সমগ্ৰ ৰাজ্যত প্ৰায় ১ লাখ পৰিয়াল উপকৃত হোৱাকৈ আজিৰ পৰা আৰম্ভ হৈছে প্ৰধান মন্ত্ৰী আৱাস যোজনা (গ্ৰামীন)ৰ অধীনত আৱাসগৃহৰ আধাৰশিলা শুভৰাম্ভ কাৰ্যসূচী।
উক্ত যোজনাৰ অধীনত শিৱসাগৰ জিলাৰ পাণবেচা গাঁও পঞ্চায়তত ২৬টা আৱাসগৃহৰ অধাৰশিলা স্থাপন কৰা হয়। পাণবেচা গাঁও পঞ্চায়তৰ প্ৰায় ৭খন গাঁৱৰ ২৬টা দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালে লাভ কৰিছে এই আৱাসগৃহসমূহ।
আজিৰ উক্ত অনুষ্ঠানত উপস্থিত থাকে শিৱসাগৰ জিলা বিজেপিৰ সভানেত্ৰী সুৰভি ৰাজকোঁৱৰী।
ইয়াৰোপৰি অনুষ্ঠানটোত পাণবেচা গাঁও পঞ্চায়তৰ সভাপতি ৰঞ্জিত কোঁৱৰ, আঞ্চলিক সদস্যা ৰুপাঞ্জলী হাতীমুৰীয়া, ৱাৰ্ড সদস্য ক্ৰমে জীৱেশ্বৰ বুঢ়াগোহাঁই, মুনমি গগৈ, অঞ্জনা হাতীমূৰীয়া, মানিক মঙিয়া, ৰেখা দুৱৰা, ভূপেন দিহীঙ্গীয়া, ৰূপালী গগৈ, উপেন কোঁৱৰ, অমিয়া গোহাঁই, ভূৱন দাসৰ লগতে সচিব চন্দন বড়া উপস্থিত থাকে।
উল্লেখযোগ্য যে প্ৰধান মন্ত্ৰীৰ আৱাস যোজনাৰ অধীনত প্ৰতিটো আৱাসৰ বিপৰীতে এক লাখ ত্ৰিশ হাজাৰ টকা দিয়া হ’ব আৰু এই ধন তিনিটা কিস্তিত প্ৰদান কৰা হব।