• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, June 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বান, এন আৰ চি হ’ব প্ৰধান বিষয়; বিধান সভা অধিৱেশনলৈ টঙালি শাসক-বিৰোধীৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
July 25, 2019 7:50 pm
Assam assembly summer session: Flood, NRC to be main issues

অসম বিধানসভাৰ ফাইল ছবি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সমগ্ৰ অসমজুৰি হোৱা বান আৰু সংবেদনশীল এন আৰ চি হ’ব শুকুৰবাৰৰ পৰা আৰম্ভ হ’ব লগা অসম বিধান সভাৰ গ্ৰীষ্মকালীন অধিৱেশনৰ প্ৰধান বিষয়।

ৰাজ্যখনে এতিয়াও মূৰ দাঙি উঠিব নোৱৰা বিধ্বংসী বানক প্ৰধান বিষয় হিচাপে ল’ব শাসক বিজেপি আৰু প্ৰধান বিৰোধী কংগ্ৰেছে।

Apply Now

বিজেপি চৰকাৰৰ আন বিফলতাৰ লগতে চলিত বানৰ মোকাবিলাত কেন্দ্ৰৰ “ভূমিকাহীনতা”ক বিষয় হিচাপে ল’ব বিৰোধী কংগ্ৰেছে, দলপতি দেৱব্ৰত শইকীয়াই জনায়।

“বানপানীৰ এসপ্তাহপৰ্য্যন্ত বহু অঞ্চলৰ বানপীড়িত লোকৰ কাষলৈ প্ৰশাসনৰ কোনো লোক যোৱা নাই, আনকি মণ্ডল নাইবা গাওঁবুঢ়াও যোৱা নাই। এই কথাসমূহ অধিৱেশনত আলোচনা কৰা হ’ব,” ৰাজ্যৰ চলিত বানত কেন্দ্ৰীয় চৰকাৰে বিশেষ একো ভূমিকা লোৱা নাই বুলি উল্লেখ কৰি শইকীয়াই জনায়।

শাসক বিজেপি নিৰ্বাচনী প্ৰতিশ্ৰুতি পালনত ব্যৰ্থ হোৱা বুলি উল্লেখ কৰি তেওঁ কয় যে অধিৱেশনত চৰকাৰৰ বিভিন্ন বিফলতাসমূহ দাঙি ধৰা হ’ব।

তাৰোপৰি অধিৱেশনত উত্থাপিত হ’ব লগা বিধিসমূহৰ ওপৰত বিৰোধী হিচাপে চোকা নজৰ ৰাখিব কংগ্ৰেছে।

“অধিৱেশনত যিসমূহ বিধি উত্থাপন হ’ব, সেই বিধিসমূহৰ ঋণাত্মক দিশসমূহ যাতে বাতিল কৰা হয়, তাৰ ওপৰত দৃষ্টি থাকিব। এইবাৰ কেইখনমান বিল উত্থাপন কৰা হ’ব সেইখিনিৰ বিতৰ্কত আমি নিশ্চিতভাৱে অংশগ্ৰহণ কৰিম,” শইকীয়াই কয়।

তাৰোপৰি কংগ্ৰেছ বিধায়কসকলে অধিৱেশত নিজৰ নিজৰ এলেকাৰ ৰাইজৰ দুখ-দুৰ্দশাসমূহ সমাধান কৰিবৰ বাবে চৰকাৰৰ দৃষ্টিগোচৰ কৰিব বুলি তেওঁ জনায়।

আনহাতে, ভয়াৱহ বান শাসক বিজেপিৰো অন্যতম প্ৰধান বিষয় হ’ব অধিৱেশনত।

খুমটাইৰ বিধায়ক মৃণাল শইকীয়াই কয় যে আগন্তুক অধিৱেশনত তেওঁ বানপানীৰ সমস্যা, কাজিৰঙাৰ পৰিস্থিতি সম্পৰ্কে উত্থাপন কৰিব।

“বানপীড়িত ৰাইজৰ সহায়ৰ কামত লাগি থাকিবলগীয়া হৈছে বাবে প্ৰশ্ন কৰাৰ ইমান সুযোগ নাপাম। তথাপি বানপানী সমস্যা, মথাউৰি নিৰ্মাণ, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কেজুৱেল কৰ্মীৰ দৰমহা বৃদ্ধি প্ৰসংগ উত্থাপন কৰিম,” নৰ্থ ইষ্ট নাওক জনায় বৰ্তমান সমষ্টিৰ বানপীড়িত ৰাইজৰ মাজত সাহায্য বিতৰণত ব্যস্ত থকা বিধায়ক শইকীয়াই।

আন এক বিৰোধী দল এ আই ইউ দি এফেও “বান”ক এইবাৰ প্ৰধান বিষয় হিচাপে উত্থাপন কৰিব।

“বিধান সভাত সৰ্বসন্মতিক্ৰমে এক প্ৰস্তাৱ গ্ৰহণ কৰি বান-গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি দিয়াৰ বাবে দাবী কৰা হ’ব,” দলটোৰ ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলামে কয়।

আনহাতে অসমৰ এন আৰ চিজনিত বিভিন্ন বিষয়ক লৈয়ো বিধান সভাত সৰৱ হ’ব এ আই ইউ দি এফ।

“ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ বিভিন্ন দিশ অধিৱেশনৰ সময়ত দাঙি ধৰা হ’ব,” ইছলামে জনায়।

ইফালে, এন আৰ চিত বহু চৰকাৰী কৰ্মচাৰী দীৰ্ঘদিনধৰি জৰিত হৈ থকাৰ কথা উল্লেখ কৰি ইছলামে কয় যে তেওঁলোকে সোনকালে এখন শুদ্ধ এন আৰ চি প্ৰকাশ কৰি এইসকল বিষয়া-কৰ্মচাৰীক আজৰি কৰি দিয়াৰ পোষকতা কৰে।

তাৰোপৰি অপ্ৰাদেশিকৃত বিদ্যালয়সমূহৰ প্ৰাদেশিককৰণৰ প্ৰসংগও বিধান সভাৰ মজিয়াত এ আই য়ু ডি এফে উত্থাপন কৰিব, ইছলামে জনায়।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

আফগানিস্তানৰ বিৰুদ্ধে পুনৰ জিলিকিল অধিনায়ক শুভমন গিল, একেলগে শতক অৰ্জন ঈশান কিষাণৰ

আফগানিস্তানৰ বিৰুদ্ধে পুনৰ জিলিকিল অধিনায়ক শুভমন গিল, একেলগে শতক অৰ্জন ঈশান কিষাণৰ

June 17, 2026 5:07 pm
পিতৃক হত্যা কৰিছিল আল কায়দায়ে, ককায়েকক হত্যা কৰিছিল আইছিছে, এতিয়া মাতৃৰ বাবে ঘৰ সজাৰ সপোন ইৰাকৰ গ’লদাতা আয়মেনৰ

পিতৃক হত্যা কৰিছিল আল কায়দায়ে, ককায়েকক হত্যা কৰিছিল আইছিছে, এতিয়া মাতৃৰ বাবে ঘৰ সজাৰ সপোন ইৰাকৰ গ’লদাতা আয়মেনৰ

June 17, 2026 3:48 pm
জি-৭ সন্মিলনত অস্বস্তিকৰ পৰিৱেশ, মেলনীৰ ওঁঠত চুম্বনৰ চেষ্টা জেলেনস্কিৰ!

জি-৭ সন্মিলনত অস্বস্তিকৰ পৰিৱেশ, মেলনীৰ ওঁঠত চুম্বনৰ চেষ্টা জেলেনস্কিৰ!

June 17, 2026 3:08 pm
জি-৭ সন্মিলনত মোদী আৰু ট্ৰাম্পৰ আলিংগনৰ পৰিৱৰ্তে কৰমৰ্দন: পুনৰ স্বাভাৱিক হ’বনে ভাৰত আৰু আমেৰিকাৰ সম্পৰ্ক?

জি-৭ সন্মিলনত মোদী আৰু ট্ৰাম্পৰ আলিংগনৰ পৰিৱৰ্তে কৰমৰ্দন: পুনৰ স্বাভাৱিক হ’বনে ভাৰত আৰু আমেৰিকাৰ সম্পৰ্ক?

June 17, 2026 3:01 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আফগানিস্তানৰ বিৰুদ্ধে পুনৰ জিলিকিল অধিনায়ক শুভমন গিল, একেলগে শতক অৰ্জন ঈশান কিষাণৰ

আফগানিস্তানৰ বিৰুদ্ধে পুনৰ জিলিকিল অধিনায়ক শুভমন গিল, একেলগে শতক অৰ্জন ঈশান কিষাণৰ

June 17, 2026 5:07 pm
পিতৃক হত্যা কৰিছিল আল কায়দায়ে, ককায়েকক হত্যা কৰিছিল আইছিছে, এতিয়া মাতৃৰ বাবে ঘৰ সজাৰ সপোন ইৰাকৰ গ’লদাতা আয়মেনৰ

পিতৃক হত্যা কৰিছিল আল কায়দায়ে, ককায়েকক হত্যা কৰিছিল আইছিছে, এতিয়া মাতৃৰ বাবে ঘৰ সজাৰ সপোন ইৰাকৰ গ’লদাতা আয়মেনৰ

June 17, 2026 3:48 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd