• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিজ্ঞাপনৰ নামত কোটি কোটি টকা ব্যয় সোণোৱাল চৰকাৰৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
July 22, 2019 11:39 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ব্যয় সংকোচনৰ কথা কোৱা সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন ৰাজ্যৰ বিজেপি চৰকাৰৰ অতি ব্যয়বহুল বিজ্ঞাপনৰ এক তথ্য প্ৰকাশ পাইছে। সংবাদ মাধ্যমত বিজ্ঞাপনৰ নামত বিগত তিনিবছৰে কিমান টকা খৰচ কৰিলে আপুনি জানেনে?

তিনিটা বছৰত বিজ্ঞাপন দিয়াৰ বাবদ ৰাজ্যৰ তথ্য ও জনসংযোগ বিভাগে খৰচ কৰিছে কোটি কোটি টকা। প্ৰত্যেক দিনাই প্ৰায় ৮ লাখ টকা টেলিভিচন, ৰেডিঅ’ৰ বিজ্ঞাপনৰ নামত ব্যয় কৰে বিভাগটোৱে।

Apply Now

দুৰ্নীতি বিৰোধী যুৱ শক্তি, অসমে দাখিল কৰা আৰ টি আই আবেদনৰ উত্তৰত বিভাগটোৱে নিজেই প্ৰদান কৰিছে এই তথ্য।

সংবাদমেলৰ ফটো

দেওবাৰে দিচপুৰ প্ৰেছ ক্লাৱত এক সংবাদমেলত ৰাজ্যৰ তথ্য ও জনসংযোগ সঞ্চালকালয়ৰ তৰফৰ পৰা প্ৰদান কৰা তথ্য দাঙি ধৰি সংগঠনটোৰ সভাপতি ধৰ্মকান্ত গগৈয়ে কয় যে বিজ্ঞাপনৰ বাবদ যোৱা ৩টা বছৰত জনসংযোগ বিভাগে খৰচ কৰিছে ৭৬ কোটি ২৮ লাখ ১০ হাজাৰ ৯৩১ টকা।

ইয়াৰে ২০১৬-১৭ বৰ্ষত ২৬,৮৭,৫১,৪৩৬ টকা, ২০১৭-১৮ বৰ্ষত ১৬,৭৮,৬৯,৭৯৯ টকা আৰু ২০১৮-১৯ বৰ্ষত ৩২,৬১,৮৯,৬৯৬ টকা খৰচ কৰা হৈছে।

গগৈয়ে জনোৱা মতে প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ মালিকানাধীন টিভি চেনেল নিউজ লাইভক বিজ্ঞাপনৰ বাবদ সৰ্বাধিক ৪০,৯১,৬৪৭ টকা প্ৰদান কৰাৰ বিপৰীতে ৰেডিঅ’ মিৰ্চিক প্ৰদান কৰা হৈছে সৰ্বনিম্ন ১৫,৩৪০ টকা।

‘যি সময়ত মুখ্য মন্ত্ৰীয়ে কৈ আছে যে বানত ক্ষতিগ্ৰস্ত লোকক সহায় কৰিবলৈ চৰকাৰৰ পুঁজিৰ অভাৱ, সেই সময়তে চৰকাৰে কৰিছে বিজ্ঞাপন বিলাসিতা। বানাক্ৰান্তক সহায় কৰিবলৈ পুঁজি নথকা চৰকাৰখনে কেনেকৈ বিজ্ঞাপনৰ নামত ধন পাইছে?’ – গগৈৰ প্ৰশ্ন।

সোণোৱাল চৰকাৰক বিজ্ঞাপন বিলাসিতা পৰিত্যাগ কৰিবলৈ দাবী জনাই গগৈয়ে লগতে কয়, ‘যিখিনি প্ৰয়োজনীয় বিজ্ঞাপন তাৰ নামতহে ধন খৰচ কৰক। দৈনিক বিজ্ঞাপনৰ নামত ৮ লাখ টকাকৈ ব্যয় হৈ আছে, যিখিনি ধনেৰে দৈনিক দুজনকৈ নিবনুৱা যুৱকক কৰ্ম সংস্থাপন দিব পাৰে।‘

ইপিনে, প্ৰদান কৰা আৰ টি আই তথ্যত বিভাগটোৰ অতিৰিক্ত সঞ্চালকে হিচাপৰ গুৰুতৰ ভূল কৰিছিল। মুঠ খৰচত ৭৬,২৮,১০,৯৩১ টকাৰ সলনি বিভাগটোৱে মাত্ৰ ৪৯,৪০,৫৯,৪৯৫ টকা দেখুৱাইছিল। পাছত দুৰ্নীতি বিৰোধী যুৱ শক্তিৰ সভাপতিয়ে বিভাগটোৰ সৈতে যোগাযোগ কৰি হিচাপটো শুধৰাই দিয়ে বুলি সংবাদমেলত গগৈয়ে কয়।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

মৰ্মান্তিক ঘটনা! আমেৰিকাত বিমান দুৰ্ঘটনাত ১১ জন স্কাইডাইভাৰসহ ১২জন নিহত

মৰ্মান্তিক ঘটনা! আমেৰিকাত বিমান দুৰ্ঘটনাত ১১ জন স্কাইডাইভাৰসহ ১২জন নিহত

June 15, 2026 12:41 pm
কেমেৰাৰ সন্মুখতে আগ্নেয়গিৰিৰ জ্বালামুখত পৰি মৃত্যুক সাৱটিলে ‘স্পাইডাৰ-মেন অৱ য়েমেন’য়ে

কেমেৰাৰ সন্মুখতে আগ্নেয়গিৰিৰ জ্বালামুখত পৰি মৃত্যুক সাৱটিলে ‘স্পাইডাৰ-মেন অৱ য়েমেন’য়ে

June 15, 2026 11:51 am
দুবাৰকৈ পিছ পৰি দুবাৰেই দুৰ্দান্ত প্ৰত্যাৱৰ্তন; নেদাৰলেণ্ডৰ বিৰুদ্ধে জাপানে দেখুৱালে ৰোমাঞ্চকৰ খেল

দুবাৰকৈ পিছ পৰি দুবাৰেই দুৰ্দান্ত প্ৰত্যাৱৰ্তন; নেদাৰলেণ্ডৰ বিৰুদ্ধে জাপানে দেখুৱালে ৰোমাঞ্চকৰ খেল

June 15, 2026 10:26 am
সকাহৰ খবৰ! আমেৰিকা-ইৰাণৰ শান্তি চুক্তি সম্পূৰ্ণ; হৰমুজ প্ৰণালীক লৈ লোৱা হ’ল ডাঙৰ সিদ্ধান্ত

সকাহৰ খবৰ! আমেৰিকা-ইৰাণৰ শান্তি চুক্তি সম্পূৰ্ণ; হৰমুজ প্ৰণালীক লৈ লোৱা হ’ল ডাঙৰ সিদ্ধান্ত

June 15, 2026 9:10 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মৰ্মান্তিক ঘটনা! আমেৰিকাত বিমান দুৰ্ঘটনাত ১১ জন স্কাইডাইভাৰসহ ১২জন নিহত

মৰ্মান্তিক ঘটনা! আমেৰিকাত বিমান দুৰ্ঘটনাত ১১ জন স্কাইডাইভাৰসহ ১২জন নিহত

June 15, 2026 12:41 pm
কেমেৰাৰ সন্মুখতে আগ্নেয়গিৰিৰ জ্বালামুখত পৰি মৃত্যুক সাৱটিলে ‘স্পাইডাৰ-মেন অৱ য়েমেন’য়ে

কেমেৰাৰ সন্মুখতে আগ্নেয়গিৰিৰ জ্বালামুখত পৰি মৃত্যুক সাৱটিলে ‘স্পাইডাৰ-মেন অৱ য়েমেন’য়ে

June 15, 2026 11:51 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd