• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, October 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মহানগৰীত এইবাৰ মহিমাযুক্ত “বাবা”ৰ সন্ত্ৰাস; নৰবলি লোৱাৰ হুংকাৰ

ঘৰতেই পাতি লৈছে “শ্ৰীশ্ৰী মহামৃত্যুঞ্জয় জাগ্ৰত গণ মহাশক্তিপীঠ”; মাজে মাজে চিঞৰে “বলি লাগে, তেজ খাম”

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
May 20, 2019 7:01 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰতিৱেশীক আতংকিত কৰি খোদ ৰাজধানী মহানগৰীতে ধৰ্ম, মন্দিৰ, দেৱ-দেৱী, পূজা-পাতলৰ নামত বহিছে অন্ধবিশ্বাসৰ পোহাৰ।

মহানগৰীৰ কাহিলিপাৰাৰ সোণাইঘুলিত এজন বাবা ৰূপী যুৱকে ধৰ্মৰ নাম লৈ অদ্ভুত আচৰণেৰে অঞ্চলটোত আশান্তি আৰু সন্ত্ৰাস সৃষ্টি কৰাৰ অভিযোগ আনিছে অতিষ্ঠ হৈ পৰা প্ৰতিৱেশীসকলে।

Apply Now

স্থানীয় লোকসকলৰ অভিযোগ, ৰবীন ৰাজবংশী নামৰ যুৱকজনে মোমায়েকৰ ঘৰতে এটা মন্দিৰ স্থাপন কৰি যোৱা প্ৰায় এবছৰ ধৰি দেখুৱাই আহিছে অস্বাভাৱিক আচৰণ আৰু উন্মাদনা।

আতংকিত এগৰাকী চুবুৰীয়া মহিলাই সংবাদ মাধ্যমৰ আগত ক’লে, “যুৱকজনে ভগৱানৰ নামত আমাৰ ওচৰ-চুবুৰীয়াসকলক আতংকত ভোগাই আছে। তেওঁ দা-কুঠাৰ লৈ ওচৰ চুবুৰীয়াক মাৰিবলৈ খেদি যায়। বলি লাগে, তেজ খাম আদি কৈ দা হাতত লৈ মানুহক খেদি যায়”।

পূজাৰ নামত দিনে-নিশাই উচ্চ হাৰত মাইক বজাই পৰিৱেশ বিনষ্ট কৰাৰ লগতে প্ৰতিৱেশীৰ ছাত্ৰ-ছাত্ৰীক পঢ়াত অসুবিধা দিয়ে। ইয়াৰ বিৰোধিতা কৰাজনকেই মাৰিবলৈ খেদি যোৱাৰ অভিযোগ কৰে মহিলাগৰাকীয়ে।

“বাবা” ৰবীন ৰাজবংশীয়ে অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰে চোকা দা, ত্ৰিশূল, গদা আদি সামগ্ৰী। তেওঁ নিজৰ ঘৰতেই “শ্ৰীশ্ৰী মহামৃত্যুঞ্জয় জাগ্ৰত গণ মহাশক্তিপীঠ” নামেৰে এটা মন্দিৰ স্থাপন কৰি চলাই আছে। ধৰ্মৰ নামত চলোৱা এই কাৰবাৰত বিভিন্ন ৰোগৰ বিধানো দিয়ে “বাবা” ৰবীনে।

“তেওঁক যি সকলে সহযোগ নকৰে তেওঁলোকক সদায় প্ৰাণনাশৰ ভাবুকি দিয়ে। দেওবাৰেও চুবুৰীয়াক তেওঁ দা লৈ খেদি আহিছিল। ইয়াৰ পূৰ্বে এজন যুৱকক ত্ৰিশূলেৰে আক্ৰমণ কৰিছিল”, আন এজন প্ৰতিৱেশীৰ ভাষ্য।

আন এগৰাকী মহিলাই কয় যে ওচৰৰ প্ৰতিটো পৰিয়ালৰ এজন এজন মানুহৰ নাম লৈ চিঞৰে কোনোবা কোনোবাৰ বলি দিয়াৰ হুংকাৰ দিয়ে।

“মেট্ৰিক পৰীক্ষা, হায়াৰ ছেকেণ্ডাৰি পৰীক্ষা, ল পৰীক্ষা আদি যিকোনো পৰীক্ষাৰ সময়ত ছাত্ৰ-ছাত্ৰীৰ কথা চিন্তা নকৰে, ৰুগীয়া মানুহৰ কথা চিন্তা নকৰে, পূজা-পাতল পতাৰ সময়ত দুফালে দুটা মুখ থকা মাইক লগাই দি সকলোকে ডিষ্টাৰ্ব কৰে”, মহিলা গৰাকীয়ে কয়।

ইপিনে, “বাবা”ৰ এই কাৰ্য্যক প্ৰশ্ৰয় দিছে আন একাংশ লোকে। এখন সমিতি গঠন কৰি “বাবা”ৰ কাৰ্য্যকলাপত তেওঁলোকে সহযোগ আগ বঢ়াই আহিছে। বাবাৰ ওচৰলৈ প্ৰতিদিনে আহে একাংশ ভক্ত।

অন্ধবিশ্বাসৰ গ্ৰাসত পৰি সেইসকল ভক্তই ৰবীন ৰাজবংশীৰ বিশেষ অলৌকিক ক্ষমতা থকা বুলি দাবী কৰে। সংবাদ মাধ্যমৰ আগত তেওঁলোকে প্ৰকাশ কৰিলে “বাবা” ৰবীনে ভূত-বীৰা খেদাৰ কাহিনী।

আনহাতে, স্থানীয় অতিষ্ঠ লোকসকলে কেইবাবাৰো আৰক্ষীক বিষয়টো অৱগত কৰিছে যদিও আৰক্ষীয়ে গুৰুত্বসহকাৰে নোলোৱাৰ অভিযোগ কৰে। সোমবাৰে স্থানীয় লোকৰ অনুৰোধত এই স্থানলৈ যায় অন্ধবিশ্বাস বিৰোধী কৰ্মী দিব্যজ্যোতি শইকীয়া। শইকীয়াৰ সহযোগত স্থানীয় লোকসকলে ওদালবাক্ৰা আৰক্ষী চকীলৈ গৈ অঞ্চলটোৰ শান্তি-শৃংখলা অটুট ৰখা আৰু যুৱকজনৰ এনে কাৰ্য্য নিয়ন্ত্ৰণ কৰাৰ দাবী কৰে।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

নিৰ্বাচন আয়োগৰ ৬, ৭ আৰু ৮ নম্বৰ প্ৰ-পত্ৰক লৈ কিয় ইমান বিতৰ্ক? ন্যায়ালয়ত সন্মুখীন হ’বলগীয়া হৈছে কঠোৰ প্ৰশ্নৰ

নিৰ্বাচন আয়োগৰ ৬, ৭ আৰু ৮ নম্বৰ প্ৰ-পত্ৰক লৈ কিয় ইমান বিতৰ্ক? ন্যায়ালয়ত সন্মুখীন হ’বলগীয়া হৈছে কঠোৰ প্ৰশ্নৰ

October 5, 2026 6:13 pm
নগাঁৱৰ ভোটাৰলৈ মুকলি পত্ৰ হীৰেন গোহাঁইৰ! মুখ্যমন্ত্ৰীৰ মন্তব্য, আদানী প্ৰসংগ আৰু উচ্ছেদক লৈ চৰকাৰক তীব্ৰ আক্ৰমণ

নগাঁৱৰ ভোটাৰলৈ মুকলি পত্ৰ হীৰেন গোহাঁইৰ! মুখ্যমন্ত্ৰীৰ মন্তব্য, আদানী প্ৰসংগ আৰু উচ্ছেদক লৈ চৰকাৰক তীব্ৰ আক্ৰমণ

October 5, 2026 5:13 pm
‘উচটনিমূলক ভাষণ’ দিয়া নেতাৰ বিৰুদ্ধে ৰুজু নহয় গোচৰ! দিল্লী উচ্চ ন্যায়ালয়ত খাৰিজ ১৫খনকৈ আবেদন

‘উচটনিমূলক ভাষণ’ দিয়া নেতাৰ বিৰুদ্ধে ৰুজু নহয় গোচৰ! দিল্লী উচ্চ ন্যায়ালয়ত খাৰিজ ১৫খনকৈ আবেদন

October 5, 2026 3:56 pm
জ্ঞানেশ কুমাৰ গোচৰত নিৰ্বাচন আয়োগক জাননী উচ্চতম ন্যায়ালয়ৰ; কি ক’লে দেশৰ শীৰ্ষ আদালতে?

জ্ঞানেশ কুমাৰ গোচৰত নিৰ্বাচন আয়োগক জাননী উচ্চতম ন্যায়ালয়ৰ; কি ক’লে দেশৰ শীৰ্ষ আদালতে?

October 5, 2026 2:11 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিৰ্বাচন আয়োগৰ ৬, ৭ আৰু ৮ নম্বৰ প্ৰ-পত্ৰক লৈ কিয় ইমান বিতৰ্ক? ন্যায়ালয়ত সন্মুখীন হ’বলগীয়া হৈছে কঠোৰ প্ৰশ্নৰ

নিৰ্বাচন আয়োগৰ ৬, ৭ আৰু ৮ নম্বৰ প্ৰ-পত্ৰক লৈ কিয় ইমান বিতৰ্ক? ন্যায়ালয়ত সন্মুখীন হ’বলগীয়া হৈছে কঠোৰ প্ৰশ্নৰ

October 5, 2026 6:13 pm
নগাঁৱৰ ভোটাৰলৈ মুকলি পত্ৰ হীৰেন গোহাঁইৰ! মুখ্যমন্ত্ৰীৰ মন্তব্য, আদানী প্ৰসংগ আৰু উচ্ছেদক লৈ চৰকাৰক তীব্ৰ আক্ৰমণ

নগাঁৱৰ ভোটাৰলৈ মুকলি পত্ৰ হীৰেন গোহাঁইৰ! মুখ্যমন্ত্ৰীৰ মন্তব্য, আদানী প্ৰসংগ আৰু উচ্ছেদক লৈ চৰকাৰক তীব্ৰ আক্ৰমণ

October 5, 2026 5:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd