• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পুৰণিগুদামত দোভাগ নিশা পৰ্যন্ত উৎসৱমুখৰ পৰিবেশ : নৃত্যাঞ্জলী নৃত্য কৰ্মশালাৰ সামৰণি

ভার্গব হাজৰিকা by ভার্গব হাজৰিকা
July 25, 2019 5:25 pm
IMG-20190723-WA0045

ফটো : নৰ্থইষ্ট নাও

420
VIEWS
Share on FacebookShare on Twitter

নগাঁও জিলাৰ ঐতিহ্যমণ্ডিত পুৰণিগুদামত বিগত কেইবাদিনো নিশা পৰ্য্যন্ত সৃষ্টি হ’য় এক উৎসৱমুখৰ পৰিবেশৰ। মঙলবাৰে নিশা পুৰণিগুদামৰ ভবেন্দ্ৰনাথ শইকীয়া ৰাজহুৱা প্ৰেক্ষাগৃহত সমবেত প্ৰায় ডেৰ সহস্ৰাধিক দৰ্শক-অভিভাৱকৰ উপস্থিতিৰে সফল পৰিসমাপ্তি হয় নৃত্যাঞ্জলী নৃত্য কৰ্মশালাৰ অন্তিম তথা চুড়ান্ত অনুষ্ঠানটো।

ছাত্ৰ-ছাত্ৰী সকলৰ চলিত গ্ৰীষ্মকালীন বন্ধৰ প্ৰতি লক্ষ্য ৰাখি পুৰণিগুদামৰ ভীমৰগাঁৱৰ স্থানীয় যুৱশিল্পী তথা নৃত্যাঞ্জলী নৃত্য কৰ্মশালাৰ পৰিচালন সঞ্চালক ইন্দ্ৰজ্যোতি দাসৰ তত্বাৱধানত যোৱা ২জুলাইৰ পৰা ২০জুলাই পৰ্য্যন্ত বৃহত্তৰ নগাঁও জিলাৰ শিশু সকলক অসমীয়া কলা-সংস্কৃতিৰ ক্ষেত্ৰখনত এখোপ আগবাঢ়াই নিয়াৰ প্ৰচেষ্টাৰে অসমীয়াৰ বাপতিসাহোন বিহু নৃত্য, ঢোল বাদন, সত্ৰীয়া আৰু আধুনিক সৃষ্টিশীল নৃত্যৰ ওপৰত বিশেষ প্ৰশিক্ষণ প্ৰদান কৰা হৈছিল।

উল্লেখযোগ্য যে, কৰ্মশালা খনত বিহুনৃত্যৰ প্ৰশিক্ষক হিচাপে তেজপুৰৰ পৰা আমন্ত্ৰণ কৰি অনা হৈছিল সুদক্ষ বিহুৱতী তথা অভিনেত্ৰী মৌনিতা বৰাৰ লগতে ঢোল বাদনৰ প্ৰশিক্ষক হিচাপে আছিল শিৱসাগৰৰ বাস্তৱ শইকীয়া আৰু নগাঁৱৰ শংকৰ দাস। সত্ৰীয়া নৃত্যৰ প্ৰশিক্ষক হিচাপে আছিল নগাঁৱৰে বিনোদ ভূঞা আৰু ৰাজকুমাৰী ভূঞা।

কৰ্মশালাখনত আধুনিক সৃষ্টিশীল নৃত্যৰ প্ৰশিক্ষণ প্ৰদান কৰিছিল নগাঁৱৰ ক্ৰমে মানস জ্যোতি বৰা, প্ৰাৰ্থ প্ৰতিম দাস আৰু স্মৃতিৰেখা কলিতাই। এই আটাইকেইটা বিভাগতে প্ৰশিক্ষণ গ্ৰহণ কৰা প্ৰায় অৰ্ধশতাধিক কণ-কণ শিশু, কিশোৰ-কিশোৰীয়ে মঙ্গলবাৰে আয়োজিত কৰ্মশালা খনৰ সামৰণি অনুষ্ঠানটো বৰ্ণাঢ্য কাৰ্যসূচীৰ ৰূপায়িত কৰে।

ইয়াৰ মাজতে আটাইকেইজন প্ৰশিক্ষককে উদ্যোক্তা সকলৰ তৰফৰ পৰা ৰাজহুৱাকৈ বিশেষভাৱে সম্বৰ্দ্ধনা জ্ঞাপন কৰাৰ লগতে প্ৰশিক্ষক কেইগৰাকীৰ দ্বাৰাও সামৰণি অনুষ্ঠানটিত প্ৰদৰ্শন কৰা বিশেষ-বিশেষ নৃত্যই উপস্থিত সকলোৰে হৃদয় আপ্লুত কৰিবলৈ সক্ষম হয়।

অন্তিম অনুষ্ঠানটো সাফল্যমণ্ডিত কৰি তোলাৰ ক্ষেত্ৰত কৰ্মশালা খনৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত হৈ পৰা স্থানীয় মন্টু, নিপা, বনশ্ৰী, পল্লৱী, পাৰ্থ, প্ৰিয়ংকাকে আদি কৰি সমূহ সদস্য-সদস্যাকে নৃত্যাঞ্জলীৰ পৰিচালন সঞ্চালক গৰাকীয়ে কৃতজ্ঞতা স্বীকাৰ কৰা দেখা যায়।

লক্ষণীয়ভাবে নৃত্যাঞ্জলীৰ এই মাহজোৰা প্ৰচেষ্টাই উঠি অহা নৱপ্ৰজন্মৰ কণ-কণ শিশু সকলক নিজৰ জাতি, কলা-সংস্কৃতি আৰু পৰম্পৰাৰ বিষয়ে বহুলভাৱে নহ’লেও কিঞ্চিত মাত্ৰ হ’লেও ধাৰণা দিবৰ বাবে সক্ষম হৈছে বুলি বিশ্বাসী উদ্যোক্তা সকলৰ লগতে অনুষ্ঠানটোত উপস্থিত থকা পুৰণিগুদামৰ গণ্য মান্য ব্যক্তি সকলে।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd