DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 19, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ছিকিমৰ নতুন মুখ্য মন্ত্ৰী ৰূপে শপত গ্ৰহণ প্ৰেম সিং তামাঙৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
May 27, 2019 4:43 pm
prem sing tamang

ছিকিমৰ নতুন মুখ্য মন্ত্ৰী প্ৰেম সিং তামাঙ

816
VIEWS
Share on FacebookShare on Twitter

আইনী ভাৱে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাত বাধা আৰোপ কৰিলেও সোমবাৰে ছিকিমৰ ছষ্ঠগৰাকী মুখ্য মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে ৫১ বছৰীয়া পি এচ গোলে হিচাপে পৰিছিত প্ৰেম সিং তামাঙে।

ছিকিম ক্ৰান্তিকাৰী মৰ্চাৰ (এচ কে এম) সভাপতি গোলে ৰাজ্যখনৰ সদ্যসমাপ্ত বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব পৰা নাছিল যদিও তেওঁক শনিবাৰে সংখ্যাগৰিষ্ঠ দলৰ নেতা হিচাপে মনোনীত কৰা হয়।

এচ কে এমৰ মুৰব্বীগৰাকীক পশু পালন মন্ত্ৰীৰ দুৰ্নীতি গোচৰত দোষী সাব্যস্ত কৰা হৈছিল। তেওঁ ১২ মাহ কাৰাবাস খাতে। ২০১৮ চনৰ ১০ আগষ্টত তেওঁৰ কাৰাবাসৰ কাল অন্ত পৰে।

উল্লেখযোগ্য যে, ‘ৰিপ্ৰেজেণ্টটেশ্যন অব পিপ’ল এক্ট’ (Representation of People’s Act ) ৰ ৮ নং ধাৰা অনুসৰি যদি কোনো ব্যক্তিয়ে দুৰ্নীতি প্ৰতিৰোধী আইনৰ অধীনত দোষী সাব্যস্ত হয় তেন্তে তেনে ব্যক্তিয়ে শাস্তি ঘোষণা কৰাৰ দিনৰ পৰা ছয় বছৰলৈ কোনো নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰে। সেয়েহে আইন অনুসৰি গোলে ২০২৪ চনৰ আগষ্টলৈ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰে।

সকলো ধৰণৰ আইনী বাধা আতৰত ৰাখি সোমবাৰে গেংটকৰ পালজোৰ ষ্টেডিয়ামত ৰাজ্যখনৰ ৰাজ্যপাল গংগা প্ৰসাদে গোলে আৰু তেওঁৰ ১১ গৰাকী কেবিনেট মন্ত্ৰীক শপন গ্ৰহণ কৰোৱাই।

ছিকিমৰ নৱনিৰ্বাচিত মুখ্য মন্ত্ৰী আৰু তেওঁৰ মন্ত্ৰীসভাৰ মন্ত্ৰীসকলে নেপালী ভাষাত শপত গ্ৰহণ কৰে। শপত গ্ৰহণ অনুষ্ঠানত এচ কে এমৰ শতাধিক সমৰ্থক উপস্থিত থাকি নতুনকৈ নিৰ্বাচিত হোৱা মুখ্য মন্ত্ৰীক শুভেচ্ছা জ্ঞাপন কৰে।

মুখ্য মন্ত্ৰী প্ৰেম সিং তামাঙৰ লগত শপত গ্ৰহণ কৰা আন ১১ গৰাকী মন্ত্ৰী হ’ল ক্ৰমে- ডা০ মনিকুমাৰ শৰ্মা, অৰুণ কুমাৰ উপৰেটী, সনদুপ লাপচা, ভীম হাং লিমবো,  সঞ্জিৎ খাৰেল, কুংগা নিমা লেপচা, সোনম লাম্বা, বেদু সিং পান্থ, লোকনাথ শৰ্মা, মিংমা নৰবো চেৰপা আৰু কৰ্মা লোডায় ভূটীয়া।

সদ্যসমাপ্ত ৩২ খন আসনযুক্ত ছিকিম বিধানসভা নিৰ্বাচনত ২০১৩ চনত গঠন হোৱা ছিকিম ক্ৰান্তিকাৰী মৰ্চাই ১৭ খন আসন দখল কৰাৰ বিপৰীতে পৱন চামলিং নেতৃত্বাধীন ছিকিম ডেম’ক্ৰেটিক ফ্ৰণ্টে ১৫ খন আসন দখল কৰিবলৈ সক্ষম হয়।

আনহাতে, প্ৰাক্তন মুখ্যমন্ত্ৰী পৱন কুমাৰ চামলিং শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত নাথাকে।

Recent News

শালকোচাত দুই চোৰাং চিকাৰীক আটক, দুটা মৃত কেটেলা পহু উদ্ধাৰ

শালকোচাত দুই চোৰাং চিকাৰীক আটক, দুটা মৃত কেটেলা পহু উদ্ধাৰ

বানৰ সমানে সমানে কৃষ্ণাই নৈৰ খহনীয়াৰ ভয়ংকৰ ৰূপ

বানৰ সমানে সমানে কৃষ্ণাই নৈৰ খহনীয়াৰ ভয়ংকৰ ৰূপ

ফেচবুকত বিপ্লৱী কবিতা লিখি গ্ৰেপ্তাৰ হ’ল যোৰহাটৰ প্ৰতিভাৱান ছাত্ৰী

ফেচবুকত বিপ্লৱী কবিতা লিখি গ্ৰেপ্তাৰ হ’ল যোৰহাটৰ প্ৰতিভাৱান ছাত্ৰী

জনপ্ৰতিনিধিৰ কাণ্ড: সাংবাদিকৰ পিঠিত উঠি গ’ল বান বিধ্বস্ত এলেকা চাবলৈ!

জনপ্ৰতিনিধিৰ কাণ্ড: সাংবাদিকৰ পিঠিত উঠি গ’ল বান বিধ্বস্ত এলেকা চাবলৈ!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd