সমগ্ৰ অসমজুৰি হোৱা বান আৰু সংবেদনশীল এন আৰ চি হ’ব শুকুৰবাৰৰ পৰা আৰম্ভ হ’ব লগা অসম বিধান সভাৰ গ্ৰীষ্মকালীন অধিৱেশনৰ প্ৰধান বিষয়।
ৰাজ্যখনে এতিয়াও মূৰ দাঙি উঠিব নোৱৰা বিধ্বংসী বানক প্ৰধান বিষয় হিচাপে ল’ব শাসক বিজেপি আৰু প্ৰধান বিৰোধী কংগ্ৰেছে।
বিজেপি চৰকাৰৰ আন বিফলতাৰ লগতে চলিত বানৰ মোকাবিলাত কেন্দ্ৰৰ “ভূমিকাহীনতা”ক বিষয় হিচাপে ল’ব বিৰোধী কংগ্ৰেছে, দলপতি দেৱব্ৰত শইকীয়াই জনায়।
“বানপানীৰ এসপ্তাহপৰ্য্যন্ত বহু অঞ্চলৰ বানপীড়িত লোকৰ কাষলৈ প্ৰশাসনৰ কোনো লোক যোৱা নাই, আনকি মণ্ডল নাইবা গাওঁবুঢ়াও যোৱা নাই। এই কথাসমূহ অধিৱেশনত আলোচনা কৰা হ’ব,” ৰাজ্যৰ চলিত বানত কেন্দ্ৰীয় চৰকাৰে বিশেষ একো ভূমিকা লোৱা নাই বুলি উল্লেখ কৰি শইকীয়াই জনায়।
শাসক বিজেপি নিৰ্বাচনী প্ৰতিশ্ৰুতি পালনত ব্যৰ্থ হোৱা বুলি উল্লেখ কৰি তেওঁ কয় যে অধিৱেশনত চৰকাৰৰ বিভিন্ন বিফলতাসমূহ দাঙি ধৰা হ’ব।
তাৰোপৰি অধিৱেশনত উত্থাপিত হ’ব লগা বিধিসমূহৰ ওপৰত বিৰোধী হিচাপে চোকা নজৰ ৰাখিব কংগ্ৰেছে।
“অধিৱেশনত যিসমূহ বিধি উত্থাপন হ’ব, সেই বিধিসমূহৰ ঋণাত্মক দিশসমূহ যাতে বাতিল কৰা হয়, তাৰ ওপৰত দৃষ্টি থাকিব। এইবাৰ কেইখনমান বিল উত্থাপন কৰা হ’ব সেইখিনিৰ বিতৰ্কত আমি নিশ্চিতভাৱে অংশগ্ৰহণ কৰিম,” শইকীয়াই কয়।
তাৰোপৰি কংগ্ৰেছ বিধায়কসকলে অধিৱেশত নিজৰ নিজৰ এলেকাৰ ৰাইজৰ দুখ-দুৰ্দশাসমূহ সমাধান কৰিবৰ বাবে চৰকাৰৰ দৃষ্টিগোচৰ কৰিব বুলি তেওঁ জনায়।
আনহাতে, ভয়াৱহ বান শাসক বিজেপিৰো অন্যতম প্ৰধান বিষয় হ’ব অধিৱেশনত।
খুমটাইৰ বিধায়ক মৃণাল শইকীয়াই কয় যে আগন্তুক অধিৱেশনত তেওঁ বানপানীৰ সমস্যা, কাজিৰঙাৰ পৰিস্থিতি সম্পৰ্কে উত্থাপন কৰিব।
“বানপীড়িত ৰাইজৰ সহায়ৰ কামত লাগি থাকিবলগীয়া হৈছে বাবে প্ৰশ্ন কৰাৰ ইমান সুযোগ নাপাম। তথাপি বানপানী সমস্যা, মথাউৰি নিৰ্মাণ, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কেজুৱেল কৰ্মীৰ দৰমহা বৃদ্ধি প্ৰসংগ উত্থাপন কৰিম,” নৰ্থ ইষ্ট নাওক জনায় বৰ্তমান সমষ্টিৰ বানপীড়িত ৰাইজৰ মাজত সাহায্য বিতৰণত ব্যস্ত থকা বিধায়ক শইকীয়াই।
আন এক বিৰোধী দল এ আই ইউ দি এফেও “বান”ক এইবাৰ প্ৰধান বিষয় হিচাপে উত্থাপন কৰিব।
“বিধান সভাত সৰ্বসন্মতিক্ৰমে এক প্ৰস্তাৱ গ্ৰহণ কৰি বান-গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি দিয়াৰ বাবে দাবী কৰা হ’ব,” দলটোৰ ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলামে কয়।
আনহাতে অসমৰ এন আৰ চিজনিত বিভিন্ন বিষয়ক লৈয়ো বিধান সভাত সৰৱ হ’ব এ আই ইউ দি এফ।
“ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ বিভিন্ন দিশ অধিৱেশনৰ সময়ত দাঙি ধৰা হ’ব,” ইছলামে জনায়।
ইফালে, এন আৰ চিত বহু চৰকাৰী কৰ্মচাৰী দীৰ্ঘদিনধৰি জৰিত হৈ থকাৰ কথা উল্লেখ কৰি ইছলামে কয় যে তেওঁলোকে সোনকালে এখন শুদ্ধ এন আৰ চি প্ৰকাশ কৰি এইসকল বিষয়া-কৰ্মচাৰীক আজৰি কৰি দিয়াৰ পোষকতা কৰে।
তাৰোপৰি অপ্ৰাদেশিকৃত বিদ্যালয়সমূহৰ প্ৰাদেশিককৰণৰ প্ৰসংগও বিধান সভাৰ মজিয়াত এ আই য়ু ডি এফে উত্থাপন কৰিব, ইছলামে জনায়।