গুৱাহাটী মহানগৰৰ দাঁতিকাষৰীয়া বাথানত ভৰা ব্ৰহ্মপুত্ৰৰ বুকুত সংঘটিত হৈছে এক ভয়ংকৰ নাও দুৰ্ঘটনা।
বিপদসীমাৰ ওপৰত বাঢ়ি থকা ব্ৰহ্মপুত্ৰৰ কোবাল সোঁতত নাওসহ নিখোঁজ হৈছে ৩জন লোক।
কামৰূপ (মহানগৰ) জিলাৰ ধাৰাপুৰত সংঘটিত প্ৰথমটো ঘটনাত নাও বাগৰি পৰি ৪জন লোক নৈত পৰি যায়। তাৰে দুজনক উদ্ধাৰ কৰা হয় যদিও বাকী দুজন এতিয়াও সন্ধানহীন হৈ আছে। তেওঁলোকৰ সলিল সমাধি ঘটা বুলি আশংকা কৰা হৈছে।
ব্যক্তিকেইজনৰ পৰিচয় এতিয়ালৈকে জানিব পৰা হোৱা নাই।
কামৰূপ (গ্ৰাম্য) জিলাৰ হাজোৰ সমীপৰ বাথানত সংঘটিত আনটো নাও দুৰ্ঘটনাত সতীশ বৈশ্য, গঙ্গা বৈশ্য, দীপক বৈশ্য, নিহাল বৈশ্য আৰু কল্প বৈশ্য নামৰ পাঁচজন লোক নিখোঁজ হৈছিল।
তেওঁলোকৰ এজনক বাদ দি বাকীসকলক উদ্ধাৰ কৰা বুলি জানিব পৰা গৈছে। ব্ৰহ্মপুত্ৰৰ চাপৰিৰ পৰা বাথানলৈ আহি থকা অৱস্থাতে কোবাল ব্ৰহ্মপুত্ৰৰ বুকুত নাওখন সন্ধানহীন হোৱা বুলি জানিব পৰা গৈছে।
সবিশেষ তথ্যৰ বাবে অপেক্ষা কৰি থকা হৈছে।
ঘটনাস্থলী অভিমুখে সাংবাদিক ৰাওনা হৈছে।





