• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 27, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নিদ্ৰাৰতা কুইন ওজাৰ ঘুমটি ভাঙি গৃহ প্ৰৱেশ সাংবাদিকৰ

দিজিটেল ইণ্ডিয়াৰ দিনত অসমৰ নতুন জনপ্ৰতিনিধিৰ জনসম্পৰ্ক কিমান পুতৌজনক হ’ব পাৰে, ই তাৰেই দৃষ্টান্ত দাঙি ধৰা নাইনে?

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
June 14, 2019 9:13 pm
Guwahati scribes hinder newly elected MP Queen Ojah's afternoon nap

কুইন ওজাৰ ফাইল ছবি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গুৱাহাটীবাসীয়ে বহু আশাৰে জিকোৱা নতুন সাংসদ কুইন ওজাৰ চিকুণ ভাত-ঘুমটি ভাঙি শুকুৰবাৰে তেওঁৰ ঘৰত প্ৰৱেশ কৰে কৰ্তব্যৰত সাংবাদিকৰ দল।

দোষ সাংবাদিকৰ নহয়। ওজাৰ ঘনিষ্ঠ জয়ন্ত শইকীয়া নামৰ এজন বিজেপি নেতাৰ নিমন্ত্ৰণত সাংসদগৰাকীৰ “প্ৰথমখন সংবাদমেল”ত উপস্থিত হ’বলৈ গৈছিল খবৰ-সন্ধানী, জিৰণিহীন সাংবাদিকগণ।

ওজাৰ উলুবাৰীৰ ঘৰত সাংবাদিকে ৪৫ মিনিট বোন্দাপৰ দিয়াৰ পিছত ওলাই আহিল নৱ নিৰ্বাচিত সাংসদগৰাকী।

ক’লে, “মই শুইহে আছিলো। কোনে কৈছে মই সংবাদমেল দিছো বুলি? মই আজি তেনে কোনো সংবাদমেল দিয়াৰ কথা নাছিল!”

এজন সাংবাদিকে উত্তৰ দিলে– জয়ন্ত শইকীয়াই। “সন্মানীয় সাংবাদিক বন্ধুসকল, আজি বিয়লি ৪ বজাত গুৱাহাটীৰ সাংসদ কুইন ওজাই উলুবাৰীস্থিত নিজ বাসগৃহত এক বিশেষ সংবাদমেলৰ আয়োজন কৰিছে। এই সংবাদ মেলৰ সংবাদ সংগ্ৰহৰ বাবে আপোনাৰ সংবাদ প্ৰতিষ্ঠানৰ প্ৰতিনিধি প্ৰেৰণ কৰিবলৈ অনুৰোধ জনালোঁ,” এয়া সাংবাদিকক “বিশেষ সংবাদমেল”লৈ বিজেপি নেতা শইকীয়াই ৱটচএপযোগে জনোৱা নিমন্ত্ৰণ।

কুইন ওজাই শইকীয়াক চিনি নোপোৱা নহয়। “কিন্তু সিটো এতিয়া ইয়াত নাই। কোনে এইটো কৰিছে খবৰ ল’ব লাগিব,” উপস্থিত সাংবাদিকক ওজাৰ মন্তব্য।

এ এন আই কে ধৰি আঞ্চলিক, ৰাষ্ট্ৰীয় প্ৰায় ২০টা মান সংবাদ প্ৰতিষ্ঠানৰ সাংবাদিক গৈ উপস্থিত হৈছিলগৈ কুইন ওজাৰ বাসগৃহত।

“তোমালোকক এনেই কষ্ট দিয়া হ’ল, বেয়া নাপাবা,” এই কথাৰেই সাংবাদিকক সান্ত্বনা দি ওজাই তেওঁৰ ঘৰতে শুকুৰবাৰৰ দিনটোতে আয়োজিত অসম বে’বি লীগ ফুটবল ফাউন্দে’চন গঠন সম্পৰ্কীয় সভাক লৈয়ে দু-আষাৰ ক’লে।

কৰ্মব্যস্ততাৰ মাজত ঢাপলি মেলা সাংবাদিকসকলৰ একাংশই ঘটনাটোত ক্ষোভ প্ৰকাশ কৰিছে।

“মই ৰাজনৈতিক ক্ষেত্ৰৰ গুৰুত্বপূৰ্ণ বাতৰি এটা লিখি আছিলো। সংবাদমেলৰ খবৰ পাই ততাতৈয়াকৈ আহি উপস্থিত হ’লো। এনে বুলি জনাহেঁতেন মই নাহিলোহেঁতেন,” এজন ক্ষুভিত সাংবাদিকৰ মন্তব্য।

Guwahati scribes hinder newly elected MP Queen Ojah's afternoon nap
জয়ন্ত শইকীয়াৰ নিমন্ত্ৰণৰ ৱটচএপ স্ক্ৰীন গ্ৰেব।

আন এগৰাকী জ্যেষ্ঠ সাংবাদিকে একেটা ৱটছএপ গ্ৰুপতে লিখিছে, “এনে কোনো সংবাদমেল আজি সাংসদ ওজাৰ নাছিল৷ কিন্তু উপনেতা-পালিনেতাৰ এনে প্ৰচাৰৰ ফল সাংবাদিকে ভুগিলে।”

এগৰাকী নিৰ্বাচিত জনপ্ৰতিনিধিৰ সংবাদমেলক লৈ এনে ল’ৰা-ধেমালি পৃথিৱীৰ আন ক’ৰবাত হৈছেনে? হোৱা উচিতনে?

দিজিটেল ইণ্ডিয়াৰ দিনত অসমৰ নতুন জনপ্ৰতিনিধিৰ জনসম্পৰ্ক কিমান পুতৌজনক হ’ব পাৰে, ই তাৰেই দৃষ্টান্ত দাঙি ধৰা নাইনে?

নহয় যদি, হয় কি?

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

অন্ধ্ৰ প্ৰদেশত হোষ্টেলত ৰেগিং কাণ্ড: গৰম ইস্ত্ৰী লগালে দশম শ্ৰেণীৰ ছাত্ৰৰ শৰীৰত

অন্ধ্ৰ প্ৰদেশত হোষ্টেলত ৰেগিং কাণ্ড: গৰম ইস্ত্ৰী লগালে দশম শ্ৰেণীৰ ছাত্ৰৰ শৰীৰত

August 27, 2025 4:37 pm
ছালৰ কৰ্কট ৰোগত আক্ৰান্ত অষ্ট্ৰেলিয়াৰ বিশ্বকাপ বিজয়ী অধিনায়ক মাইকেল ক্লাৰ্ক!

ছালৰ কৰ্কট ৰোগত আক্ৰান্ত অষ্ট্ৰেলিয়াৰ বিশ্বকাপ বিজয়ী অধিনায়ক মাইকেল ক্লাৰ্ক!

August 27, 2025 4:27 pm
পত্নীয়ে কণীৰ জোল ৰন্ধাৰ পৰা বিৰত থকাৰ বাবে স্বামীয়ে বাচি ল’লে চৰম পন্থা

পত্নীয়ে কণীৰ জোল ৰন্ধাৰ পৰা বিৰত থকাৰ বাবে স্বামীয়ে বাচি ল’লে চৰম পন্থা

August 27, 2025 3:59 pm
জন্মদিনৰ পাৰ্টি কৰি থকোতে মহাৰাষ্ট্ৰত ভাঙি পৰিল চাৰি মহলীয়া ঘৰ! এটি শিশুসহ দুজন লোকৰ মৃত্যু

জন্মদিনৰ পাৰ্টি কৰি থকোতে মহাৰাষ্ট্ৰত ভাঙি পৰিল চাৰি মহলীয়া ঘৰ! এটি শিশুসহ দুজন লোকৰ মৃত্যু

August 27, 2025 3:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অন্ধ্ৰ প্ৰদেশত হোষ্টেলত ৰেগিং কাণ্ড: গৰম ইস্ত্ৰী লগালে দশম শ্ৰেণীৰ ছাত্ৰৰ শৰীৰত

অন্ধ্ৰ প্ৰদেশত হোষ্টেলত ৰেগিং কাণ্ড: গৰম ইস্ত্ৰী লগালে দশম শ্ৰেণীৰ ছাত্ৰৰ শৰীৰত

August 27, 2025 4:37 pm
ছালৰ কৰ্কট ৰোগত আক্ৰান্ত অষ্ট্ৰেলিয়াৰ বিশ্বকাপ বিজয়ী অধিনায়ক মাইকেল ক্লাৰ্ক!

ছালৰ কৰ্কট ৰোগত আক্ৰান্ত অষ্ট্ৰেলিয়াৰ বিশ্বকাপ বিজয়ী অধিনায়ক মাইকেল ক্লাৰ্ক!

August 27, 2025 4:27 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd