• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাজ্যৰ কৃতী ছাত্ৰ-ছাত্ৰীক আছুৰ ৰাজহুৱা অভিনন্দন

অনিৰ্বান পাঠক by অনিৰ্বান পাঠক
June 3, 2019 9:34 pm
24
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এই বৰ্ষৰ হাইস্কুল-হাইমাদ্ৰাছা শিক্ষান্ত পৰীক্ষা, উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ কলা, বাণিজ্য আৰু বিজ্ঞান শাখাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলক সদৌ অসম ছাত্ৰ সন্থাই সোমবাৰে অভিনন্দন জ্ঞাপন কৰে। ইয়াৰ লগতে সংযুক্ত লোকসেৱা আয়োগে অনুষ্ঠিত কৰা এইবাৰৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাত উত্তীৰ্ণ অসমৰ প্ৰাৰ্থীসকলকো  ছাত্ৰ সন্থাই সম্বৰ্ধনা জনায়।

সোমবাৰে গুৱাহাটীৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত এই বিশেষ অভিনন্দন অনুষ্ঠানত ছাত্ৰ সন্থাই ছাত্ৰ-ছাত্ৰী সকলক অভিনন্দন জ্ঞাপন কৰি তেওঁলোকক ভবিষ্যতে শিক্ষা আৰু কৰ্মক্ষেত্ৰত আগুৱাই গৈ অসমৰ সুনাম বৃদ্ধিৰ বাবে অনুপ্ৰেৰণা যোগায়।

Apply Now

অনুষ্ঠানত আছুৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল ভট্টাচাৰ্য্যই ছাত্ৰ-ছাত্ৰীসকলক তেওঁলোক ভৱিষ্যতে দেশ-বিদেশ য’তেই নাথাকক কিয় ‘শিপাৰ লগত সম্পৰ্ক ৰাখিবলৈ’ আহ্বান জনোৱাৰ লগতে আৰ্থিক দৈন্যতা হেঙাৰ হিচাপে থিয় দিয়া ছাত্ৰ-ছাত্ৰীসকলক অভয় বাণী দিয়ে।

‘যিসকল মেধাৱী ছাত্ৰ-ছাত্ৰীৰ পঢ়িবলৈ মন আছে অথচ অৰ্থনৈতিক সমস্যা আছে প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীয়ে নিজৰ পঢ়া-শুনা অব্যাহত ৰাখক তেনেকুৱা প্ৰতিগৰাকী মেধাৱী আৰ্থিকভাৱে দূৰ্বল ছাত্ৰ-ছাত্ৰীৰ কাষত ছাত্ৰ সন্থাই সাৰথি হিচাপে থিয় দিব’, সমুজ্জ্বল ভট্টাচাৰ্য্যই কয়।

তেওঁ ভাষণত অসমত সৰ্বভাৰতীয় বিজ্ঞান শিক্ষা গৱেষণা প্ৰতিষ্ঠান, আই আই এম, ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহৰ গৱেষণা প্ৰতিষ্ঠান, ঔষধি গছৰ আবিষ্কাৰ আৰু গৱেষণাৰ বাবে প্ৰতিষ্ঠান স্থাপন কৰাৰ বাবেও চৰকাৰলৈ দাবী জনায়।

এই অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থাকি ছাত্ৰ-ছাত্ৰীসকললৈ শুভেচ্ছা জ্ঞাপন কৰে কুমাৰ ভাস্কৰ বাৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য ড০ দীপক কুমাৰ শৰ্মাই। শৰ্মাই বৰ্তমান সময়ৰ বহু অভিভাৱক সকলৰ ছাত্ৰ-ছাত্ৰীক ইংৰাজী মাধ্যমত পঢ়োৱাৰ প্ৰতি থকা হাবিয়াসক লৈ উদ্বিগ্নতা প্ৰকাশ কৰে।

তেওঁ কয় যে মাধ্যম কেতিয়াও শিক্ষাৰ বাবে হেঙাৰ হ’ব নোৱাৰে। মাতৃভাষা মাধ্যমত অধ্যয়ন কৰিলেও উচ্চ শিক্ষা গ্ৰহণত যে কোনো অসুবিধা নহয় সেই কথা উল্লেখ কৰি কিদৰে বিশ্বৰ উন্নত দেশসমূহৰ নাগৰিকে নিজ মাতৃভাষাকহে অগ্ৰাধিকাৰ দিয়ে সেই কথাও শৰ্মাই দোহাৰে।

তদুপৰি অনুষ্ঠানত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য্য ড০ অলক কুমাৰ বুঢ়াগোহাঁই আৰু ভাভা এট’মিক ৰিচাৰ্চ চেন্টাৰৰ জ্যেষ্ঠ বিজ্ঞানী ড০ হলধৰ দেৱশৰ্মা উপস্থিত থাকি ছাত্ৰ-ছাত্ৰীসকলক অনুপ্ৰেৰণা যোগায়।

আজিৰ অনুষ্ঠানত হাইস্কুল শিক্ষান্ত পৰীক্ষাত স্থান প্ৰাপ্ত ৩৯ গৰাকী, হাইমাদ্ৰাছাৰ ৩ গৰাকী আৰু উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত স্থান লাভ কৰা কলা শাখাৰ ১৮ গৰাকী, বাণিজ্য শাখাৰ ১৮ গৰাকী আৰু বিজ্ঞান শাখাৰ ২৬ গৰাকী ছাত্ৰ-ছাত্ৰীক ছাত্ৰ সন্থাই অভিনন্দন জনায়। অনুষ্ঠানটোত স্থান প্ৰাপ্ত ছাত্ৰ-ছাত্ৰীসকলৰ শিক্ষানুষ্ঠানৰ মুৰব্বী সকলকো সম্বৰ্ধনা জনায় আছুৱে।

একেটা অনুষ্ঠানত ইউ পি এচ চিৰ সংযুক্ত প্ৰতিযোগীতামূলক পৰীক্ষাৰ শেহতীয়াভাৱে ঘোষিত ফলাফলত অসমৰ পৰা স্থান প্ৰাপ্ত ৮ গৰাকীৰ ভিতৰত তিনিগৰাকী ক্ৰমে ৰাহুল কুমাৰ গুপ্তা, তাপস বসুমতাৰী আৰু দিক্ষা লাংথাছাক ছাত্ৰ সন্থাৰ ফালৰ পৰা সম্বৰ্ধনা জনোৱা হয়।

অনিৰ্বান পাঠক

অনিৰ্বান পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

June 6, 2026 9:28 am
দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

June 6, 2026 8:32 am
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

June 6, 2026 8:02 am
প্ৰেমিকাৰ পুত্ৰৰ হাতত হত্যা জনপ্ৰিয় অভিনেতা; তদন্তত পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য

প্ৰেমিকাৰ পুত্ৰৰ হাতত হত্যা জনপ্ৰিয় অভিনেতা; তদন্তত পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য

June 6, 2026 7:48 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

June 6, 2026 9:28 am
দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

June 6, 2026 8:32 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd