• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

লাভজনক গেলেকী তৈলক্ষেত্ৰ বিদেশী কোম্পানিক গতোৱাৰ ষড়যন্ত্ৰৰ বিৰুদ্ধে দল-সংগঠনৰ প্ৰতিবাদ

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
May 22, 2019 6:47 am
Geleki ONGC

গেলেকী তৈলক্ষেত্ৰ ব্যক্তিগত কোম্পানিক গতোৱাৰ বিৰুদ্ধে প্ৰতিবাদ। ২১ মে'ত, নাজিৰাত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শিৱসাগৰৰ অ’ এন জি চিৰ লাভজনক তৈলক্ষেত্ৰ গেলেকী তৈলক্ষেত্ৰ বিদেশী কোম্পানি শ্লাম বাৰ্জাৰক গতোৱাৰ সিদ্ধান্তৰ বিৰুদ্ধে পৃথকে পৃথকে  তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে আছু আৰু পূৰ্বাঞ্চল এমপ্লইজ এছ’চিয়েশ্যনে।

সদৌ অসম ছাত্ৰ সন্থা শিৱসাগৰ জিলা সমিতিয়ে মঙলবাৰে দিনৰ ১১.৩০ বজাত অ’ এন জি চি অসম সম্পদ, নাজিৰাৰ কাৰ্য্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে। জিলাখনৰ কেইবা শতাধিক আছুকৰ্মীয়ে  নাজিৰাস্থিত অ’ এন জি চিৰ কাৰ্য্যবাহী সঞ্চালকৰ কাৰ্য্যালয়ৰ সন্মুখত বিভিন্ন শ্ল’গান দিয়ে। প্ৰথম অৱস্থাত অ’ এন জি চিৰ বিষয়া এগৰাকী আহি আছুৰ দাবীপত্ৰ গ্ৰহণ কৰিব বিচাৰে যদিও আছুৰ নেতা-কৰ্মীৰ তীব্ৰ প্ৰতিবাদত সেও মানি অ’ এন জি চিৰ অসম সম্পদৰ কাৰ্য্যবাহী সঞ্চালকগৰাকী আহি প্ৰতিবাদী আছু কৰ্মীসকলৰ পৰা দাবী পত্ৰ গ্ৰহণ কৰে।

Apply Now

দাবীপত্ৰত আছুৱে, স্পষ্টভাৱে কয় যে, শিৱসাগৰ জিলাৰ গেলেকী তৈলক্ষেত্ৰ অ’ এন জি চিৰ অসম সম্পদৰ অধীনৰ সৰ্বাধিক লাভজনক আৰু উৎপাদনক্ষম তৈলক্ষেত্ৰ। শেহতীয়াকৈ এই তৈলক্ষেত্ৰখন উৎপাদন বৃদ্ধি চুক্তিৰ অধীনত মাৰ্কিন প্ৰতিষ্ঠান শ্লাম বাৰ্জাৰক হস্তান্তৰ কৰিবলৈ ওলোৱাটো কোনো, কাৰণতে গ্ৰহণযোগ্য নহয়। এইখন তৈলক্ষেত্ৰৰ পৰা অসম সম্পদৰ সৰ্বমুঠ উৎপাদনৰ পঞ্চাশ শতাংশতকৈও অধিক খাৰুৱা তেলৰ উৎপাদন আহে। গেলেকীৰ এই তৈলক্ষেত্ৰই অ’ এন জি চিয়ে বৰ্তমান উৎপাদন কৰি থকা খাৰুৱাতেলৰ পৰিমাণতকৈ আৰু অধিক পৰিমাণৰ তেল উৎপাদন কৰিব পাৰিব বুলি এক সমীক্ষাৰ যোগেদি কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰ্যালয় অৱগত। পৰৱৰ্তী সময়ত প্ৰায় ২৬২ কোটি টকা ব্যয় সপেক্ষে গেলেকীৰ তৈলক্ষেত্ৰৰ উন্নয়ন সাধন কৰি বৰ্তমান ৰহস্যজনক কাৰণত এই তৈলক্ষেত্ৰখন বিদেশী প্ৰতিষ্ঠানক হস্তান্তৰ কৰিব বিচাৰিছে।

সদৌ অসম ছাত্ৰ সন্থাই লগতে দাবী কৰে যে শ্লাম বৰ্জাৰৰ লগত হোৱা চুক্তি বাতিল কৰি অ’ এন জি চিয়ে নিজা উদ্যোগ গ্ৰহণ কৰি এই তৈলক্ষেত্ৰৰ পৰা উৎপাদন অব্যাহত ৰাখক।

আছুৰ প্ৰতিবাদী কাৰ্যসূচীত কেন্দ্ৰীয় শিক্ষা সম্পাদক শৰৎ হাজৰিকা, জিলা ছাত্ৰ সন্থাৰ সমীৰণ ফুকন, দীপাংকৰ শইকীয়া, মানৱজ্যোতি কলিতাকে ধৰি বহু নেতা কৰ্মীয়ে অংশ গ্ৰহণ কৰে।

আছুৰ প্ৰতিবাদৰ সমান্তৰালকৈ অ’ এন জি চি শিৱসাগৰৰ ডিবিজিৰ সন্মুখত পূৰ্বাঞ্চল এমপ্লইজ এছ’চিয়েশ্যনে অৱস্থান ধৰ্মঘটৰ কাৰ্য্যসূচী ৰূপায়ণ কৰে।

সংগঠনটোৱে গেলেকীৰ তৈলক্ষেত্ৰ বিদেশী কোম্পানি শ্লাম বৰ্জাৰক গতাবলৈ লোৱাৰ সিদ্ধান্তৰ বিৰুদ্ধে তীব্ৰ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰি আহিছে। ২১ মে’ৰ দিনাও কেইবা শতাধিক কৰ্মীয়ে অৱস্থান ধৰ্মঘটেৰে প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণ কৰে।

পাৰ্শ্বজ্যোতি গগৈ

পাৰ্শ্বজ্যোতি গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm
ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd