• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মাজুলীত জলপৰিবহনৰ নিয়ম ভংগকাৰী ফেৰীৰ বিৰুদ্ধে ব্যৱস্থা ল’ব জিলা প্ৰশাসনে

মিটু খাটনিয়াৰ by মিটু খাটনিয়াৰ
June 15, 2019 9:08 pm
প্ৰতিনিধিত্বমূলক ছবি

প্ৰতিনিধিত্বমূলক ছবি

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মাজুলীত আভ্যন্তৰীণ জলপৰিবহন বিভাগ (আই ডব্লিউ টি)ৰ দ্বাৰা পৰিচালিত মাজুলী-যোৰহাট সংযোগী ফেৰীসেৱাত যাত্ৰীৰ সুৰক্ষাক লৈ অলপো গাফিলতীৰ সুৰুঙা নাৰাখিবলৈ বিভাগীয় বিষয়া-কৰ্মচাৰীক কঠোৰ নিৰ্দেশ দিছে মাজুলীৰ উপায়ুক্ত দেৱপ্ৰসাদ মিশ্ৰই।

আজি উপায়ুক্তৰ কাৰ্যালয়ত আয়োজিত এখন পৰ্যালোচনা সভাত জিলা প্ৰশাসনৰ মূৰব্বীগৰাকীয়ে এতিয়াৰ পৰা ফেৰীসেৱাত যাত্ৰীৰ সুৰক্ষা বিষয়ক নীতি-নিয়ম ভংগকাৰী বিভাগীয় তথা ব্যক্তিগত ফেৰীৰ স্বত্বাধিকাৰী-কৰ্মচাৰীৰ লগতে দায়িত্বত থকা আই ডব্লিউ টিৰ বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে প্ৰশাসনে এজাহাৰ দাখিল কৰিব বুলি সতৰ্কবাণী শুনায়।

Apply Now

জিলাখনৰ অতিৰিক্ত উপায়ুক্তদ্বয় নৰেণ দাস আৰু চিন্ময় নাথ উপস্থিত থকা উক্ত বৈঠকত আই ডব্লিউ টিৰ ডিব্ৰুগড় সংমণ্ডলৰ কাৰ্যবাহী বিষয়া মতীন্দ্ৰ বিশ্ব শৰ্মাৰ নেতৃত্বত বিভাগটোৰ কনিষ্ঠ অভিযন্তা আৰু পাৰঘাট পৰিচালনাকাৰী কৰ্মচাৰীয়ে ভাগ লয়। বৈঠকত উপায়ুক্তই শেহতীয়াকৈ মাজুলীৰ পৰা যোৰহাটৰ নিমাতীঘাট সংযোগী ব্ৰহ্মপুত্ৰৰ দুয়োটা জলপথৰ ফেৰী সেৱাতে অনুমোদিত বহন ক্ষমতাতকৈ অতিৰিক্তভাৱে যাত্ৰী আৰু বাহন উঠোৱাকে ধৰি যাত্ৰী সুৰক্ষাৰ ক্ষেত্ৰত একাধিক গুৰুতৰ বিসংগতি ঘটাৰ ৰাজহুৱা অভিযোগক অতি গুৰুত্বসহকাৰে লৈ বিভাগটোৰ পৰা কৈফিয়ৎ তলৱ কৰে।

তেওঁ লগতে কয় যে ৰাজ্য চৰকাৰৰ আভ্যন্তৰীণ জলপৰিবহন বিভাগে নিৰ্ধাৰণ কৰা নীতি-নিয়ম কোনো ব্যক্তিগত ফেৰীৰ দ্বাৰা ভংগ কৰাৰ প্ৰামাণিক অভিযোগ লাভ কৰিলে এতিয়াৰ পৰা জিলা প্ৰশাসনে তেনে ফেৰীৰ কৰ্মচাৰী-স্বত্বাধিকাৰীৰ বিৰুদ্ধ আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰাৰ লগতে এনে ফেৰী তাৎক্ষণিক ভাৱে মাজুলী-নিমাতীঘাট ফেৰীসেৱাৰ পৰা বাহিৰ কৰি দিব।

এইক্ষেত্ৰত বিভাগটোৰ বিষয়া-কৰ্মচাৰী জড়িত থকাটো ধৰা পৰিলে তেওঁলোকৰ বিৰুদ্ধেও নিয়মানুসৰি বিভাগীয় শাস্তিমূলক ব্যৱস্থা গ্ৰহণৰ বাবেও জিলা প্ৰশাসনে আই ডব্লিউ টিক পত্ৰ প্ৰেৰণ কৰিব বুলি তেওঁ কয়।

ইফালে, কমলাবাৰী-নিমাতীঘাট আৰু অফলামুখ নিমাতীঘাট ফেৰীসেৱাৰ অধীনত চলাচল কৰা বিভাগীয় আৰু ব্যক্তিগত মালিকানাধীন প্ৰতিখন ফেৰীতেই এতিয়াৰ পৰা যাত্ৰীয়ে স্পষ্টকৈ দেখা পোৱাকৈ ফেৰীৰ যাত্ৰী আৰু বাহন পৰিবহন ক্ষমতা লিপিৱদ্ধ কৰি আঁৰি ৰাখিব লাগিব বুলিও বৈঠকত উপায়ুক্তগৰাকীয়ে বিভাগীয় কাৰ্যবাহী অভিযন্তাক নিৰ্দেশ দিয়ে।

তদুপৰি এতিয়াৰ পৰা ফেৰীৰ ভিতৰত টিকট দিয়াটো সম্পূৰ্ণ নিষিদ্ধ কৰি কেৱল পাৰঘাটত থকা টিকট কাউণ্টাৰতহে যাত্ৰীক টিকট প্ৰদান কৰিব লাগিব বিভাগটোৱে। এইক্ষেত্ৰত হীন-দেৰী ঘটিলে পাৰঘাটৰ দায়িত্বত থকা বিভাগীয় বিষয়া-কৰ্মচাৰী দায়বদ্ধ হ’ব বুলি উপায়ুক্ত গৰাকীয়ে সকীয়াই দিয়ে।

মিটু খাটনিয়াৰ

মিটু খাটনিয়াৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নেপালৰ বিধ্বংসী বানৰ ৯ দিন পাছত জলবিদ্যুৎ প্ৰকল্পৰ সুৰংগৰ পৰা জীৱন্তে উদ্ধাৰ দুজন শ্ৰমিক

নেপালৰ বিধ্বংসী বানৰ ৯ দিন পাছত জলবিদ্যুৎ প্ৰকল্পৰ সুৰংগৰ পৰা জীৱন্তে উদ্ধাৰ দুজন শ্ৰমিক

September 4, 2026 10:40 am
ৰাজনীতিলৈ যাব দেৱাশীষ শৰ্মা, আৰণ্যক শইকীয়াক নগাঁৱৰ জিলা আয়ুক্ত হিচাপে নিযুক্তি

ৰাজনীতিলৈ যাব দেৱাশীষ শৰ্মা, আৰণ্যক শইকীয়াক নগাঁৱৰ জিলা আয়ুক্ত হিচাপে নিযুক্তি

September 4, 2026 9:32 am
এদিনতে ছয়জনক দোষী সাব্যস্ত, পাঁচজনক যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায় দিলে ডিব্ৰুগড়ৰ আদালতে

এদিনতে ছয়জনক দোষী সাব্যস্ত, পাঁচজনক যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায় দিলে ডিব্ৰুগড়ৰ আদালতে

September 4, 2026 8:26 am
এংজাইটি নে হাৰ্ট এটেক? দুয়োটাৰে লক্ষণ প্ৰায় একেই, জানক কেনেকৈ বুজিব পাৰ্থক্য

এংজাইটি নে হাৰ্ট এটেক? দুয়োটাৰে লক্ষণ প্ৰায় একেই, জানক কেনেকৈ বুজিব পাৰ্থক্য

September 4, 2026 7:24 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নেপালৰ বিধ্বংসী বানৰ ৯ দিন পাছত জলবিদ্যুৎ প্ৰকল্পৰ সুৰংগৰ পৰা জীৱন্তে উদ্ধাৰ দুজন শ্ৰমিক

নেপালৰ বিধ্বংসী বানৰ ৯ দিন পাছত জলবিদ্যুৎ প্ৰকল্পৰ সুৰংগৰ পৰা জীৱন্তে উদ্ধাৰ দুজন শ্ৰমিক

September 4, 2026 10:40 am
ৰাজনীতিলৈ যাব দেৱাশীষ শৰ্মা, আৰণ্যক শইকীয়াক নগাঁৱৰ জিলা আয়ুক্ত হিচাপে নিযুক্তি

ৰাজনীতিলৈ যাব দেৱাশীষ শৰ্মা, আৰণ্যক শইকীয়াক নগাঁৱৰ জিলা আয়ুক্ত হিচাপে নিযুক্তি

September 4, 2026 9:32 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd