• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

এন আৰ চি কৰ্তৃপক্ষৰ আজৱ কাণ্ড; পুনৰীক্ষণৰ বাবে নামনি অসমৰ মানুহক উজনিৰ জিলালৈ তলব

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
August 4, 2019 6:31 pm
BrahmaputraValleyCivilSociety PressMeet

ব্ৰহ্মপুত্ৰ ভেলী চিভিল ছ’চাইটিৰ সংবাদমেল।

850
VIEWS
Share on FacebookShare on Twitter

চূড়ান্ত এন আৰ চি প্ৰকাশ পাবলৈ মাজত এমাহৰো কম সময় থকা অৱস্থাত এন আৰ চি কৰ্তৃপক্ষৰ কিছুমান কাণ্ডই চকু কপালত তুলিছে বিভিন্ন মহলৰ।

ইতিপূৰ্বে ২৭ শতাংশ পুনৰীক্ষণ (ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে ২০ শতাংশৰ পুনৰীক্ষণ বিচাৰি আৱেদন দিছিল উচ্চতম ন্যায়ালয়ত) সম্পূৰ্ণ হৈ যোৱা বুলি উচ্চতম ন্যায়ালয়ত শপতনামা দাখিল কৰা এন আৰ চি কৰ্তৃপক্ষই আকৌ পুনৰীক্ষণৰ নামত বিভিন্নজনলৈ জাননী প্ৰেৰণ কৰিছে।

জাননী প্ৰেৰণত আচৰিত হ’ব লগীয়া নাই যদিও আচৰিত কৰিছে জাননীবোৰৰ জৰিয়তে নামনি অসমৰ মানুহক উজনি অসমৰ বিভিন্ন জিলাত শুনানিৰ বাবে মাতি পঠিওৱা ঘটনাই।

এই কাণ্ডই এক প্ৰকাৰৰ আতংকৰ সৃষ্টি কৰিছে বান পীড়িত, দুখীয়া সংখ্যালঘু ৰাইজৰ মাজত। কাৰণ এইদৰে উজনিৰ দূৰদূৰণিৰ জিলাত শুনানি দিবলৈ জাননী পোৱা লোকসকল বেছিভাগেই বৰপেটা, বকো, ছয়গাওঁ, নগৰবেৰা, সোণতলী, গৰৈমাৰী, কালাতলী, টোপামাৰী, মালিবাৰী ইত্যাদি সংখ্যালঘু অধ্যুষিত অঞ্চলৰ।

NRC_Notice
বৰপেটাৰ এজন লোকলৈ এন আৰ চি কৰ্তৃপক্ষই প্ৰেৰণ কৰা জাননীৰ প্ৰতিলিপি।

এই লোকসকলক শিৱসাগৰ, তিনিচুকীয়া, গোলাঘাট, যোৰহাট আদি ঠাইত থকা এন আৰ চি সেৱাকেন্দ্ৰত শুনানি দিবলৈ যাবলৈ কোৱা হৈছে।

তাতকৈও ডাঙৰ কথা ৩ আগষ্টত জাননী প্ৰেৰণ কৰি ৫ আগষ্টৰ ভিতৰত ৩০০-৪০০ কিলোমিটাৰ দূৰৰ ঠাইত উপস্থিত হ’বলৈ কোৱা হৈছে।

আজি দিচপুৰ প্ৰেছ ক্লাবত এন আৰ চিৰ এই আজৱ কাণ্ডক তীব্ৰ সমালোচনা কৰি এখন সংবাদমেলত তথ্য দাঙি ধৰে ব্ৰহ্মপুত্ৰ ভেলী চিভিল ছ’চাইটি নামৰ এটা সংগঠনে।

সংবাদমেলত সংগঠনটোৱে এন আৰ চি কৰ্তৃপক্ষৰ ‘হঠকাৰী সিদ্ধান্ত’ আখ্যা দিয়ে।

সংগঠনটোৰ উপদেষ্টা তথা উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা হাফিজ ৰচিদ চৌধুৰীয়ে সংবাদমেলত প্ৰশ্ন কৰে, “উচ্চতম ন্যায়ালয়ে যোৱা ২৩ জুলাইত পুনৰীক্ষণ কৰিব নালাগে বুলি স্পষ্ট নিৰ্দেশনা দিছে। তেনে পৰিপ্ৰেক্ষিতত প্ৰতীক হাজেলাই কেনেকৈ ৩ আগষ্টত পুনৰীক্ষণ শুনানিৰ জাননী দিলে?”

পুনৰীক্ষণৰ নামত সংঘ্যালঘু লোকসকলক হাৰাশাস্তি চলোৱাৰ অভিযোগ তুলি চৌধুৰীয়ে ইয়াক ৰাজ্য চৰকাৰৰ ষড়যন্ত্ৰ হ’ব পাৰে বুলি সম্ভাৱনা ব্যক্ত কৰে।

“তিনি-চাৰিবাৰ পুনৰীক্ষণ কৰাৰ পাছতো এতিয়া মানুহবোৰক দূৰদূৰণিলৈ মাতি আকৌ পুনৰীক্ষণৰ নামত হাৰাশাস্তি কৰিছে। এইটো সম্ভৱত ৰাজ্য চৰকাৰৰ ষড়যন্ত্ৰ হ’ব পাৰে। তেওঁলোকে বিচাৰে হুলস্থূলীয়া পৰিবেশ এটাৰ সৃষ্টি হওক আৰু তেতিয়াই এন আৰ চিৰ কাম বন্ধ হৈ যাব। সংখ্যালঘু লোকসকলক প্ৰৰোচিত কৰিবলৈ বিচাৰি আছে তেওঁলোকে।”

তেওঁ ‘দুখীয়া তথা বান পীড়িত লোকসকল এদিনৰ ভিতৰতে ৩০০-৪০০ কিল’মিটাৰ  দূৰ গৈ শুনানিত উপস্থিত হোৱাটো কেনেকৈ সম্ভৱ?’ বুলি প্ৰশ্ন কৰে।

আনহাতে, সংবাদমেলত উপস্থিত থাকি সংগঠনটোৰ সাধাৰণ সম্পাদক চাহজাহান তালুকদাৰে পুনৰীক্ষণৰ শুনানিৰ সিদ্ধান্ত পৰিহাৰ কৰিবলৈ আহ্বান জনায়।

তেওঁ লগতে হাজেলালৈ প্ৰশ্ন কৰি কয়, “স্বয়ং হাজেলাই উচ্চতম ন্যায়ালয়ত ২৭ শতাংশ ভেৰিফিকেইশ্যন কৰা হৈছে বুলি শপতনামা দিয়াৰ পাছত ৰাজ্যৰ বিভিন্ন অঞ্চলৰ সংখ্যালঘু সম্প্ৰদায়ৰ লোকলৈ পুনৰীক্ষণৰ জাননী প্ৰেৰণ কৰাটো স্ব-বিৰোধ কাম নহয় নে?”

ইয়াৰোপৰি, উচ্চতম ন্যায়ালয়ে অনুমোদন জনোৱা এছ অ’ পিৰ প্ৰসংগ উনুকিয়াই দি তেওঁ কয় “এছ অ’ পি অনুসৰি যদি কোনো লোকক শুনানিৰ বাবে জাননী জাৰি কৰা হয়, তেন্তে ১৫ দিন সময় দি জাননী প্ৰেৰণ কৰিব লাগে। তেনেক্ষেত্ৰত ৩ আগষ্টত জাননী জাৰি কৰিলে কেনেকৈ এদিনৰ ভিতৰত পৰিয়ালৰ সকলো সদস্যক লৈ ৩০০-৪০০ কিঃ মিঃ দূৰত্বত শুনানিত অংশগ্ৰহণ কৰিব?”

ইপিনে, সংগঠনটোৱে অনা এই অভিযোগ সন্দৰ্ভত ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাক তিনিবাৰকৈ যোগাযোগৰ চেষ্টা কৰা হৈছিল যদিও বিষয়াজনে ফোনৰ সংযোগ বাৰে বাৰে কাটি দিয়ে। হোটাছ এপ মেছেজযোগে বিষয়টোত স্পষ্ট হ’ব বিচৰা হৈছিল যদিও, সেই মেছেজৰো উত্তৰ দিয়াৰ পৰা হাজেলা বিৰত থাকে।

Recent News

দুই কন্যাৰ বিশেষ প্ৰয়োজনৰ বাবেই এৰিব পৰা নাই বাসভৱন; জনালে প্ৰাক্তন মুখ্য ন্যায়াধীশ চন্দ্ৰচুড়ে

দুই কন্যাৰ বিশেষ প্ৰয়োজনৰ বাবেই এৰিব পৰা নাই বাসভৱন; জনালে প্ৰাক্তন মুখ্য ন্যায়াধীশ চন্দ্ৰচুড়ে

বিহাৰত NDAত ভাঙোন? আইন-শৃংখলাক লৈ নীতিশক কটাক্ষ; সকলো আসনতে প্ৰতিদ্বন্দ্বিতা কৰাৰ ঘোষণা চিৰাগৰ

বিহাৰত NDAত ভাঙোন? আইন-শৃংখলাক লৈ নীতিশক কটাক্ষ; সকলো আসনতে প্ৰতিদ্বন্দ্বিতা কৰাৰ ঘোষণা চিৰাগৰ

বিশ্ব বেংকৰ দাবী- ভাৰতৰ প্ৰতি ৪জন লোকৰ ভিতৰত ১জন দৰিদ্ৰ; অন্ন-বস্ত্ৰ-বাসস্থানৰ পৰা বঞ্চিত ৩৫ কোটি ভাৰতীয়

বিশ্ব বেংকৰ দাবী- ভাৰতৰ প্ৰতি ৪জন লোকৰ ভিতৰত ১জন দৰিদ্ৰ; অন্ন-বস্ত্ৰ-বাসস্থানৰ পৰা বঞ্চিত ৩৫ কোটি ভাৰতীয়

ইংলেণ্ডৰ মাটিত কঁপনি তুলি নতুন টিম ইণ্ডিয়াৰ দপদপনি; এজবাষ্টনত ইতিহাস সলনি কৰি ছিৰিজত সমতা স্থাপন

ইংলেণ্ডৰ মাটিত কঁপনি তুলি নতুন টিম ইণ্ডিয়াৰ দপদপনি; এজবাষ্টনত ইতিহাস সলনি কৰি ছিৰিজত সমতা স্থাপন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd