• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

“খিলঞ্জীয়া বিৰোধী ভাইৰাচ” ৰ’মিঅ’ লিংদ’ক হত্যা এইচ এন এল চিৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
May 14, 2019 7:00 pm
Meghalaya: HNLC claims responsibility for killing Romeo Lyngdoh

অজ্ঞাত স্থানত এইচ এন এল চি কেদাৰ। ছবি সৌজন্য-- Northeast Today।

1.2k
VIEWS
Share on FacebookShare on Twitter

“খিলঞ্জীয়াবিৰোধী ভাইৰাচ”ৰূপে অভিহিত কৰি মেঘালয়ৰ ৰ’মিঅ’ লিংদ’ নামৰ এজন লোকক হত্যা কৰিছে খাচি বিদ্ৰোহী সংগঠন এইচ এন এল চি (Hynñiewtrep National Liberation Council)-এ।

দেওবাৰে ৰাতি ভাৰত-বাংলা সীমান্তৰ সমীপৰ ইস্ত খাচি হিলচ জিলাৰ অন্তৰ্গত লাপালাং গাঁৱত তেওঁক গুলীয়াই হত্যা কৰা বুলি সংগঠনটোৱে দায়িত্ব স্বীকাৰ কৰিছে।

“এইচ এন এল চি আৰু খিলঞ্জীয়া বিৰোধী কাৰ্য্যকলাপ চলোৱা ৰ’মিঅ’ লিংদ’ হত্যাৰ বাবে আমাৰ সেনানী দায়ী,” মঙলবাৰে সন্ধিয়া ই মে’ইলযোগে জনায় সংগঠনটোৰ সাধাৰণ সম্পাদক তথা প্ৰচাৰ সচিব চাইনকুপাৰ নংত্ৰৱে।

লগতে পঢ়ক– ‘হিন্দুত্বৰ বীজ’ সিঁচা ন্যায়াধীশৰ পদত্যাগ দাবী মেঘালয়ৰ নিষিদ্ধ বিদ্ৰোহী সংগঠনৰ

সংগঠন আৰু খিলঞ্জীয়া (Jaidbynriew)বিৰোধী কাৰ্য্যকলাপৰ লগতে “চোৰাংচোৱাগিৰি”ৰ অভিযোগো লিংদ’ৰ বিৰুদ্ধে সংগঠনটোৱে উত্থাপন কৰিছে।

মেঘালয় আৰক্ষীৰ “এ’জেন্ত” লিংদ’ই স্থানীয় এলেকাৰ লগতে বাংলাদেশতো চোৰাংচোৱা নিয়োগৰ কাম কৰিছিল বুলি চুবুৰীয়া দেশখনত আশ্ৰয় লৈ থকা বিদ্ৰোহী সংগঠনটোৱে দাবী কৰিছে।

লিংদ’ক এক দশকতকৈয়ো অধিক কাল মাৰিবলৈ খেদি থকা বুলিও সংগঠনটোৱে সদৰী কৰিছে।

“আমি তেওঁক ২০০৮চনৰে পৰা মাৰিবলৈ চাই আছিলো…২০১৬ত পিনুৰচলাত আমাৰ সদস্য আই ই দিৰ সৈতে ধৰা পৰিছিল, তেঁৱেই আমাৰ সদস্য সম্পৰ্কে আৰক্ষীক খবৰ দিছিল কাৰণ চোৰাংচোৱা বুলি গম নাপাই আমাৰ সদস্যই তেওঁৰ গাড়ী বুক কৰিছিল,” সংগঠনটোৰ বিবৃতি।

সংগঠনটোৱে লগতে জনাই যে আৰু কেইবাজনো লোক তেওঁলোকৰ হিত লিস্তত আছে।

“আমি প্ৰথমে মাৰিম আৰু তাৰ পিছত আমাৰ দাবীৰ বৈধতা প্ৰতিপন্ন কৰিম,” সংগঠনটোৱে জনায়।

লগতে পঢ়ক– স্বাধীন খাচিলেণ্ডৰ স্বপ্নৰে বাংলাদেশত পুনৰ সংগঠিত এইচ এন এল চি

আনহাতে হিংসাক সমাধান নহয় বুলি ঘোষণা কৰি সংগঠনটোৱে লগতে কয় যে হিংসাৰ মোকাবিলাত চৰকাৰে যেতিয়ালৈকে হিংসাৰ ব্যৱহাৰ কৰিব, তেতিয়ালৈকে তেওঁলোকৰো হিংসা থাকিব।

“ত্ৰিগাৰ টিপিবলৈ আমাৰ আঙুলি সাজু আছে, আৰু গুলীক শত্ৰুৰ বুকু বিদীৰ্ণ কৰিবলৈ দিয়া হওক,” সংগঠনটোৰ বিবৃতি।

আৰক্ষী সূত্ৰই জনোৱা মতে, দেওবাৰে নিশা প্ৰায় ১০ বজাত লিংদ’ক ঘৰৰ পৰা মাতি নিয়া হৈছিল।

কেইবাজনো প্ৰতিষ্ঠাপক শীৰ্ষ নেতাই অব্যাহতি লোৱাৰ পিছত বাংলাদেশত শেহতীয়াকৈ পুনৰ সংগঠিত হৈছে স্বাধীন খাচিলেন্দৰ দাবীদাৰ সংগঠনটো।

Recent News

ঘোষণা হ’ল ২০২৫ ৰ চিবিএছই দ্বাদশ শ্ৰেণীৰ ফলাফল: ৮৮.৩৯% উত্তীৰ্ণৰ হাৰ, ল’ৰাক পুনৰ অতিক্ৰম কৰিলে ছোৱালীয়ে

ঘোষণা হ’ল ২০২৫ ৰ চিবিএছই দ্বাদশ শ্ৰেণীৰ ফলাফল: ৮৮.৩৯% উত্তীৰ্ণৰ হাৰ, ল’ৰাক পুনৰ অতিক্ৰম কৰিলে ছোৱালীয়ে

ভুৱা এক্স একাউণ্ট সন্দৰ্ভত চৰকাৰৰ সতৰ্কবাণী! আনুষ্ঠানিক এক্স একাউণ্ট নই ব্যোমিকা সিং আৰু ছফিয়া কুৰেশীৰ

ভুৱা এক্স একাউণ্ট সন্দৰ্ভত চৰকাৰৰ সতৰ্কবাণী! আনুষ্ঠানিক এক্স একাউণ্ট নই ব্যোমিকা সিং আৰু ছফিয়া কুৰেশীৰ

ঘন জংঘলত চলোৱা হৈছিল ‘অপাৰেচন সংকল্প’; ছত্তীশগড়-তেলেংগানা সীমান্তত নিহত ৩১মাওবাদী

ঘন জংঘলত চলোৱা হৈছিল ‘অপাৰেচন সংকল্প’; ছত্তীশগড়-তেলেংগানা সীমান্তত নিহত ৩১মাওবাদী

১৯ মে’ত ভাৰত-পাকিস্তানৰ পৰিস্থিতিৰ বিষয়ে সংসদত সম্বোধন কৰিব বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে

১৯ মে’ত ভাৰত-পাকিস্তানৰ পৰিস্থিতিৰ বিষয়ে সংসদত সম্বোধন কৰিব বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd