• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এন আৰ চিৰ সম্পূৰ্ণ পুনৰীক্ষণ বিচাৰি সৰ্বোচ্চ ন্যায়ালয়লৈ অভিজিৎ শৰ্মা

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
June 16, 2019 10:19 pm
Abhijeet-Sarma-Assam NRC: Writ petitioner Abhijit Sarma to move SC seeking re-verification of the whole process

অভিজিত শৰ্মাৰ ফাইল ছবি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উচ্চতম ন্যায়ালয়ত অসমৰ এন আৰ চি উন্নীতকৰণ সম্পৰ্কীয় গোচৰৰ লেখ আবেদনকাৰী (আবেদন নং ২৭৪/২০০৯) আচাম পাব্লিক ৱৰ্কচৰ সভাপতি অভিজিত শৰ্মাই চলিত প্ৰক্ৰিয়াটোৰ এশ শতাংশ পুনৰীক্ষণ বিচাৰিব।

অহা ১৯ জুনত ভাৰতৰ উচ্চতম ন্যায়ালয়ত এই সন্দৰ্ভত এখন শপতনামা তেওঁ দাখিল কৰিব। ইতিমধ্যে এই সম্পৰ্কে অধিবক্তাৰ সৈতে তেওঁলোকে কথা পাতিছে।

Apply Now

দেওবাৰে গুৱাহাটীৰ বিবেকানন্দ কেন্দ্ৰ সভাগৃহত সচেতন নাগৰিক মঞ্চ, অসমৰ উদ্যোগত অনুষ্ঠিত “বিশিষ্ট নাগৰিক সন্মিলন”ত এই মন্তব্য কৰে আবেদনকাৰীজনে।

‘১০ শতাংশ পুনৰীক্ষণ বিচাৰিম নে ১০০ শতাংশ পুনৰীক্ষণ বিচাৰিম? নাই, এতিয়া আমি ১০০ শতাংশই পুনৰীক্ষণ বিচাৰিম। আমি আৰু দুদিন পিছুৱাই দিব পাৰো নেকি এন আৰ চিখন? কিবা আপত্তি আছে নেকি?’ কেইদিনমান পূৰ্বে উৎকোচ লৈ ধৰা পৰা দুজন এন আৰ চি কৰ্মচাৰীৰ প্ৰসংগ উত্থাপন কৰি সভাত এই মন্তব্য শৰ্মাৰ।

অসমলৈ ভয়াৱহ পৰিস্থিতি আহি আছে বুলি উল্লেখ কৰি তেওঁ কয়, ‘অসম চুক্তি কৰি বাংলাদেশ মূলৰ লোকসকলক ভাৰতীয় কৰাৰ লগতে এন আৰ চিখন কৰি তেওঁলোকক অনুজ্ঞাপত্ৰ দিব। সেয়েহে প্ৰতীক হাজেলাৰ যদি সাহস আছে তেনেহ’লে অসমৰ ৰাইজক প্ৰতিশ্ৰুতি দিয়ক যে ৩১ জুলাইত প্ৰকাশ পোৱা যেন এন আৰ চিৰ সম্পূৰ্ণ খচৰাত এজনো বাংলাদেশীৰ নাম নাথাকিব।’

দালাল পাৰ্টি, বাংলাদেশীৰ হৈ কাম কৰা ৰাজনৈতিক, অ-ৰাজনৈতিক সংগঠনসমূহেৰে অসম এতিয়া ভৰি আছে বুলি মন্তব্য কৰি শৰ্মাই কয় যে এনে নেতাই অবৈধভাৱে লিগেচি বিক্ৰী কৰিছে।

তেওঁ কয় ‘সংগঠনৰ নেতাসকলে কোনোবাই ব্যৱহাৰ নকৰা লিগেচি বিক্ৰী কৰিছে বাংলাদেশী লোকসকলক। আৰু তেনেদৰেই বাংলাদেশীসকলে নিজৰ নাম সুমুৱাইছে এন আৰ চিত। এনেদৰেই জাতিটোক বিক্ৰী কৰা ব্যৱস্থাটো অসম চুক্তিৰ দিনৰ পৰাই চলি আহিছে আৰু চলিয়েই থাকিব।‘

আনহাতে, কিছুদিন পূৰ্বে ছয়গাঁৱত সংঘটিত হোৱা নগ্ন নাচৰ বাবে জুলুম কৰা ঘটনাক লৈয়ো এ’ পি ডব্লিউৰ সভাপতিজন সোচ্চাৰ হৈ পৰে।

‘সিদিনা ছয়গাৱঁত যি ঘটনা ঘটিল সেইবিলাক ঘটনা কোনো দিন অসমৰ খিলঞ্জীয়া মানুহৰ মাজত ঘটা নাই। তাৰ মানে এইবোৰ কাম বাংলাদেশৰ মূলৰ মানুহেই কৰিছে। এই সকল লোকৰ নাম নিশ্চয় এন আৰ চি খচৰাত সোমাইছে। নহ’লে সেইবোৰে ইমান সাহস কৰিব নোৱাৰে।‘ শৰ্মাই কয়।

তেওঁ লগতে কয় ‘এন আৰ চিৰ খচৰাত তেওঁলোকৰ নাম সোমোৱাৰ পিছত খিলঞ্জীয়া ভূমি পুত্ৰৰ ছোৱালীক উলংগ হৈ নৃত্য কৰিবলৈ দিছে, তেনেহ’লে ৩১ জুলাই ৰ সম্পূৰ্ণ খচৰাত তেওঁ লোকৰ নাম সোমোৱাৰ পিছত আমাৰ ঘৰ বিলাকত নোসোমাব নে? আজি সেই ঘটনাটো যদি ছয়গাঁৱত সেই বাংলাদেশী মুছলমানখিনিয়ে নকৰি বেলেগ ঠাইত হিন্দু মানুহে কৰিলে হয়, তেতিয়াহ’লে দীঘলীপুখুৰীৰ পাৰত ২০জনী মহিলাই মূৰৰ চুলি খুৰালে হয়। আৰু এই আন্দোলনৰ প্ৰতিযোগিতা কৰা যিবিলাক নেতা আৰু সংগঠন আছে সেই বিলাকে হ’ হ’ দি গোটেই আসম কঁপালে হয়। কিন্তু আজি কোনেও অসম কঁপাবলে সাহস নকৰিলে কাৰণ সন্দেহযুক্ত মুছলিম বুলি কৈ তেওঁলোকে সকলোকে তৈল মৰ্দন কৰিব লাগিব।‘

ইয়াৰোপৰি, জনসংখ্যা নিয়ন্ত্ৰণৰ বাবে বন্ধ্যাকৰণ প্ৰক্ৰিয়া সঠিক ৰূপত ৰূপায়ণ কৰিবৰ বাবে চৰকাৰক আহ্বান জনাই তেওঁ কয় ‘বন্ধ্যাকৰণ কৰিলে চৰকাৰে ৫০ হাজাৰ টকাৰ সাহায্য ঘোষণা কৰিব পাৰে। দুটা সন্তান জন্ম হোৱাৰ পাছত তৃতীয়জন সন্তান জন্ম হ’লেই তেওঁলোকৰ ভোটাধিকাৰ কৰ্তন আৰু চৰকাৰী সা-সুবিধা কৰ্তন কৰিব পাৰি নেকি তাক লৈয়ো আমি এখন ৰাজহুৱা স্বাৰ্থজনিত আবেদন উচ্চতম ন্যায়ালত দাখিল কৰাৰ কথা চিন্তা-চৰ্চা কৰি আছো।‘

আনহাতে, উক্ত সভাতে ভাষণ প্ৰদান কৰি উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাই জন্মৰ হাৰ পূৰ্বৰ তুলনাত বৃদ্ধি পোৱাত উদ্বিগ্নতা প্ৰকাশ কৰাৰ লগতে তাৰ এক তথ্যও দাঙি ধৰে।

অবৈধ অনুপ্ৰৱেশকাৰীৰ জন্মৰ হাৰৰ পৰিপ্ৰেক্ষিততে এনে হোৱা বুলি মন্তব্য কৰি ন্যায়াধীশ শৰ্মাই কয় ‘এই গতিত যদি জন্মৰ হাৰ বৃদ্ধি পাই, তেন্তে অসমৰ অৱস্থা কি হ’ব পাৰে সেয়া সহজতে অনুমেয়। ১৯১১ চনত অসমত জন্মৰ হাৰ আছিল ১৬.৯৯ শতাংশ, ১৯২১ চনত ২০.৪৭ শতাংশ, ১৯৩১ চনত ১৯.৯২ শতাংশ, ১৯৫১ চনত ১৯.৯৪ শতাংশ, ১৯৬১ চনত ৩৪.৯৭ শতাংশ আৰু ১৯৭১ চনত ৪৪.৯৫ শতাংশ।’

তেওঁ লগতে কয় ‘এনে পৰিপ্ৰেক্ষিতত ১৯৭১ চনত দুখন মাত্ৰ জিলা আছিল য’ত খিলঞ্জীয়া লোকসকল সংখ্যালঘু হিচাপে আছিল। সেই দুখন হাইলাকান্দি আৰু ধুবুৰী। ২০১১ চনত এই সংখ্যা বাঢ়ি ৯ খন হ’লগৈ, যেনে, বৰপেটা, বঙাইগাওঁ, ধুবুৰী, কৰিমগঞ্জ, হাইলাকান্দি, নগাওঁ, দৰং, গোৱালপাৰা আৰু মৰিগাওঁ।‘

সভাত অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা বিশিষ্ট সাংবাদিক কনকসেন ডেকা, অসম আৰক্ষীৰ বিশেষ শাখাৰ প্ৰাক্তন সঞ্চালকপ্ৰধান পল্লৱ ভট্টাচাৰ্য্য আৰু অধিবক্তা তথা বিজেপি নেতা বিজন মহাজনেও ভাষণ প্ৰদান কৰি এখন শুদ্ধ, নিকা পূৰ্ণাংগ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী দাবী কৰে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

June 16, 2026 9:46 pm
মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

June 16, 2026 9:33 pm
জি-৭ সন্মিলনত আকৌ মুখামুখি হ’ল মোদী আৰু মেলনী : এইবাৰ কি উপহাৰ দিলে নৰেন্দ্ৰ মোদীয়ে?

জি-৭ সন্মিলনত আকৌ মুখামুখি হ’ল মোদী আৰু মেলনী : এইবাৰ কি উপহাৰ দিলে নৰেন্দ্ৰ মোদীয়ে?

June 16, 2026 9:13 pm
নিৰ্বাচনৰ পথাৰত নামিবনে ককৰোচ জনতা পাৰ্টী, নিজৰ স্থিতি স্পষ্ট কৰিলে প্ৰতিষ্ঠাপক অভিজিতে

নিৰ্বাচনৰ পথাৰত নামিবনে ককৰোচ জনতা পাৰ্টী, নিজৰ স্থিতি স্পষ্ট কৰিলে প্ৰতিষ্ঠাপক অভিজিতে

June 16, 2026 9:07 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

June 16, 2026 9:46 pm
মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

June 16, 2026 9:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd