কাইলৈ ভাৰতত মুকলি হ’ব হুণ্ডাইৰ ইলেক্ট্ৰিক কাৰ কোনা (Kona)। আকৰ্ষণীয় ষ্টাইলৰ হুণ্ডাই কোনাৰ আনুমানিক বজাৰ মূল্য হ’ব পাৰে ২২ লাখৰ পৰা ২৫ লাখৰ ভিতৰত। নিৰ্মাতা কোম্পানীটোৱে দাবী কৰা অনুসৰি মুকলি হ’বলগীয়া গাড়ীখন এবাৰ চাৰ্জ দিলে ৪৫২ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিবলৈ সক্ষম হ’ব। দিল্লীৰ পৰা চণ্ডীগড়লৈ হুণ্ডাই কোনাই এবাৰ চাৰ্জ দিলেই অহা-যোৱা কৰিব পাৰিব।
চিক্স চিটাৰ হুণ্ডাই কোনা বাহনখনত ৭ ইঞ্চিৰ টাচ্চস্ক্ৰীণ ইনফোটেইনমেণ্ট চিষ্টেম উপলব্ধ হ’ব। ইনফোটেইনমেণ্ট চিষ্টেম এপ’ল কাৰ প্লে অথবা এন্ড্ৰইড অটো স্মাৰ্ট ফোনৰ দ্বাৰা সংযোগ কৰিব পৰা যাব। নতুন ইলেক্ট্ৰিকবাহনখন দেশৰ ১৬ খন চহৰত উপলব্ধ হ’ব। হুণ্ডাই বাহনখনৰ প্ৰতিযোগিতা এম জি ম’টৰছৰ ই জেদ এচ বাহনখনৰ লগত হ’ব বুলি অনুমান কৰা গৈছে।
হুণ্ডাইৰ ইলেক্ট্ৰিক বাহনখন ভাৰতত মুকলি কৰাৰ পূৰ্বে য়ুৰোপৰ বিভিন্ন দেশত দুটা সংস্কৰণত মুকলি কৰি দিয়া হৈছে। গাড়ীখনত ৬৪ কিলোৱাট ক্ষমতাৰ বেটাৰীৰ সংযোগ দিয়া হৈছে।
হুণ্ডাই কোনা বাহনখনক ৬ ঘণ্টাত সম্পূৰ্ণ চাৰ্জ দিব পৰা যাব। টপ বৰিএংট মডেলৰ বাহনখনক চাৰ্জ দিয়াৰ বাবে ৯ ঘণ্টাৰ প্ৰয়োজন হয়। ফাষ্ট চাৰ্জিঙৰ ব্যৱস্থাৰ দ্বাৰা গাড়ীখনক এক ঘণ্টাত ৮০ শতাংশলৈ চাৰ্জ দিব পৰা যায়।
সুৰক্ষাৰ দিশলৈ লক্ষ্য কৰিলে নতুন ইলেক্ট্ৰিক বাহনখনত স্মাৰ্ট চেঞ্চ টেকন’লজি ব্যৱহাৰ কৰা হৈছে যাৰ দ্বাৰা যিকোনো ধৰণৰ সংঘৰ্ষত যাত্ৰীসকল ৰক্ষা পৰিব বুলি আশা কৰা হৈছে। গাড়ীখনৰ ভিতৰত সুৰক্ষামূলক ব্ৰেক আৰু ছয়টা এয়াৰ বেগৰ ব্যৱস্থা থাকিব।
হুণ্ডাই কোনা ইলেক্ট্ৰিক বাহনখনক ব্লু লিংক এপৰ দ্বাৰা ষ্টাৰ্ট অথবা বন্ধ কৰিব পৰা যাব লগতে ইয়াত ৱায়াৰলেছ চাৰ্জিঙৰ ব্যৱস্থাও উপলব্ধ হ’ব।
কোনাত এল ই ডি প্ৰজেক্টৰৰ লগতে ডি আৰ এল এচো উপলব্ধ হ’ব আৰু ৮ ইঞ্চিৰ ইনফোটেইনমেন্ট চিষ্টেমো লগোৱা থাকিব।