• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

গুৱাহাটীৰ জিলা পুথিভঁৰালৰ পৰা সমগ্ৰ অসমতে আৰম্ভ হ’ল কিতাপ পঢ়াৰ আন্দোলন

NE NOW NEWS শান্তনু শইকীয়া
গুৱাহাটী , August 4, 2019 6:48 am

2 min read

03-08-19 Guwahati- Kitab praho ahok (1)

'কিতাপ পঢ়ো আহক' বৌদ্ধিক আন্দোলনৰ শুভাৰম্ভণি অনুষ্ঠানত ভাষণ দিছে ড০ অমৰজ্যোতি চৌধুৰীয়ে। ফটো : য়ু বি

1.3k
VIEWS
Share on FacebookShare on Twitter

ড০ অমৰজ্যোতি চৌধুৰীৰ আহ্বানত গুৱাহাটী মহানগৰীত শনিবাৰে আনুষ্ঠানিক ভাৱে শুভাৰম্ভণি ঘটিল “কিতাপ পঢ়োঁ আহক” নামেৰে এক বৌদ্ধিক আন্দোলনৰ।

গুৱাহাটীৰ জিলা পুথিভঁৰালৰ বাকৰিত আনুষ্ঠানিকভাৱে আৰম্ভ হোৱা এই বৌদ্ধিক আন্দোলনৰ শুভাৰম্ভণি অনুষ্ঠানত উপস্থিত থাকে অসম সাহিত্য সভাৰ সভাপতি ড° পৰমানন্দ ৰাজবংশী, সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ লগতে অসমৰ বৌদ্ধিক ক্ষেত্ৰ খনৰ বহু বিশিষ্ট ব্যক্তি।

অনুষ্ঠানৰ আৰম্ভণিতে বৌদ্ধিক আন্দোলটোৰ মূল গুৰি ধৰোতা ড° অমৰজ্যোতি চৌধুৰীয়ে কয়, “কিতাপ পঢ়া এই আন্দোলনটোৰ কেৱল মই অকলে আৰম্ভ কৰিবলৈ লোৱা নাই। অনুষ্ঠানত উপস্থিত থকা প্ৰতিগৰাকীৰ ব্যক্তিয়ে এই আন্দোলনটোৰ আৰম্ভণি ঘটাইছে।”

তেওঁ বৌদ্ধিক আন্দোলনটোৰ আৰম্ভণিৰ অনুষ্ঠানত উপস্থিত থকা ব্যক্তিসকলক উদ্দেশ্য কৰি কয়, “মোৰ দৃঢ় বিশ্বাস আজিৰ উপস্থিতিয়ে এই আন্দোলনটোক অধিক শক্তিশালী কৰি তুলিব।”

তদুপৰি, বৌদ্ধিক আন্দোলনটোৰ উদ্দেশ্য সন্দৰ্ভত তেওঁ কয়, “কিতাপ পঢ়াৰ আন্দোলনৰ জৰিয়তে আমাৰ ভাষা-সংস্কৃতি, কৃষ্টি-সংস্কৃতিক পোহৰ বিলাই দিয়াৰ লগতে এটা জাতিক বিশ্বায়নৰ যুগত মূৰ তুলি থিয় দিবলৈ, বিশ্বমানৱতাক সক্ৰিয়,সতেজ কৰি গঢ়ি তোলাই হৈছে এই আন্দোলনৰ উদ্দেশ্য।”

তাৎপৰ্যপূৰ্ণভাৱে ড০ চৌধুৰীয়ে কয়, “সচৰাচৰ চলি থকা আন্দোলন সমূহ সোনকালে শেষ হোৱাটো আমি বিচাৰো। কিন্তু ‘কিতাপ পঢ়োঁ আহক’ এই আন্দোলন যিমান দীঘল হয় আমাৰ বাবে সিমানে ভাল।‘’

আনহাতে, শুভাৰম্ভণি অনুষ্ঠানত উপস্থিত থাকি অসম সাহিত্য সভাৰ সভাপতি ড° পৰমানন্দ ৰাজবংশীয়ে কয়, “গ্ৰন্থ হৈছে ভগৱান।গ্ৰন্থ অধ্যয়নৰ অবিহনে কোনো জ্ঞানী হ’ব নোৱাৰে। যিদিনা গ্ৰন্থৰ মৃত্যু হ’ব সেইদিনাই ভগৱানৰো মৃত্যু হ’ব আৰু পৃথিৱীখন ধ্বংস হ’ব।”

তেওঁ এই বৌদ্ধিক আন্দোলনটোত অসম সাহিত্য সভাৰ পূৰ্ণ সমৰ্থন থাকিব বুলি কয়।

ইপিনে, অনুষ্ঠানত উপস্থিত থাকি সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড০ সমুজ্জল কুমাৰ ভট্টাচাৰ্যই কয়  যে ড০ অমৰজ্যোতি চৌধুৰী চাৰে আজিৰ পৰা আমাক এটা নতুন পথৰ সন্ধান দিব বিচাৰিছে। এই প্ৰচেষ্টাত সদৌ অসম ছাত্ৰ সন্থাৰ পূৰ্ণ সহযোগিতা থাকিব।

ৰাজ্যৰ প্ৰতিখন শৈক্ষিক প্ৰতিষ্ঠানে অসম জাতীয় বিদ্যালয়ৰ আৰ্হিত পুথিভঁৰালক দৈনন্দিন কাৰ্যসূচীৰ এটা অংশ হিচাপে বাধ্যতামূলক কৰিব লাগে বুলিও এই মঞ্চৰ পৰাই তেওঁ আহ্বান জনায়।

শুভাৰম্ভণি অনুষ্ঠানৰ শেষত উপস্থিত থকা প্ৰত্যেক গৰাকী বৰেণ্য ব্যক্তিকে ধৰি ছাত্ৰ-ছাত্ৰী সকলে বৌদ্ধিক আন্দোনটোক আগবঢ়াই নিয়াৰ উদ্দেশ্যৰে সংকল্প গ্ৰহণ কৰে।

উক্ত সংকল্প পাঠ কৰে বিশিষ্ট অভিনেত্ৰী ৰুণু দেৱীয়ে।

ড০ চৌধুৰীয়ে লগতে জানিবলৈ দিয়ে যে অসমৰ বিভিন্ন প্ৰান্তত এই আন্দোলনৰ ইতিমধ্যে আৰম্ভণি হৈছে। ইয়াৰ ভিতৰত লাহোৱাল ,হাউলী আদি অন্যতম।

গুৱাহাটী মহানগৰীতো প্ৰত্যেক শনিবাৰে আবেলি জিলা পুথিভঁৰালৰত ‘কিতাপ পঢ়োঁ আহক’ বৌদ্ধিক আন্দোলনটো চলিব বুলি তেওঁ জানিবলৈ দিয়ে।

Recent News

Jerenga Modi

ইতিহাস প্ৰসিদ্ধ জেৰেঙা পথাৰক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিবনে প্ৰধান মন্ত্ৰী মোদীয়ে?

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

Ajmal VS muminul

ৰং সলাইছে নেতাই! বদৰুদ্দিন আজমল এজন সাম্প্ৰদায়িক মানুহ :মুমিনুল আৱাল

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd