• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

“আমাকো গ্ৰেপ্তাৰ কৰক”, লেখক বিজু বৰিক গ্ৰেপ্তাৰৰ প্ৰতিবাদত ফেইচবুকত প’ষ্ট

protest against arrest of writer Biju Bori

এন ই নাও নিউজ by এন ই নাও নিউজ
August 9, 2019 10:09 pm
Biju Bori

লিখা গ্ৰন্থৰ বাবেই আৰক্ষীৰ জেৰাৰ সন্মুখীন হোৱা সচেতন লেখক বিজু বৰি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে য়ু এ পি এ বিধেয়ক গৃহীত কৰি চৰম স্বৈৰাচাৰী চৰিত্ৰ প্ৰদৰ্শন কৰাৰ দুদিনমান পিছতে যোৱা ৭ আগষ্টত বিয়লি ১ বজাত বোকাখাত সমষ্টিৰ বংকোৱালৰ বৰটিকাৰ লেখক বিজু বৰিক তেওঁ লিখা গ্ৰন্থৰ বাবেই নিজৰ বাসগৃহৰ পৰা দেৰগাওঁ আৰক্ষীয়ে কোনো আগতীয়া জাননী নিদিয়াকৈ উঠাই নিয়ে।

গোলাঘাট জিলাৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত বহুঘণ্টাজোৰা পুলিচি জেৰা চলোৱা হয় লেখকজনক আৰু তেওঁৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ ভাষ্য আদায় কৰাৰ পিছতহে তাৰ পৰা ওলাই আহিবলৈ দিয়া হয়। কিন্তু তেওঁৰ ম’বাইল জব্দ কৰি ৰাখে।

Apply Now

লেখক বৰিয়ে আৰক্ষীক এইদৰে জবানবন্দী দিব লগীয়া হয়-

  • ১) মই কোনোধৰণৰ উগ্ৰপন্থী দলৰ লগত জৰিত নহয়।
  • ২) মোৰ যদি গোপন সম্পৰ্ক লাভ কৰে মোক গুলীয়াই মাৰিব।
  • ৩) লাই ডিটেক্টৰ ব্যৱহাৰ কৰিব পাৰে।
  • ৪) মই লেখা-মেলাৰ বাহিৰে কোনো ধৰণৰ বিদ্ৰোহী গোটৰ হৈ ধন দাবী কাৰ্যৰ স’তে জড়িত নহয়।

বৰিক আৰক্ষীয়ে উঠাই নিয়া বুলি গম পাই গোলাঘাটৰ স্থানীয় সাংবাদিকৰ দলে তেওঁৰ মন্তব্য ল’বলৈ ভিৰ কৰে যদিও আৰক্ষীয়ে লগ কৰাৰ অনুমতি নিদিয়াত সাংবাদিকৰ দল উভতি যায়।

ইয়াৰ পাছতেই তেওঁক গোলাঘাটৰ পৰা দেৰগাওঁ আৰক্ষী থানালৈ প্ৰেৰণ কৰে। অৱশেষত পিছ ৰাতি নি ১ বজাত ঘৰত থৈ আহে।

সম্পূৰ্ণ ২৪ ঘণ্টা আবদ্ধৰ অন্তত তেওঁক জনাই যে পিছদিনা পুৱা ১০-৩০ বজাত দেৰগাওঁ থানাত হাজিৰ হ’ব আৰু মবাইল লৈ যাব।

ইপিনে সৰ্বত্ৰে তেওঁক পুলিচে উঠাই নিয়াৰ খবৰ বিয়পি পৰাত সচেতন বহু লোক ক্ষুব্ধ হৈ পৰে আৰু আৰক্ষী অধীক্ষকৰ সৈতে বিভিন্ন দল-সংগঠনৰ প্ৰতিনিধিয়ে যোগাযোগ কৰি মুক্তিৰ দাবী তোলে।

ছচিয়েল মেডিয়াত বহু সংখ্যক ব্যক্তি, যুৱক-যুৱতীয়ে বুকুত তেওঁৰ “মাওবাদৰ সংগ্ৰামী ইতিহাস আৰু অন্যান্য” শীৰ্ষক গ্ৰন্থখন লৈ ফটো তুলি প’ষ্ট দিয়ে এইবুলি- “আমাকো গ্ৰেপ্তাৰ কৰক”।

প্ৰতিবাদৰ জোৰ বঢ়াৰ ভয়ত আৰক্ষীয়ে মাজ ৰাতিয়েই বৰিক ঘৰত থ’বলৈ বাধ্য হয়।

কিন্তু আৰক্ষীৰ কথামতে বৰি ৮ আগষ্টৰ পুৱা ১০-৩০ বজাত দেৰগাওঁ থানাত উপস্থিত হয়। তেওঁৰ উপস্থিতিৰ সময়ত শতাধিক গুণমুগ্ধ ভিৰ কৰে আৰু কেইবাটো সংগঠনৰ প্ৰতিনিধিয়ে থানাৰে আলোচনাত লগ দিয়ে।

কিন্তু আৰক্ষীয়ে কোনো বিশেষ আলোচনা আগ নবঢ়াই “ম’বাইল ফোনটো ডিব্ৰুগড় সদৰ থানাৰ জিম্মাত নিল” বুলি কৈ গোলাঘাট-দেৰগাওঁ থানাৰ কোনো দায়িত্বত আৰু নাই বুলি গা এৰা মন্তব্য দিয়ে। লগতে যেতিয়া দৰকাৰ হ’ব তেতিয়াই উঠাই লৈ অনা হ’ব বুলি কোৱাত প্ৰতিনিধি দলে জাঙুৰ খাই প্ৰতিবাদ সাব্যস্ত কৰে।

বৰিয়ে “মাওবাদৰ সংগ্ৰামী ইতিহাস আৰু অন্যান্য”, “ভাৰতৰ স্বাধীনতা সংগ্ৰামত শ্বহীদ কমলা মিৰি”ৰ উপৰি আন কেইবাখনো গ্ৰন্থ লিখিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘গুণ্ডা কৰ’ৰ বাবেই অসমত কণীৰ দাম ১০ টকা : মন্ত্ৰী আৰু বিটিচি প্ৰধানক লক্ষ্য কৰি অখিল গগৈৰ বিস্ফোৰক অভিযোগ

‘গুণ্ডা কৰ’ৰ বাবেই অসমত কণীৰ দাম ১০ টকা : মন্ত্ৰী আৰু বিটিচি প্ৰধানক লক্ষ্য কৰি অখিল গগৈৰ বিস্ফোৰক অভিযোগ

July 9, 2026 12:18 pm
ইৰানত আমেৰিকাৰ ভয়ানক আক্ৰমণ : ক্ষতিগ্ৰস্ত ভাৰতৰ ছাবহাৰ বন্দৰ

ইৰানত আমেৰিকাৰ ভয়ানক আক্ৰমণ : ক্ষতিগ্ৰস্ত ভাৰতৰ ছাবহাৰ বন্দৰ

July 9, 2026 10:54 am
যোৱা ১৩ বছৰ ধৰি চৰকাৰী সম্পত্তি বেদখল কৰি ৰাখিছে কংগ্ৰেছে, আৰ টি আইৰ উত্তৰত উন্মোচন ভয়ংকৰ তথ্য

যোৱা ১৩ বছৰ ধৰি চৰকাৰী সম্পত্তি বেদখল কৰি ৰাখিছে কংগ্ৰেছে, আৰ টি আইৰ উত্তৰত উন্মোচন ভয়ংকৰ তথ্য

July 9, 2026 9:33 am
গলব্লাডাৰত ১১ মিলিমিটাৰৰ পাথৰ লৈ দিলজিৎ দোছাঞ্জ, চাইলেণ্ট ষ্টোনক অৱহেলা কৰাটো কিমান বিপজ্জনক জানক

গলব্লাডাৰত ১১ মিলিমিটাৰৰ পাথৰ লৈ দিলজিৎ দোছাঞ্জ, চাইলেণ্ট ষ্টোনক অৱহেলা কৰাটো কিমান বিপজ্জনক জানক

July 9, 2026 7:39 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘গুণ্ডা কৰ’ৰ বাবেই অসমত কণীৰ দাম ১০ টকা : মন্ত্ৰী আৰু বিটিচি প্ৰধানক লক্ষ্য কৰি অখিল গগৈৰ বিস্ফোৰক অভিযোগ

‘গুণ্ডা কৰ’ৰ বাবেই অসমত কণীৰ দাম ১০ টকা : মন্ত্ৰী আৰু বিটিচি প্ৰধানক লক্ষ্য কৰি অখিল গগৈৰ বিস্ফোৰক অভিযোগ

July 9, 2026 12:18 pm
ইৰানত আমেৰিকাৰ ভয়ানক আক্ৰমণ : ক্ষতিগ্ৰস্ত ভাৰতৰ ছাবহাৰ বন্দৰ

ইৰানত আমেৰিকাৰ ভয়ানক আক্ৰমণ : ক্ষতিগ্ৰস্ত ভাৰতৰ ছাবহাৰ বন্দৰ

July 9, 2026 10:54 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd