আইনী ভাৱে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাত বাধা আৰোপ কৰিলেও সোমবাৰে ছিকিমৰ ছষ্ঠগৰাকী মুখ্য মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে ৫১ বছৰীয়া পি এচ গোলে হিচাপে পৰিছিত প্ৰেম সিং তামাঙে।
ছিকিম ক্ৰান্তিকাৰী মৰ্চাৰ (এচ কে এম) সভাপতি গোলে ৰাজ্যখনৰ সদ্যসমাপ্ত বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব পৰা নাছিল যদিও তেওঁক শনিবাৰে সংখ্যাগৰিষ্ঠ দলৰ নেতা হিচাপে মনোনীত কৰা হয়।
এচ কে এমৰ মুৰব্বীগৰাকীক পশু পালন মন্ত্ৰীৰ দুৰ্নীতি গোচৰত দোষী সাব্যস্ত কৰা হৈছিল। তেওঁ ১২ মাহ কাৰাবাস খাতে। ২০১৮ চনৰ ১০ আগষ্টত তেওঁৰ কাৰাবাসৰ কাল অন্ত পৰে।
উল্লেখযোগ্য যে, ‘ৰিপ্ৰেজেণ্টটেশ্যন অব পিপ’ল এক্ট’ (Representation of People’s Act ) ৰ ৮ নং ধাৰা অনুসৰি যদি কোনো ব্যক্তিয়ে দুৰ্নীতি প্ৰতিৰোধী আইনৰ অধীনত দোষী সাব্যস্ত হয় তেন্তে তেনে ব্যক্তিয়ে শাস্তি ঘোষণা কৰাৰ দিনৰ পৰা ছয় বছৰলৈ কোনো নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰে। সেয়েহে আইন অনুসৰি গোলে ২০২৪ চনৰ আগষ্টলৈ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰে।
সকলো ধৰণৰ আইনী বাধা আতৰত ৰাখি সোমবাৰে গেংটকৰ পালজোৰ ষ্টেডিয়ামত ৰাজ্যখনৰ ৰাজ্যপাল গংগা প্ৰসাদে গোলে আৰু তেওঁৰ ১১ গৰাকী কেবিনেট মন্ত্ৰীক শপন গ্ৰহণ কৰোৱাই।
ছিকিমৰ নৱনিৰ্বাচিত মুখ্য মন্ত্ৰী আৰু তেওঁৰ মন্ত্ৰীসভাৰ মন্ত্ৰীসকলে নেপালী ভাষাত শপত গ্ৰহণ কৰে। শপত গ্ৰহণ অনুষ্ঠানত এচ কে এমৰ শতাধিক সমৰ্থক উপস্থিত থাকি নতুনকৈ নিৰ্বাচিত হোৱা মুখ্য মন্ত্ৰীক শুভেচ্ছা জ্ঞাপন কৰে।
মুখ্য মন্ত্ৰী প্ৰেম সিং তামাঙৰ লগত শপত গ্ৰহণ কৰা আন ১১ গৰাকী মন্ত্ৰী হ’ল ক্ৰমে- ডা০ মনিকুমাৰ শৰ্মা, অৰুণ কুমাৰ উপৰেটী, সনদুপ লাপচা, ভীম হাং লিমবো, সঞ্জিৎ খাৰেল, কুংগা নিমা লেপচা, সোনম লাম্বা, বেদু সিং পান্থ, লোকনাথ শৰ্মা, মিংমা নৰবো চেৰপা আৰু কৰ্মা লোডায় ভূটীয়া।
সদ্যসমাপ্ত ৩২ খন আসনযুক্ত ছিকিম বিধানসভা নিৰ্বাচনত ২০১৩ চনত গঠন হোৱা ছিকিম ক্ৰান্তিকাৰী মৰ্চাই ১৭ খন আসন দখল কৰাৰ বিপৰীতে পৱন চামলিং নেতৃত্বাধীন ছিকিম ডেম’ক্ৰেটিক ফ্ৰণ্টে ১৫ খন আসন দখল কৰিবলৈ সক্ষম হয়।
আনহাতে, প্ৰাক্তন মুখ্যমন্ত্ৰী পৱন কুমাৰ চামলিং শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত নাথাকে।