয় যে যিকেইখন ৰাজ্য চৰকাৰে কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন মন্ত্ৰ্যালয়ৰ নিয়ম উলংঘা কৰি আছে তেনে ৰাজ্যৰ শিক্ষকসকল উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ বাহিৰে গত্যন্তৰ নাই। যিকেইখন ৰাজ্যত চৰকাৰ ঠিকাভিত্তিক শিক্ষকসকলৰ সপক্ষে আছে, তেওঁলোকে এইক্ষেত্ৰত কিছুদিন অপেক্ষা কৰিব।
ঠিকাভিত্তিক শিক্ষকৰ ৰাষ্ট্ৰীয় সংগঠনটোৰ সভাপতি অৰবিন্দ ৰাণাই এটা বিবৃতিযোগে এই বিষয়ে জানিবলৈ দিয়ে।
বিবৃতিটোত কোৱা হৈছে যে ৰাজ্য চৰকাৰৰ বঞ্চনাৰ বিৰুদ্ধে শিক্ষকসকলে নতুন দিল্লীত প্ৰতিবাদ সাব্যস্ত কৰি কেন্দ্ৰীয় চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিব। ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিনিধি সভাখনত অসমৰ উপৰি ছট্টিশগড়, দিল্লী, অৰুণাচল প্ৰদেশ, মেঘালয়, মিজোৰাম আৰু ত্ৰিপুৰাৰ ঠিকাভিত্তিক শিক্ষক সংগঠনৰ বিষয়ববীয়াসকলে অংশগ্ৰহণ কৰে।
আনহাতে, কেন্দ্ৰৰ নিৰ্দেশ অনুসৰি স্থায়ী পদত নিযুক্তিৰ বাবে ঠিকাভিত্তিক টে’ট শিক্ষকসকলে আন্দোলন কৰি আহিছে যদিও ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে বিষয়টোত বিশেষ গুৰুত্ব আৰোপ কৰা নাই। অসমত বৰ্তমান প্ৰায় ৪১ হাজাৰ টে’ট উত্তীৰ্ণ শিক্ষকে ঠিকাভিত্তিত চাকৰি কৰি আছে।