• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মৃত্যুৰ পাছত কেনেকৈ বিদেশী হ’ল স্বদেশী?, ডিটেনশ্যন কেম্পত ৰখা বৃদ্ধৰ জিএমচিএইচত মৃত্যু

এন ই নাও নিউজ by এন ই নাও নিউজ
June 9, 2019 8:33 am
Deadbody-570x320

প্রতিনিধিত্বমূলক ফটো

1.4k
VIEWS
Share on FacebookShare on Twitter

আকৌ এক মৰ্মান্তিক ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে নগাঁও জিলাত। ভাৰতীয় নাগৰিক হৈয়ো বিদেশীৰ কলংক লৈ মৃত্যুক সাৱটি ল’ব লগা হ’ল ধিঙৰ এগৰাকী ৭৭ বছৰীয়া বৃদ্ধই। পত্নীক অকলশৰীয়াকৈ এৰি থৈ জিএমচিএইচত বৃদ্ধগৰাকীয়ে মৃত্যুক সাৱটি লোৱা এই ঘটনাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

যোৱা বছৰৰ ৯ এপ্ৰিলত নগাঁও জিলাৰ ধিঙৰ বটাবড়ীৰ দম্পতী সূৰুষ আলী (৭৭) আৰু পত্নী গোলাপ জানক(৬৪) বিদেশী গোচৰত সীমান্ত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি তেজপুৰৰ ডিটেনশ্যন কেম্পলৈ প্ৰেৰণ কৰিছিল।

ভিক্ষা কৰি জীৱন নিৰ্বাহ কৰা এই দুৰ্ভগীয়া পতি-পত্নী হালক স্বদেশী হোৱাৰ পৰ্যাপ্ত নথি পত্ৰ থকাৰ পাছতো ডিটেনশ্যন কেম্পত বন্দী হ’ব লগা বুলি অভিযোগ উত্থাপিত হৈছিল।

সূৰুয আলী আৰু গোলাপ জানৰ পৰিয়ালৰ সকলো সদস্যৰ উপযুক্ত নথি পত্ৰ মজুত থকাৰ লগতে প্ৰকৃত ভাৰতীয় নাগৰিক হোৱাৰ পাছতো এই পতি-পত্নী বিদেশী হিচাপে কিয় ডিটেনশ্যন কেম্পত থাকিব লগা হ’ল তাক লৈ বিভিন্ন প্ৰশ্ন উত্থাপন হৈছিল।

বৈধ নথি-পত্ৰ থকাৰ পাছতো তেজপুৰৰ ডিটেনশ্যন কেম্পত বন্দীত্বৰ জীৱন কটাবলগীয়া এই পতি-পত্নী হালৰ আছে তিনিজনী কন্যা আৰু দুজন ল’ৰা সন্তান।

জানিব পৰা মতে, ১৯৮৯ চনত সূৰুয আলী আৰু গোলাপ জানৰ বিৰুদ্ধে ১৬৩/১৮ আৰু ১৫৯/১৮ ধাৰাত গোচৰ ৰুজু হৈছিল। কিন্তু তেওঁলোকে কোনো জাননী লাভ নকৰাৰ বাবে এই সন্দৰ্ভত জানিব পৰা নাছিল। পৰৱৰ্তী সময়ত বিদেশী ন্যায়াধিকৰণ আদালতে তেওঁলোকক বিদেশী বুলি ঘোষণা কৰাৰ পাছতহে এই কথা জানিব পাৰে।

দৰিদ্ৰ অৱস্থাৰ সূৰুয আলীয়ে আইনী প্ৰক্ৰিয়াৰে যুঁজ দি নিজকে বিদেশীৰ কলংকৰ পৰা মুক্ত কৰিব নোৱাৰিলে। ফলস্বৰূপে, ২০১৭ চনৰ ৯ এপ্ৰিলত সীমান্ত আৰক্ষীয়ে পতি-পত্নী হালক গ্ৰেপ্তাৰ কৰি ডিটেনশ্যন কেম্পলৈ প্ৰেৰণ কৰে।

আনহাতে, তেওঁলোকৰ পুত্ৰ-কন্যাই পৰৱৰ্তী সময়ত তেওঁলোকৰ পিতৃ-মাতৃক  ভাৰতীয় হিচাপে প্ৰমাণ কৰি  ডিটেনশ্যন কেম্পৰ পৰা মুক্ত কৰাৰ বাবে উচ্চ ন্য্যায়ালয়ত গোচৰ তৰে। কিন্তু কেইদিনমান পূৰ্বে হঠাতে অসুস্থ হৈ পৰা সুৰুয আলীক সীমান্ত আৰক্ষীয়ে জিএমচিএইচত ভৰ্তি কৰায়।

ইপিনে, বৃহস্পতিবাৰে পুৱাই মৃত্যু হোৱা সুৰুয আলীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ পাছত শনিবাৰেহে পৰিয়ালক গতাই দিয়ে। তেওঁৰ পত্নী গোলাপ জান এতিয়াও ডিটেনশ্যন কেম্পতে আছে। শনিবাৰে ঘৰলৈ মৃতদেহ লৈ অনাৰ পাছত বহুলোক উপস্থিত হয় আৰু এই ঘটনাত মৰ্মাহত হৈ পৰে।

বিভিন্ন দল-সংগঠনে এনে ঘটনাত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। সূৰুয আলী যদি বিদেশীয়েই আছিল তেতিয়াহ’লে তেওঁ মৃত্যুৰ পাছত কেনেকৈ স্বদেশী হ’ল আৰু তেওঁৰ মৃতদেহ বাংলাদেশলৈ নপঠিয়াই কিয় পৰিয়ালক গতাই দিলে বুলিও প্ৰশ্ন উত্থাপন কৰে।

Recent News

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত চালকৰ আসনত টিম ইণ্ডিয়া; এজবাষ্টনত ইতিহাস গঢ়াৰ পথত গীল বাহিনী!

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত চালকৰ আসনত টিম ইণ্ডিয়া; এজবাষ্টনত ইতিহাস গঢ়াৰ পথত গীল বাহিনী!

কোনবোৰ ফল-মূলে আপোনাৰ শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে?

কোনবোৰ ফল-মূলে আপোনাৰ শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে?

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd