• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, June 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

স্মাৰ্ট চিটী : মূত্ৰ স্থলীলৈ ৰূপান্তৰিত ১৪ হাজাৰ কোটিটকীয়া মেট্ৰ’ ৰে’ল প্ৰকল্প

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
July 18, 2019 7:16 pm
Rail
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আধুনিক যাতায়ত-পৰিবহণ ব্যৱস্থাৰ উল্লেখনীয় এক মাধ্যম হৈছে মেট্ৰ’ ৰে’ল। গুৱাহাটীতো হোৱাৰ কথা আছিল মেট্ৰ’ ৰেল সেৱা, মহানগৰবাসীক মেট্ৰ’ৰেল সেৱাৰ জৰিয়তে যান-জঁটৰ সমস্যাৰ পৰা পৰিত্ৰাণ দিয়াৰ সপোন দেখুৱাইছিল পূৰ্বৰ কংগ্ৰেছ আৰু বৰ্তমানৰ পৰিৱৰ্তনকামী বিজেপি চৰকাৰে। কিন্তু আধাৰশিলা স্থাপনতে সীমাবদ্ধ হৈ ৰ’ল গুৱাহাটী মেট্ৰ’ ৰে’ল প্ৰকল্পৰ কাম।

২০১৬ চনৰ ২৯ ফেব্ৰুৱাৰিৰ দিনা তদানীত্বন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে খানাপাৰাত উদ্বোধন কৰিছিল গুৱাহাটী মহানগৰীৰ ৰে’লভিত্তিক মাছ ৰেপিড ট্ৰেনজিট ছিষ্টেমৰ আধাৰশিলা। কিন্তু সেই আধাৰশিলা এতিয়া সম্পূৰ্ণ পৰিত্যক্ত হৈ পৰিছে।

Apply Now

জি এম ডি এৰ অধীনৰ মাটিত স্থাপিত এই আধাৰশিলা এতিয়া হাবি-বননিৰে আৱৰি ধৰিছে। আনকি উত্তৰ-পূবৰ ভিন্ন ঠাইৰ পৰা অহা কোনো কোনো লোকে সেই আধাৰ শিলাৰ তলত বা কাষতে মুত্ৰ ত্যাগ কৰে। যাৰ ফলত মুত্ৰ ত্যাগৰ স্থানলৈ ৰূপান্তৰিত হৈছে ১৪ হাজাৰ কোটি টকীয়া মেট্ৰ’ ৰে’ল প্ৰকল্পৰ আধাৰশিলা।

উল্লেখযোগ্য যে, ২০১৩ চনতে কংগ্ৰেছৰ আমোলত কেন্দ্ৰীয় চৰকাৰৰ নগৰ উন্নয়ন প্ৰাধিকৰণে গুৱাহাটীত মেট্ৰ’ ৰে’ল ব্যৱস্থাৰ বাবে সন্মতি দিছিল। সেই সময়তে ৰাজ্য চৰকাৰে মেট্ৰ’ ৰে’লৰ প্ৰকল্প আৰম্ভ কৰাৰ  বাবদ ২৫ কোটি টকাৰ অনুমোদন লাভ কৰিছিল। প্ৰকল্পটো সম্পূৰ্ণ হ’বৰ বাবে খৰচ ধাৰ্য কৰা হৈছিল ১৪ হাজাৰ কোটি টকা। এই মেট্ৰ’ ৰে’ল নিৰ্মাণৰ দায়িত্বত আছে গুৱাহাটী নগৰ উন্নয়ন বিভাগ।

তদুপৰি, ২০১৬ চনতে এম/এস ৰাইটছ নামৰ নিৰ্মাণকাৰী সংস্থাটোৱে প্ৰথম স্তৰৰ ডিপিআৰ প্ৰস্তুতৰ কাম সম্পূৰ্ণ কৰিছিল। তাৰ পাছতে উক্ত বৰ্ষৰ ২৬ ফেব্ৰুৱাৰিৰ দিনা এমআৰটিএছৰ কাম আগবঢ়োৱাৰ উদ্দেশ্যে গুৱাহাটী মেট্ৰ’ ৰে’ল কৰ্পোৰেশ্যন লিমিটেড গঠন কৰিবলৈ ৰাজ্য চৰকাৰে অনুমতি দিছিল।

আনহাতে, এই প্ৰকল্পৰ আধাৰশিলা স্থাপনৰ তিনি মাহৰ পাছতে কংগ্ৰেছ চৰকাৰৰ ১৫বছৰীয়া শাসন ওফৰাই ‘পৰিৱৰ্তন’ৰ শ্ল’গানেৰে গাদী দখল কৰিছিল বিজেপি চৰকাৰে। চৰকাৰ গঠন কৰাৰ পাছত ২০১৭ চনৰ জানুৱাৰিত এম আৰ টি এছক নতুনকৈ ডিপিআৰ প্ৰস্তুত কৰিবলৈ নিৰ্দেশ দিছিল। য’ত উত্তৰ গুৱাহাটীৰ পৰা প্ৰস্তাৱিত এইমছ আৰু ধাৰাপুৰৰ পৰা গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰলৈ সম্প্ৰসাৰিত কৰা হ’ল।

পূৰ্বে চাৰিটা কৰিডৰ ক্ৰমে ধাৰাপুৰৰ পৰা নাৰেঙ্গী(২৬.৬ কি.মি), এম জি ৰোডৰ পৰা খানাপাৰা (১০ কি.মি.), জালুকবাৰীৰ পৰা খানাপাৰা (১৯.৪ কি. মি)), আই এছ বি টিৰ পৰা পল্টনবজাৰ (৯.৪ কি.মি) আছিল। এই মেট্ৰ’ ৰে’ল প্ৰকল্প মুঠ ৬১.৪২ কি:মি: দৈৰ্ঘ্যৰ আছিল।

কিন্তু কাগজে-পত্ৰইহে যেন সীমাবদ্ধ আছে মেট্ৰ’ ৰে’ল প্ৰকল্পৰ কাম-কাজ। কিয় জনসাধাৰণৰ মুত্ৰ ত্যাগৰ স্থানলৈ ৰূপান্তৰিত হ’বলগীয়া হ’ল বৃহৎ মেট্ৰ’ ৰে’ল প্ৰকল্পৰ কাম-কাজ? এই প্ৰশ্ন উত্থাপন হৈছে সচেতন মহলত।

ইপিনে, উক্ত স্থানত শৌচ-প্ৰসাৱ কৰিবলৈ কোনো টয়লেটৰ ব্যৱস্থা নাই, যাৰ ফলত আধাৰশিলাৰ তলতে মুকলিকৈ প্ৰসাৱ কৰে কিছু লোকে।

‘’২০১৬ চনতে আধাৰশিলা স্থাপন কৰিলে, কৰিলে কি হ’ব, এতিয়া এনেকৈ পৰি থকাত ৰাইজে ইয়াতে প্ৰসাৱ কৰি আছে। আমি সদায় দেখি থাকো পথচাৰীয়ে প্ৰসাৱ কৰি থকা। আধাৰশিলাটোত অশোক স্তম্ভ আছে, ইয়াৰ প্ৰতি কোনো সন্মান নাইকিয়া কৰি দিছে,’‘-উক্ত স্থানৰ এজন প্ৰত্যক্ষদৰ্শীয়ে নৰ্থ ইষ্ট নাওৰ আগত এইদৰে কয়।

ইপিনে, এই কথাৰ প্ৰতি কোনো ভ্ৰূক্ষেপ নাই জিএমডিএ কৰ্তৃপক্ষৰ।

‘’মেট্ৰ’ ৰে’লৰ কাম-কাজ চলি আছে। আমি ৰিপৰ্টো লাভ কৰিছো। আগতে যিখিনি হৈছিল, সেয়া নতুনকৈ ডিপিআৰৰ কাম আৰম্ভ হৈছে। আধাৰশিলাটো আগতে কি হৈছিল ক’ব নোৱাৰো, মেট্ৰ’ ৰে’লৰ প্ৰকল্পৰ কাম বিজ্ঞানসন্মতভাৱে আৰম্ভ কৰিব লাগিব। খুব হেভী মেট্ৰ’ ৰে’ল দিলেও নহ’ব, কিমান ওজনৰ দিলে ভাল হ’ব সেই সমূহো পৰীক্ষা কৰিব লাগিব,‘’-নৰ্থ ইষ্ট নাওৰ সাংবাদিকৰ আগত এইদৰে কয় জিএমডিএৰ কাৰ্য্যবাহী বিষয়া মলয় বৰাই।

ইয়াৰোপৰি, আৰু পাঁচ-ছয় বছৰৰ পাছতহে মেট্ৰ’ ৰে’লৰ কাম-কাজ সম্পূৰ্ণ হৈ উঠাৰ সম্ভাৱনাৰ কথা প্ৰকাশ কৰে বৰাই।

মেট্ৰ’ ৰে’ল প্ৰকল্পৰ জৰিয়তে গুৱাহাটী মহানগৰবাসীক ‘স্মাৰ্ট চিটী’ৰ সপোন দেখুওৱা ৰাজ্য চৰকাৰৰ কামৰ নমুনা পৰিত্যক্ত আৰু মুত্ৰ ত্যাগ স্থলীলৈ ৰূপান্তৰিত হোৱা ‘মেট্ৰ’ ৰে’ল প্ৰকল্পৰ আধাৰশিলাই উদঙাই দিছে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

জি-৭ সন্মিলনত অস্বস্তিকৰ পৰিৱেশ, মেলনীৰ ওঁঠত চুম্বনৰ চেষ্টা জেলেনস্কিৰ!

জি-৭ সন্মিলনত অস্বস্তিকৰ পৰিৱেশ, মেলনীৰ ওঁঠত চুম্বনৰ চেষ্টা জেলেনস্কিৰ!

June 17, 2026 3:08 pm
জি-৭ সন্মিলনত মোদী আৰু ট্ৰাম্পৰ আলিংগনৰ পৰিৱৰ্তে কৰমৰ্দন: পুনৰ স্বাভাৱিক হ’বনে ভাৰত আৰু আমেৰিকাৰ সম্পৰ্ক?

জি-৭ সন্মিলনত মোদী আৰু ট্ৰাম্পৰ আলিংগনৰ পৰিৱৰ্তে কৰমৰ্দন: পুনৰ স্বাভাৱিক হ’বনে ভাৰত আৰু আমেৰিকাৰ সম্পৰ্ক?

June 17, 2026 3:01 pm
দিল্লীত গাৰ নোম শিয়ৰি উঠা ঘটনা! ফ্লাইঅভাৰৰ পৰা জাঁপ দিব খোজা এজন লোকক জীৱনদান দিলে আৰক্ষী বিষয়াই

দিল্লীত গাৰ নোম শিয়ৰি উঠা ঘটনা! ফ্লাইঅভাৰৰ পৰা জাঁপ দিব খোজা এজন লোকক জীৱনদান দিলে আৰক্ষী বিষয়াই

June 17, 2026 1:34 pm
এইবাৰ ছবিগৃহত হ’ব নিৰ্বাচন! ২৪ জুলাইত মুক্তি পাব হিমাংশু প্ৰসাদ দাসৰ নতুন অসমীয়া ছবি ‘এক্স ৱাই জেড’

এইবাৰ ছবিগৃহত হ’ব নিৰ্বাচন! ২৪ জুলাইত মুক্তি পাব হিমাংশু প্ৰসাদ দাসৰ নতুন অসমীয়া ছবি ‘এক্স ৱাই জেড’

June 17, 2026 1:24 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জি-৭ সন্মিলনত অস্বস্তিকৰ পৰিৱেশ, মেলনীৰ ওঁঠত চুম্বনৰ চেষ্টা জেলেনস্কিৰ!

জি-৭ সন্মিলনত অস্বস্তিকৰ পৰিৱেশ, মেলনীৰ ওঁঠত চুম্বনৰ চেষ্টা জেলেনস্কিৰ!

June 17, 2026 3:08 pm
জি-৭ সন্মিলনত মোদী আৰু ট্ৰাম্পৰ আলিংগনৰ পৰিৱৰ্তে কৰমৰ্দন: পুনৰ স্বাভাৱিক হ’বনে ভাৰত আৰু আমেৰিকাৰ সম্পৰ্ক?

জি-৭ সন্মিলনত মোদী আৰু ট্ৰাম্পৰ আলিংগনৰ পৰিৱৰ্তে কৰমৰ্দন: পুনৰ স্বাভাৱিক হ’বনে ভাৰত আৰু আমেৰিকাৰ সম্পৰ্ক?

June 17, 2026 3:01 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd