• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিষয়াই নামানিলে পথ মেৰামতিৰ সোণোৱালৰ হুকুম, তেওঁৰ মুখ্য মন্ত্ৰী হৈ থকাৰ অধিকাৰ আছেনে? : তৰুণ গগৈ

“হিমন্তৰ বিভাগৰ বিষয়াই নামানে মুখ্য মন্ত্ৰীৰ হুকুম”, “মোদী মিছা কথাৰ ফেক্টৰি”

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
May 14, 2019 7:43 pm
Tarun Gogoi

ৰাজীৱ ভৱনত সংবাদমেলত প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈ।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কিছুদিন পূৰ্বে অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে উজনি অসমৰ পথৰ দুৰৱস্থা নিজেই দেখি ৰাস্তাত গাড়ীৰ পৰা নামি বিষয়াক অনতি বিলম্বে পথ মেৰামতিৰ নিৰ্দেশ দিছিল। কিন্তু মুখ্য মন্ত্ৰীৰ নিৰ্দেশৰ পাছতো এই গা লৰা নাই গড়কাপ্তানী বিভাগৰ বিষয়াসকলৰ।

বিষয়াই মুখ্য মন্ত্ৰীৰ নিৰ্দেশলৈ কৰ্ণপাত নকৰা বুলি আজি ৰাজীৱ ভৱনত আয়োজিত এখন সংবাদমেলত প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে সোণোৱালক কটাক্ষ কৰে।

Apply Now

“তেওঁ মুখ্য মন্ত্ৰীয়ে নে?” প্ৰশ্ন তৰুণ গগৈৰ।

গগৈয়ে তীব্ৰ কটাক্ষৰে আকৌ কয়, “তেওঁ ছুপাৰিনটেণ্ডেণ্ট ইঞ্জিনিয়াৰৰ বাবেও যোগ্য নহয়। ছুপাৰিনটেণ্ডেণ্ট ইঞ্জিনিয়াৰ, এক্সিকিউটিভ ইঞ্জিনিয়াৰৰ হুকুমো পালন হয়। মুখ্য মন্ত্ৰীয়ে হুকুম এই বাৰেই নহয়, হুকুম দিয়েই থাকে। তাৰ পাছতো যদি তেওঁৰ নিৰ্দেশ পালন নহয়, তেওঁ ব্যৱস্থা গ্ৰহণ নকৰে কিয়? তেওঁৰ আৰু মুখ্য মন্ত্ৰী হৈ থকাৰ অধিকাৰ আছে নে নাই সেয়া তেওঁ নিজেই অনুভৱ কৰা উচিত”।

ইপিনে ব্ৰহ্মপুত্ৰৰ খহনীয়া ৰোধৰ বাবে কিছুদিন পূৰ্বে বিভাগীয় কৰ্তৃপক্ষক মুখ্য মন্ত্ৰী সোণোৱালে শীঘ্ৰেই কাম সম্পূৰ্ণ কৰাৰ নিৰ্দেশ দিয়া সন্দৰ্ভতো প্ৰাক্তন মুখ্য মন্ত্ৰী গগৈয়ে সমালোচনা কৰে।

এতিয়া কাম সম্পূৰ্ণ কাৰৰ নিৰ্দেশ দিয়াৰ সময় নহয়, মুখ্য মন্ত্ৰীয়ে কাম কিমান আগ বাঢ়িল তাৰহে পৰ্য্যালোচনা কৰা উচিত, গগৈয়ে কয়।

ইপিনে গুৱাহাটীৰ মেট্ৰ’ ৰে’ল প্ৰসংগতো সৰৱ হয় তৰুণ গগৈ। বিজেপি চৰকাৰে গুৱাহাটীৰ মেট্ৰ’ ৰে’লৰ ডি পি আৰ, ফিজিবিলিটি ৰিপ’ৰ্ট হ’বলৈ বাকী আছে বুলি কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া ব্যক্তি কৰে গগৈয়ে।

“গুৱাহাটীৰ মেট্ৰ’ ৰে’লৰ বাবে ফিজিবিলিটি ৰিপ’ৰ্ট, তাৰ পাছত ডি পি আৰ প্ৰস্তুত আটাইখিনিয়ে আমাৰ দিনত হৈছে। তাৰ পাছত আধাৰশিলা স্থাপন কৰিছো। এইবিলাক কথা তেওঁলোকে নাজানেই। মই চেলেঞ্জ কৰিছো এই তথ্য মই উলিয়াই দিব পাৰিম। আমি সম্পূৰ্ণ কৰিব নোৱৰা কামটো তেওঁলোকে আগ বঢ়োৱা নাই কিয়?” ইয়াৰ পূবৰ চৰকাৰখনৰ নেতৃত্বত থকা তৰুণ গগৈয়ে কয়।

একেখন সংবাদমেলতে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এটা টেলিভিশ্যন চেনেলত সাক্ষাৎকাৰ দি বালাকোটৰ এয়াৰ ষ্ট্ৰাইক আৰু ৯০-ৰ দশকতে ডিজিটেল কেমেৰা ব্যৱহাৰ আৰু ই-মেইল কৰা বুলি কৰা মন্তব্যকো টানি আনে। মোদীক কটাক্ষ কৰি কয়, “যিমানেই নিৰ্বাচনৰ শেষ পৰ্য্যায়লৈ আহি আছে প্ৰধান মন্ত্ৰীগৰাকীয়ে সিমানেই আবোল-তাবোল বকিবলৈ লৈছে”।

গগৈয়ে লগতে কয়, “মোদীয়ে হতাশাত ভুগিছে আৰু মূল ইছ্যুৰ পৰা ফালৰি কাটিবলৈ চেষ্টা কৰিছে। নতুবা তেওঁ যিদৰে যি টি কথা ক’বলৈ লৈছে তেওঁ হয়তো ডিমেনচিয়াত ভুগিছে”।

দেশৰ মূল ইছ্যু নিবনুৱা সমস্যা, শিক্ষা, যাতায়াত, স্বাস্থ্য, ক’লাধন আৰু তেওঁ দিয়া আশ্বাসসমূহৰ কথা নকৈ এতিয়া প্ৰধান মন্ত্ৰী মোদী এতিয়া মিছা কথাৰ ফেক্টৰিত পৰিণত হোৱা বুলিও গগৈয়ে মন্তব্য কৰে।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

অষ্ট্ৰেলিয়াত বৃহৎ অবৈধ পঁইতাচোৰাৰ ফাৰ্ম উৎখাত, জব্দ কোটি টকা মূল্যৰ ১ লাখ পঁইতাচোৰা

অষ্ট্ৰেলিয়াত বৃহৎ অবৈধ পঁইতাচোৰাৰ ফাৰ্ম উৎখাত, জব্দ কোটি টকা মূল্যৰ ১ লাখ পঁইতাচোৰা

June 6, 2026 3:11 pm
ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদ: হাতত গোলাপ লৈ প্ৰতিবাদস্থলীত উপস্থিত সোনম ৱাংচুক, শ্লোগানেৰে কঁপিল দিল্লী

ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদ: হাতত গোলাপ লৈ প্ৰতিবাদস্থলীত উপস্থিত সোনম ৱাংচুক, শ্লোগানেৰে কঁপিল দিল্লী

June 6, 2026 2:54 pm
ভাৰতীয় টি-২০ দলত বৈভৱৰ অভিষেক; সূৰ্য্যকুমাৰ বাহিৰ, নতুন অধিনায়ক শ্ৰেয়াছ আয়াৰ

ভাৰতীয় টি-২০ দলত বৈভৱৰ অভিষেক; সূৰ্য্যকুমাৰ বাহিৰ, নতুন অধিনায়ক শ্ৰেয়াছ আয়াৰ

June 6, 2026 2:37 pm
দিল্লীত ছীল হ’ব ১৭.৫ মিটাৰতকৈ ওখ সকলো অবৈধ অট্টালিকা: মালৱীয় নগৰত ২১ জনৰ মৃত্যুৰ পাছত সাৰ পালে চৰকাৰ

দিল্লীত ছীল হ’ব ১৭.৫ মিটাৰতকৈ ওখ সকলো অবৈধ অট্টালিকা: মালৱীয় নগৰত ২১ জনৰ মৃত্যুৰ পাছত সাৰ পালে চৰকাৰ

June 6, 2026 2:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অষ্ট্ৰেলিয়াত বৃহৎ অবৈধ পঁইতাচোৰাৰ ফাৰ্ম উৎখাত, জব্দ কোটি টকা মূল্যৰ ১ লাখ পঁইতাচোৰা

অষ্ট্ৰেলিয়াত বৃহৎ অবৈধ পঁইতাচোৰাৰ ফাৰ্ম উৎখাত, জব্দ কোটি টকা মূল্যৰ ১ লাখ পঁইতাচোৰা

June 6, 2026 3:11 pm
ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদ: হাতত গোলাপ লৈ প্ৰতিবাদস্থলীত উপস্থিত সোনম ৱাংচুক, শ্লোগানেৰে কঁপিল দিল্লী

ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদ: হাতত গোলাপ লৈ প্ৰতিবাদস্থলীত উপস্থিত সোনম ৱাংচুক, শ্লোগানেৰে কঁপিল দিল্লী

June 6, 2026 2:54 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd