• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শিলাদিত্যই এন আৰ চিৰ বিৰোধিতা কৰাতকৈ আত্মহত্যা কৰা বাঙালীৰ পৰিয়ালৰ বুজ লওক : বাঙালী যুৱ ছাত্ৰ ফেডাৰেইশ্যন

"১৯৭১-ৰ পূৰ্বৰ বাঙালীক ডিটেনশ্যন কেম্পৰ পৰা মুক্তি দিয়ক, নাগৰিকত্ব বিধেয়কৰ মুকলি বিৰোধিতা কৰিম"

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
August 3, 2019 11:12 am
বাঙালী যুৱ ছাত্ৰ ফেডাৰেইশ্যনৰ সংবাদমেল। ২ আগষ্টত, দিচপুৰ প্ৰেছ ক্লাবত।

বাঙালী যুৱ ছাত্ৰ ফেডাৰেইশ্যনৰ সংবাদমেল। ২ আগষ্টত, দিচপুৰ প্ৰেছ ক্লাবত।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বাঙালী যুৱ ছাত্ৰ ফেডাৰেইশ্যনে আজি এখন সংবাদমেলত অসমৰ বাঙালীসকলে “ডি ভোটাৰ আৰু আপত্তি-অভিযোগ”ৰ অগ্নিপৰীক্ষাৰ সন্মুখীন হ’ব লগীয়া হৈছে বুলি কয়।

এই প্ৰক্ৰিয়াত আপত্তি-অভিযোগ দাখিল কৰাসকল শুনানিত অনুপস্থিত থকাৰ বিপৰীতে ভুক্তভোগী বাঙালী লোকে ১৪-১৫বাৰকৈ এনআৰচি সেৱা কেন্দ্ৰলৈ তাঁতবাটি কৰিব লগীয়া হৈছে বুলি অভিযোগ কৰে সংগঠনটোৱে।

Apply Now

পূৰ্বে চাৰিটা ভাগত ভাগ ভাগ হৈ পৰা বাঙালী যুৱ ছাত্ৰ ফেডাৰেইশ্যনৰ তিনিটা গোটে আজি একেলগে দিচপুৰ প্ৰেছ ক্লাবত সংবাদমেল সম্বোধন কৰে।

সংগঠনটোৰ অভিযোগ ডিটেনশ্যন কেম্পত ভাৰতীয় বাঙালীকো হাৰাশাস্তি কৰা হৈছে।

আনহাতে বাঙালী লোকসকলৰ এই যন্ত্ৰণাৰ প্ৰতি সংবেদনহীন হৈ পৰা বুলি বাঙালী মন্ত্ৰী-বিধায়ক, বিশেষকৈ শিলাদিত্যক কঠোৰ সমালোচনা কৰে সংগঠনটোৱে।

বাঙালী মন্ত্ৰী-বিধায়কক “নিৰ্লজ্জ” আখ্যা দি সংগঠনটোৰ এটা গোটৰ সভাপতি কমল চৌধুৰীয়ে কয়, “ঠায়ে ঠায়ে বাঙালী লোকে এন আৰ চিৰ নামত আত্মহত্যা কৰিছে। বৰ্তমানলৈকে প্ৰায় ৩৫জনে আত্মহত্যা কৰিছে। কিন্তু সংবাদ মাধ্যমৰ সন্মুখত হিন্দু বাঙালীৰ কথা কৈ থকা বাঙালী বিধায়কসকলৰ সময় নাই এই পৰিয়ালবোৰৰ খবৰ লোৱাৰ বাবে। বিধায়ক শিলাদিত্যই এন আৰ চি সন্দৰ্ভত প্ৰচাৰ মাধ্যমৰ আগত যিদৰে কয়, তাৰ পৰিৱৰ্তে যদি আত্মহত্যা কৰা লোকৰ পৰিয়ালৰ ওচৰলৈ গৈ ঘটনাৰ বুজ লৈ সংবাদমেল সম্বোধন কৰা হেঁতেন আমি সুখী হ’লো হেঁতেন।”

আনহাতে, ১৯৭১-ৰ পূৰ্বে অহা বাঙালী লোকক ডিটেনশ্যন কেম্পৰ পৰা মুকলি কৰি দিলে নাগৰিকত্ব সংশোধনী বিধেয়কৰ মুকলিকৈ বিৰোধিতা কৰিব বুলি বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনে স্পষ্ট কৰি দিয়ে।

“১৯৭১ চনৰ আগত অহা হিন্দু বাঙালী লোকসকলক ডি-ভোটাৰৰ নামত বা ডিটেনশ্যন কেম্পত ৰাখি থৈছে, যি হাৰাশাস্তি চলাই আছে, সেইবোৰ বন্ধ কৰি দিয়ক, -এই মঞ্চৰ পৰাই কৈছো তেতিয়া আমি মুকলিকৈ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰিম। আমি ১৯৭১ চনৰ পাছত অসমলৈ অহা কোনো বিদেশীৰে বোজা লোৱাটো নিবিচাৰো।” সংবাদমেলত ঘোষণা আন এটা গোটৰ সভাপতি মহানন্দ সৰকাৰ দত্তৰ।

উল্লেখযোগ্য যে, ১৯৯০ চনত গঠিত বাঙালী যুৱ ছাত্ৰ ফেডাৰেইশ্যন কেইবছৰমান পূৰ্বে চাৰিটাকৈ ভাগত বিভক্ত হৈছিল। ইয়াৰে তিনিটা গোটে কালি এক বৈঠকত মিলিত হৈ পুনৰ একত্ৰিত হৈ বাঙালী লোকক সু-সংবদ্ধ কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে। সেই উদ্দেশ্যে তিনিটা গোটৰ সভাপতি ক্ৰমে মহানন্দ চৰকাৰ দত্ত, কমল চৌধুৰী আৰু উৎপল সৰকাৰে যৌথভাৱে আজিৰ সংবাদমেলখন সম্বোধন কৰে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

মা দুৰ্গাৰ ১১ খন হাত! বিতৰ্কিত বিজ্ঞাপনক লৈ উত্তাল পশ্চিমবংগ, ক্ষমা বিচাৰিলে মুখ্যমন্ত্ৰীয়ে

মা দুৰ্গাৰ ১১ খন হাত! বিতৰ্কিত বিজ্ঞাপনক লৈ উত্তাল পশ্চিমবংগ, ক্ষমা বিচাৰিলে মুখ্যমন্ত্ৰীয়ে

September 7, 2026 9:44 pm
ৰাজ্যিক কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত: অসমত বলৱৎ হ’ব ‘সেউজ কৰ’, নৱম শ্ৰেণীৰ শিক্ষাৰ্থীলৈ বিনামূলীয়া চাইকেল

ৰাজ্যিক কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত: অসমত বলৱৎ হ’ব ‘সেউজ কৰ’, নৱম শ্ৰেণীৰ শিক্ষাৰ্থীলৈ বিনামূলীয়া চাইকেল

September 7, 2026 8:41 pm
নদীৰ নায়ক বিট্টু তাবাহি

নদীৰ নায়ক বিট্টু তাবাহি

September 7, 2026 7:28 pm
জাতিগত সংঘৰ্ষৰ পাছত মণিপুৰৰ ভোটাৰ তালিকাত ব্যাপক পৰিৱৰ্তন; ছিকিমকে ধৰি বাদ পৰিল ১.৮৬ লাখ নাম

জাতিগত সংঘৰ্ষৰ পাছত মণিপুৰৰ ভোটাৰ তালিকাত ব্যাপক পৰিৱৰ্তন; ছিকিমকে ধৰি বাদ পৰিল ১.৮৬ লাখ নাম

September 7, 2026 6:48 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মা দুৰ্গাৰ ১১ খন হাত! বিতৰ্কিত বিজ্ঞাপনক লৈ উত্তাল পশ্চিমবংগ, ক্ষমা বিচাৰিলে মুখ্যমন্ত্ৰীয়ে

মা দুৰ্গাৰ ১১ খন হাত! বিতৰ্কিত বিজ্ঞাপনক লৈ উত্তাল পশ্চিমবংগ, ক্ষমা বিচাৰিলে মুখ্যমন্ত্ৰীয়ে

September 7, 2026 9:44 pm
ৰাজ্যিক কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত: অসমত বলৱৎ হ’ব ‘সেউজ কৰ’, নৱম শ্ৰেণীৰ শিক্ষাৰ্থীলৈ বিনামূলীয়া চাইকেল

ৰাজ্যিক কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত: অসমত বলৱৎ হ’ব ‘সেউজ কৰ’, নৱম শ্ৰেণীৰ শিক্ষাৰ্থীলৈ বিনামূলীয়া চাইকেল

September 7, 2026 8:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd