• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এন আৰ চি কৰ্তৃপক্ষৰ আজৱ কাণ্ড; পুনৰীক্ষণৰ বাবে নামনি অসমৰ মানুহক উজনিৰ জিলালৈ তলব

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
August 4, 2019 6:31 pm
BrahmaputraValleyCivilSociety PressMeet

ব্ৰহ্মপুত্ৰ ভেলী চিভিল ছ’চাইটিৰ সংবাদমেল।

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চূড়ান্ত এন আৰ চি প্ৰকাশ পাবলৈ মাজত এমাহৰো কম সময় থকা অৱস্থাত এন আৰ চি কৰ্তৃপক্ষৰ কিছুমান কাণ্ডই চকু কপালত তুলিছে বিভিন্ন মহলৰ।

ইতিপূৰ্বে ২৭ শতাংশ পুনৰীক্ষণ (ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে ২০ শতাংশৰ পুনৰীক্ষণ বিচাৰি আৱেদন দিছিল উচ্চতম ন্যায়ালয়ত) সম্পূৰ্ণ হৈ যোৱা বুলি উচ্চতম ন্যায়ালয়ত শপতনামা দাখিল কৰা এন আৰ চি কৰ্তৃপক্ষই আকৌ পুনৰীক্ষণৰ নামত বিভিন্নজনলৈ জাননী প্ৰেৰণ কৰিছে।

Apply Now

জাননী প্ৰেৰণত আচৰিত হ’ব লগীয়া নাই যদিও আচৰিত কৰিছে জাননীবোৰৰ জৰিয়তে নামনি অসমৰ মানুহক উজনি অসমৰ বিভিন্ন জিলাত শুনানিৰ বাবে মাতি পঠিওৱা ঘটনাই।

এই কাণ্ডই এক প্ৰকাৰৰ আতংকৰ সৃষ্টি কৰিছে বান পীড়িত, দুখীয়া সংখ্যালঘু ৰাইজৰ মাজত। কাৰণ এইদৰে উজনিৰ দূৰদূৰণিৰ জিলাত শুনানি দিবলৈ জাননী পোৱা লোকসকল বেছিভাগেই বৰপেটা, বকো, ছয়গাওঁ, নগৰবেৰা, সোণতলী, গৰৈমাৰী, কালাতলী, টোপামাৰী, মালিবাৰী ইত্যাদি সংখ্যালঘু অধ্যুষিত অঞ্চলৰ।

NRC_Notice
বৰপেটাৰ এজন লোকলৈ এন আৰ চি কৰ্তৃপক্ষই প্ৰেৰণ কৰা জাননীৰ প্ৰতিলিপি।

এই লোকসকলক শিৱসাগৰ, তিনিচুকীয়া, গোলাঘাট, যোৰহাট আদি ঠাইত থকা এন আৰ চি সেৱাকেন্দ্ৰত শুনানি দিবলৈ যাবলৈ কোৱা হৈছে।

তাতকৈও ডাঙৰ কথা ৩ আগষ্টত জাননী প্ৰেৰণ কৰি ৫ আগষ্টৰ ভিতৰত ৩০০-৪০০ কিলোমিটাৰ দূৰৰ ঠাইত উপস্থিত হ’বলৈ কোৱা হৈছে।

আজি দিচপুৰ প্ৰেছ ক্লাবত এন আৰ চিৰ এই আজৱ কাণ্ডক তীব্ৰ সমালোচনা কৰি এখন সংবাদমেলত তথ্য দাঙি ধৰে ব্ৰহ্মপুত্ৰ ভেলী চিভিল ছ’চাইটি নামৰ এটা সংগঠনে।

সংবাদমেলত সংগঠনটোৱে এন আৰ চি কৰ্তৃপক্ষৰ ‘হঠকাৰী সিদ্ধান্ত’ আখ্যা দিয়ে।

সংগঠনটোৰ উপদেষ্টা তথা উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা হাফিজ ৰচিদ চৌধুৰীয়ে সংবাদমেলত প্ৰশ্ন কৰে, “উচ্চতম ন্যায়ালয়ে যোৱা ২৩ জুলাইত পুনৰীক্ষণ কৰিব নালাগে বুলি স্পষ্ট নিৰ্দেশনা দিছে। তেনে পৰিপ্ৰেক্ষিতত প্ৰতীক হাজেলাই কেনেকৈ ৩ আগষ্টত পুনৰীক্ষণ শুনানিৰ জাননী দিলে?”

পুনৰীক্ষণৰ নামত সংঘ্যালঘু লোকসকলক হাৰাশাস্তি চলোৱাৰ অভিযোগ তুলি চৌধুৰীয়ে ইয়াক ৰাজ্য চৰকাৰৰ ষড়যন্ত্ৰ হ’ব পাৰে বুলি সম্ভাৱনা ব্যক্ত কৰে।

“তিনি-চাৰিবাৰ পুনৰীক্ষণ কৰাৰ পাছতো এতিয়া মানুহবোৰক দূৰদূৰণিলৈ মাতি আকৌ পুনৰীক্ষণৰ নামত হাৰাশাস্তি কৰিছে। এইটো সম্ভৱত ৰাজ্য চৰকাৰৰ ষড়যন্ত্ৰ হ’ব পাৰে। তেওঁলোকে বিচাৰে হুলস্থূলীয়া পৰিবেশ এটাৰ সৃষ্টি হওক আৰু তেতিয়াই এন আৰ চিৰ কাম বন্ধ হৈ যাব। সংখ্যালঘু লোকসকলক প্ৰৰোচিত কৰিবলৈ বিচাৰি আছে তেওঁলোকে।”

তেওঁ ‘দুখীয়া তথা বান পীড়িত লোকসকল এদিনৰ ভিতৰতে ৩০০-৪০০ কিল’মিটাৰ  দূৰ গৈ শুনানিত উপস্থিত হোৱাটো কেনেকৈ সম্ভৱ?’ বুলি প্ৰশ্ন কৰে।

আনহাতে, সংবাদমেলত উপস্থিত থাকি সংগঠনটোৰ সাধাৰণ সম্পাদক চাহজাহান তালুকদাৰে পুনৰীক্ষণৰ শুনানিৰ সিদ্ধান্ত পৰিহাৰ কৰিবলৈ আহ্বান জনায়।

তেওঁ লগতে হাজেলালৈ প্ৰশ্ন কৰি কয়, “স্বয়ং হাজেলাই উচ্চতম ন্যায়ালয়ত ২৭ শতাংশ ভেৰিফিকেইশ্যন কৰা হৈছে বুলি শপতনামা দিয়াৰ পাছত ৰাজ্যৰ বিভিন্ন অঞ্চলৰ সংখ্যালঘু সম্প্ৰদায়ৰ লোকলৈ পুনৰীক্ষণৰ জাননী প্ৰেৰণ কৰাটো স্ব-বিৰোধ কাম নহয় নে?”

ইয়াৰোপৰি, উচ্চতম ন্যায়ালয়ে অনুমোদন জনোৱা এছ অ’ পিৰ প্ৰসংগ উনুকিয়াই দি তেওঁ কয় “এছ অ’ পি অনুসৰি যদি কোনো লোকক শুনানিৰ বাবে জাননী জাৰি কৰা হয়, তেন্তে ১৫ দিন সময় দি জাননী প্ৰেৰণ কৰিব লাগে। তেনেক্ষেত্ৰত ৩ আগষ্টত জাননী জাৰি কৰিলে কেনেকৈ এদিনৰ ভিতৰত পৰিয়ালৰ সকলো সদস্যক লৈ ৩০০-৪০০ কিঃ মিঃ দূৰত্বত শুনানিত অংশগ্ৰহণ কৰিব?”

ইপিনে, সংগঠনটোৱে অনা এই অভিযোগ সন্দৰ্ভত ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাক তিনিবাৰকৈ যোগাযোগৰ চেষ্টা কৰা হৈছিল যদিও বিষয়াজনে ফোনৰ সংযোগ বাৰে বাৰে কাটি দিয়ে। হোটাছ এপ মেছেজযোগে বিষয়টোত স্পষ্ট হ’ব বিচৰা হৈছিল যদিও, সেই মেছেজৰো উত্তৰ দিয়াৰ পৰা হাজেলা বিৰত থাকে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

মা দুৰ্গাৰ ১১ খন হাত! বিতৰ্কিত বিজ্ঞাপনক লৈ উত্তাল পশ্চিমবংগ, ক্ষমা বিচাৰিলে মুখ্যমন্ত্ৰীয়ে

মা দুৰ্গাৰ ১১ খন হাত! বিতৰ্কিত বিজ্ঞাপনক লৈ উত্তাল পশ্চিমবংগ, ক্ষমা বিচাৰিলে মুখ্যমন্ত্ৰীয়ে

September 7, 2026 9:44 pm
ৰাজ্যিক কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত: অসমত বলৱৎ হ’ব ‘সেউজ কৰ’, নৱম শ্ৰেণীৰ শিক্ষাৰ্থীলৈ বিনামূলীয়া চাইকেল

ৰাজ্যিক কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত: অসমত বলৱৎ হ’ব ‘সেউজ কৰ’, নৱম শ্ৰেণীৰ শিক্ষাৰ্থীলৈ বিনামূলীয়া চাইকেল

September 7, 2026 8:41 pm
নদীৰ নায়ক বিট্টু তাবাহি

নদীৰ নায়ক বিট্টু তাবাহি

September 7, 2026 7:28 pm
জাতিগত সংঘৰ্ষৰ পাছত মণিপুৰৰ ভোটাৰ তালিকাত ব্যাপক পৰিৱৰ্তন; ছিকিমকে ধৰি বাদ পৰিল ১.৮৬ লাখ নাম

জাতিগত সংঘৰ্ষৰ পাছত মণিপুৰৰ ভোটাৰ তালিকাত ব্যাপক পৰিৱৰ্তন; ছিকিমকে ধৰি বাদ পৰিল ১.৮৬ লাখ নাম

September 7, 2026 6:48 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মা দুৰ্গাৰ ১১ খন হাত! বিতৰ্কিত বিজ্ঞাপনক লৈ উত্তাল পশ্চিমবংগ, ক্ষমা বিচাৰিলে মুখ্যমন্ত্ৰীয়ে

মা দুৰ্গাৰ ১১ খন হাত! বিতৰ্কিত বিজ্ঞাপনক লৈ উত্তাল পশ্চিমবংগ, ক্ষমা বিচাৰিলে মুখ্যমন্ত্ৰীয়ে

September 7, 2026 9:44 pm
ৰাজ্যিক কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত: অসমত বলৱৎ হ’ব ‘সেউজ কৰ’, নৱম শ্ৰেণীৰ শিক্ষাৰ্থীলৈ বিনামূলীয়া চাইকেল

ৰাজ্যিক কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত: অসমত বলৱৎ হ’ব ‘সেউজ কৰ’, নৱম শ্ৰেণীৰ শিক্ষাৰ্থীলৈ বিনামূলীয়া চাইকেল

September 7, 2026 8:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd