• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গুৱাহাটীৰ জিলা পুথিভঁৰালৰ পৰা সমগ্ৰ অসমতে আৰম্ভ হ’ল কিতাপ পঢ়াৰ আন্দোলন

শান্তনু শইকীয়া by শান্তনু শইকীয়া
August 4, 2019 6:48 am
03-08-19 Guwahati- Kitab praho ahok (1)

'কিতাপ পঢ়ো আহক' বৌদ্ধিক আন্দোলনৰ শুভাৰম্ভণি অনুষ্ঠানত ভাষণ দিছে ড০ অমৰজ্যোতি চৌধুৰীয়ে। ফটো : য়ু বি

6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ড০ অমৰজ্যোতি চৌধুৰীৰ আহ্বানত গুৱাহাটী মহানগৰীত শনিবাৰে আনুষ্ঠানিক ভাৱে শুভাৰম্ভণি ঘটিল “কিতাপ পঢ়োঁ আহক” নামেৰে এক বৌদ্ধিক আন্দোলনৰ।

গুৱাহাটীৰ জিলা পুথিভঁৰালৰ বাকৰিত আনুষ্ঠানিকভাৱে আৰম্ভ হোৱা এই বৌদ্ধিক আন্দোলনৰ শুভাৰম্ভণি অনুষ্ঠানত উপস্থিত থাকে অসম সাহিত্য সভাৰ সভাপতি ড° পৰমানন্দ ৰাজবংশী, সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ লগতে অসমৰ বৌদ্ধিক ক্ষেত্ৰ খনৰ বহু বিশিষ্ট ব্যক্তি।

Apply Now

অনুষ্ঠানৰ আৰম্ভণিতে বৌদ্ধিক আন্দোলটোৰ মূল গুৰি ধৰোতা ড° অমৰজ্যোতি চৌধুৰীয়ে কয়, “কিতাপ পঢ়া এই আন্দোলনটোৰ কেৱল মই অকলে আৰম্ভ কৰিবলৈ লোৱা নাই। অনুষ্ঠানত উপস্থিত থকা প্ৰতিগৰাকীৰ ব্যক্তিয়ে এই আন্দোলনটোৰ আৰম্ভণি ঘটাইছে।”

তেওঁ বৌদ্ধিক আন্দোলনটোৰ আৰম্ভণিৰ অনুষ্ঠানত উপস্থিত থকা ব্যক্তিসকলক উদ্দেশ্য কৰি কয়, “মোৰ দৃঢ় বিশ্বাস আজিৰ উপস্থিতিয়ে এই আন্দোলনটোক অধিক শক্তিশালী কৰি তুলিব।”

তদুপৰি, বৌদ্ধিক আন্দোলনটোৰ উদ্দেশ্য সন্দৰ্ভত তেওঁ কয়, “কিতাপ পঢ়াৰ আন্দোলনৰ জৰিয়তে আমাৰ ভাষা-সংস্কৃতি, কৃষ্টি-সংস্কৃতিক পোহৰ বিলাই দিয়াৰ লগতে এটা জাতিক বিশ্বায়নৰ যুগত মূৰ তুলি থিয় দিবলৈ, বিশ্বমানৱতাক সক্ৰিয়,সতেজ কৰি গঢ়ি তোলাই হৈছে এই আন্দোলনৰ উদ্দেশ্য।”

তাৎপৰ্যপূৰ্ণভাৱে ড০ চৌধুৰীয়ে কয়, “সচৰাচৰ চলি থকা আন্দোলন সমূহ সোনকালে শেষ হোৱাটো আমি বিচাৰো। কিন্তু ‘কিতাপ পঢ়োঁ আহক’ এই আন্দোলন যিমান দীঘল হয় আমাৰ বাবে সিমানে ভাল।‘’

আনহাতে, শুভাৰম্ভণি অনুষ্ঠানত উপস্থিত থাকি অসম সাহিত্য সভাৰ সভাপতি ড° পৰমানন্দ ৰাজবংশীয়ে কয়, “গ্ৰন্থ হৈছে ভগৱান।গ্ৰন্থ অধ্যয়নৰ অবিহনে কোনো জ্ঞানী হ’ব নোৱাৰে। যিদিনা গ্ৰন্থৰ মৃত্যু হ’ব সেইদিনাই ভগৱানৰো মৃত্যু হ’ব আৰু পৃথিৱীখন ধ্বংস হ’ব।”

তেওঁ এই বৌদ্ধিক আন্দোলনটোত অসম সাহিত্য সভাৰ পূৰ্ণ সমৰ্থন থাকিব বুলি কয়।

ইপিনে, অনুষ্ঠানত উপস্থিত থাকি সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড০ সমুজ্জল কুমাৰ ভট্টাচাৰ্যই কয়  যে ড০ অমৰজ্যোতি চৌধুৰী চাৰে আজিৰ পৰা আমাক এটা নতুন পথৰ সন্ধান দিব বিচাৰিছে। এই প্ৰচেষ্টাত সদৌ অসম ছাত্ৰ সন্থাৰ পূৰ্ণ সহযোগিতা থাকিব।

ৰাজ্যৰ প্ৰতিখন শৈক্ষিক প্ৰতিষ্ঠানে অসম জাতীয় বিদ্যালয়ৰ আৰ্হিত পুথিভঁৰালক দৈনন্দিন কাৰ্যসূচীৰ এটা অংশ হিচাপে বাধ্যতামূলক কৰিব লাগে বুলিও এই মঞ্চৰ পৰাই তেওঁ আহ্বান জনায়।

শুভাৰম্ভণি অনুষ্ঠানৰ শেষত উপস্থিত থকা প্ৰত্যেক গৰাকী বৰেণ্য ব্যক্তিকে ধৰি ছাত্ৰ-ছাত্ৰী সকলে বৌদ্ধিক আন্দোনটোক আগবঢ়াই নিয়াৰ উদ্দেশ্যৰে সংকল্প গ্ৰহণ কৰে।

উক্ত সংকল্প পাঠ কৰে বিশিষ্ট অভিনেত্ৰী ৰুণু দেৱীয়ে।

ড০ চৌধুৰীয়ে লগতে জানিবলৈ দিয়ে যে অসমৰ বিভিন্ন প্ৰান্তত এই আন্দোলনৰ ইতিমধ্যে আৰম্ভণি হৈছে। ইয়াৰ ভিতৰত লাহোৱাল ,হাউলী আদি অন্যতম।

গুৱাহাটী মহানগৰীতো প্ৰত্যেক শনিবাৰে আবেলি জিলা পুথিভঁৰালৰত ‘কিতাপ পঢ়োঁ আহক’ বৌদ্ধিক আন্দোলনটো চলিব বুলি তেওঁ জানিবলৈ দিয়ে।

শান্তনু শইকীয়া

শান্তনু শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd