• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কিয় পদত্যাগ কৰিলে সাংসদ ভুৱনেশ্বৰ কলিতাই?

এন ই নাও নিউজ by এন ই নাও নিউজ
August 5, 2019 2:36 pm
assam-pradesh-congress-committee-apcc-president-204353
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ ৰাজ্যসভাৰ সাংসদ ভুৱনেশ্বৰ কলিতাই সোমবাৰে আচম্বিতে সাংসদ পদৰ পৰা পদত্যাগ কৰে।

ভুৱনেশ্বৰ কলিতাৰ পদত্যাগৰ পাছতে তেওঁৰ পদত্যাগক লৈ চৰ্চা আৰম্ভ হৈছে।

Apply Now

প্ৰকৃততে কলিতাই পদত্যাগ কৰিলে কিয়? নিজৰ টুইটত পদত্যাগৰ কথা ঘোষণা কৰিলেও তেওঁ পদত্যাগৰ কাৰণ উল্লেখ কৰা নাই।

তাৎপৰ্যপূৰ্ণভাৱে, আজি পুৱাৰ ভাগত জম্মু-কাশ্মীৰ প্ৰসংগত ৰাজ্যসভাত আন দুগৰাকী কংগ্ৰেছ সাংসদ গোলাম নবী আজাদ, অম্বিকা ছোনীৰ সৈতে ভুৱনেশ্বৰ কলিতায়ো সভাস্থগিত প্ৰস্তাৱৰ জাননী দিছিল।

কিন্তু ইয়াৰ পাছতে সাংসদগৰাকীয়ে কি কাৰণে পদত্যাগ কৰিলে?

সাংসদ কলিতাই কাশ্মীৰ প্ৰসংগত নে আন কোনো ইচ্ছ্যুৰ বাবে সাংসদ পদ ত্যাগ কৰিলে সেয়া বিচাৰ্যৰ বিষয়।

বৰ্তমান ৬৮ বছৰীয়া ভুৱনেশ্বৰ কলিতাই  ১৯৭২ চনৰ পৰাই কংগ্ৰেছ দলৰ সৈতে জড়িত হৈ আহিছে।

১৯৮৩-৮৫’ত তেওঁ অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতি হৈছিল। ইয়াৰ পাছত ২০০৪ চনত তেওঁ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি নিৰ্বাচিত হয়।

তদুপৰি, তেওঁ প্ৰদেশ কংগ্ৰেছৰ উপ সভাপতি(১৯৯৫-৯৬), ভাৰতীয় যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক (১৯৮৪-৮৭), নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ যুটীয়া সম্পাদক (১৯৮৭-৯২) আৰু নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সম্পাদক (১৯৯৯-২০০২) আদি পদতো কাৰ্যনিৰ্বাহ কৰি আহিছে।

১৯৮৪ চনত তেওঁ ৰাজ্যসভাৰ সদস্য হিচাপে নিৰ্বাচিত হয়। ইয়াৰ পাছত তেওঁ ১৯৯০ চনত পুনৰ ৰাজ্যসভালৈ নিৰ্বাচিত হৈছিল।

১৯৯৮ত তেওঁ লোকসভালৈ নিৰ্বাচিত হয়। ২০০১ ত তেওঁ ৰাজ্য বিধানসভালৈ নিৰ্বাচিত হৈ কেবিনেট মন্ত্ৰী হয়।

কলিতা ২০০৪ চনৰ পৰা ২০১৪ চনলৈকে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি আছিল। তেওঁৰ সভাপতিত্বৰ কালতে অসমত কংগ্ৰেছে দীঘলীয়া সময়ৰ বাবে শাসনত থকাৰ সুযোগ লাভ কৰিছিল।

২০১৪ চনত তেওঁ পুনৰ কংগ্ৰেছৰ পৰা ৰাজ্যসভাৰ সাংসদ হিচাপে নিৰ্বাচিত হয়।

ভুৱনেশ্বৰ কলিতাই কংগ্ৰেছৰ শাসনকালত কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন সমিতিৰ অধ্যক্ষ তথা সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

চাবলৈ গ’লে কংগ্ৰেছৰ সৈতে ভুৱনেশ্বৰ কলিতাৰ প্ৰায় ৪২ বছৰীয়া সুদীৰ্ঘ সম্পৰ্ক আছিল। ইয়াৰ পাছতো কলিতাই কিয় ৰাজ্যসভাৰ পৰা পদত্যাগ কৰিলে?

কলিতাই ৰাজ্যসভাৰ সাংসদ পদৰ পৰা পদত্যাগ কৰিছে যদিও এতিয়াও দলৰ পৰা পদত্যাগ কৰা নাই।

সূত্ৰসমূহৰ মতে, ভুৱনেশ্বৰ কলিতাই দলৰ হাইকমাণ্ডৰ কামকাজত সন্তুষ্ট নহয়। সেইটোৱে কলিতাৰ ৰাজ্যসভাৰ পৰা পদত্যাগৰ কাৰণ নেকি?

উল্লেখযোগ্য যে কেইদিনমান পূৰ্বে অসমৰ পৰা ৰাজ্যসভালৈ নিৰ্বাচিত হোৱা সাংসদ সঞ্জয় সিঙে পদত্যাগ কৰিছিল আৰু বিজেপিত যোগদান কৰিব বুলি সদৰী কৰিছে।

জানিব পৰা মতে, ভুৱনেশ্বৰ কলিতাৰো বিজেপিৰ কিছু শীৰ্ষ নেতাৰ সৈতে ভাল সম্পৰ্ক আছে।

সেয়ে ভুৱনেশ্বৰ কলিতাই বিজেপিলৈ যোৱাটো কোনো আচৰিত কথা নহয়।

নিজৰ পদত্যাগৰ কাৰণ সম্পৰ্কে মুখ নোখোলা ভুৱনেশ্বৰ কলিতাই হয়তো অচিৰেই তেওঁৰ পৰৱৰ্তী সিদ্ধান্তৰ কথা ৰাজহুৱা কৰিব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

July 9, 2026 7:47 pm
ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

July 9, 2026 7:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd