• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈ আৰু ৰিপুন বৰাৰ ৰাজীৱ ভৱনত সংবাদমেল

নতুনৰ কান্ধত দলটোক তুলি দি আগ বাঢ়ি যোৱাৰ সংকল্প; ৭০ শতাংশ দলীয় নেতৃত্বৰ দায়িত্ব দিয়া হ'ব যুৱ প্ৰজন্মক

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
August 11, 2019 10:09 pm
TarunGogoi_RipunBora

ৰাজীৱ ভৱনত যুটীয়াভাৱে সংবাদমেল সম্বোধন কৰে প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈ আৰু প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই। ১১ আগষ্টত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দুদিন আগলৈকে কংগ্ৰেছৰ মজিয়াত থকা একাধিক নেতাই আজি বিজেপিত যোগদান কৰাৰ কেইঘণ্টামানৰ পিছতে ৰাজীৱ ভৱনত যুটীয়াভাৱে এখন সংবাদমেল সম্বোধন কৰে প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈ আৰু প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই।

সংবাদমেলত দুয়োজন নেতাই এই বিপৰ্য্যয়তো হতাশ নোহোৱা বুলি দাবী কৰে।

Apply Now

দুয়োজন নেতাৰ বক্তব্যত শুনা গ’ল নতুনৰ কান্ধত দলটোক তুলি দি আগ বাঢ়ি যোৱাৰ সংকল্প।

“আমি হতাশ হোৱা নাই, কিয়নো ক্ষমতালোভীসকলহে বিজেপিলৈ গৈছে। আৰু দুই-চাৰিজন যাব বিজেপিলৈ, সেইকেইজনো যোৱাই ভাল”, গগৈৰ মন্তব্য।

তেওঁ কংগ্ৰেছত গৰাখহনীয়া হোৱা নাই বুলি দাবী কৰে।

বিজেপিলৈ যোৱা প্ৰাক্তন সতীৰ্থ ভুৱনেশ্বৰ কলিতা আৰু গৌতম ৰয়, দুয়োকে কঠোৰ সমালোচনাও কৰিলে গগৈয়ে।

“ভুৱনেশ্বৰ কলিতা আৰ্টিফিচিয়েল নেতা। তেওঁক দেৰিকৈ হ’লেও বুজি পালো। তেওঁ কংগ্ৰেছৰ খাই খাই নোদোকা হৈ গৈছিল”, প্ৰাক্তন সতীৰ্থক কটাক্ষ তৰুণ গগৈৰ।

আনপিনে গৌতম ৰয়ক কটাক্ষ কৰি কয়, “গৌতম ৰয় আমাৰ লগত থাকোতে দুৰ্নীতিপৰায়ণ, এতিয়া সত্যনাৰায়ণ।”

স্বাৰ্থপৰ, লুভীয়া নেতাক কংগ্ৰেছ ত্যাগ কৰিবলৈ আহ্বান জনাই গগৈয়ে কয় “আমি জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে যুৱ প্ৰজন্মক তেওঁলোকৰ ঠাইত দায়িত্ব দিম।”

তেওঁ ভুৱনেশ্বৰ গ’লেও দিল্লী বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে অলপতে কংগ্ৰেছত যোগদান কৰা বাবে উৎসাহিত হোৱা বুলি কয়।

“বিজেপিলৈ যোৱাসকলক পাছত কংগ্ৰেছলৈ ঘূৰি আহিবলৈ নিদিওঁ” বুলিও মন্তব্য কৰে গগৈয়ে।

ইপিনে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰায়ো একেই সুৰত কয়, “আমাৰ কোনো গৰাখহনীয়া হোৱা নাই। দল এৰি বিজেপিলৈ যোৱাসকলে কোনো অনুগামী লগত লৈ যাব পৰা নাই”।

“ভুৱনেশ্বৰ কলিতাই বিজেপিৰ কেৱল কেন্দ্ৰীয় মন্ত্ৰী এজনৰ ওচৰতহে বিজেপিত যোগদান কৰিছে।” বুলি কটাক্ষ কৰি বৰাই কয়, “যিসকল বিজেপিত গৈছে গ’ল, আৰু যায় যদিও যাব পাৰে”।

তেওঁৰ দাবী, ধানৰ পটান বোৰ কংগ্ৰেছৰ পৰা উৰি গৈছে। প্ৰকৃত ধানবোৰ কংগ্রেছতে আছে। এতিয়াও আদৰ্শৱান নেতাসকল কংগ্রেছতে আছে।

“নতুন প্ৰজন্মক সুযোগ দিয়া হ’ব নেতৃত্ব ল’বলৈ।  ৭০ শতাংশ দলীয় নেতৃত্বৰ দায়িত্ব দিয়া হ’ব যুৱ প্ৰজন্মক”, দেওবাৰে কংগ্ৰেছৰ ক’ৰ কমিটিৰ বৈঠকৰ এই সিদ্ধান্ত বুলি জানিবলৈ দি ৰিপুণ বৰাই কয়।

সংবাদমেলত তৰুণ গগৈয়ে চৰকাৰখনৰ কামকাজকো সমালোচনা কৰে।

”স্কুল শিক্ষকৰ সমস্যাত গুৰুত্ব দিয়া নাই, চাহ শ্ৰমিকৰ ৩৫০ টকা মজুৰি ক’ত দিলে? বিভিন্ন জাতি-জনগোষ্ঠীক আমি দিয়া সাহায্যৰ তুলনাত আধা দিছে। কি উন্নয়ন হৈছে অসমৰ যিকোনো ক্ষেত্ৰত?”  গগৈৰ প্ৰশ্ন।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

এটাৰ পিছত আন এটা গোচৰ : অভিষেক বেনাৰ্জীৰ বাসগৃহত উপস্থিত চিআইডি, কালীঘাটত তীব্ৰ চাঞ্চল্য

এটাৰ পিছত আন এটা গোচৰ : অভিষেক বেনাৰ্জীৰ বাসগৃহত উপস্থিত চিআইডি, কালীঘাটত তীব্ৰ চাঞ্চল্য

June 12, 2026 9:35 pm
বেজৰ নাকত খৰ! আমেঠিৰ ভোটাৰ তালিকাৰ পৰা অন্তৰ্ধান স্মৃতি ইৰাণীৰ নাম

বেজৰ নাকত খৰ! আমেঠিৰ ভোটাৰ তালিকাৰ পৰা অন্তৰ্ধান স্মৃতি ইৰাণীৰ নাম

June 12, 2026 9:18 pm
২৩ বছৰ বয়সতে ১৯টা চৰকাৰী চাকৰিৰ পৰীক্ষাত উত্তীৰ্ণ! কোন এই বিস্ময়কৰ তৰুণী?

২৩ বছৰ বয়সতে ১৯টা চৰকাৰী চাকৰিৰ পৰীক্ষাত উত্তীৰ্ণ! কোন এই বিস্ময়কৰ তৰুণী?

June 12, 2026 8:56 pm
মেটাৰ সেৱাত বিশ্বজুৰি বিঘিনি : কিছু সময়ৰ বাবে অচল হৈ পৰিল লাখ লাখ লোকৰ ফেচবুক-ইনষ্টাগ্ৰাম-হোৱাটছএপ

মেটাৰ সেৱাত বিশ্বজুৰি বিঘিনি : কিছু সময়ৰ বাবে অচল হৈ পৰিল লাখ লাখ লোকৰ ফেচবুক-ইনষ্টাগ্ৰাম-হোৱাটছএপ

June 12, 2026 8:26 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এটাৰ পিছত আন এটা গোচৰ : অভিষেক বেনাৰ্জীৰ বাসগৃহত উপস্থিত চিআইডি, কালীঘাটত তীব্ৰ চাঞ্চল্য

এটাৰ পিছত আন এটা গোচৰ : অভিষেক বেনাৰ্জীৰ বাসগৃহত উপস্থিত চিআইডি, কালীঘাটত তীব্ৰ চাঞ্চল্য

June 12, 2026 9:35 pm
বেজৰ নাকত খৰ! আমেঠিৰ ভোটাৰ তালিকাৰ পৰা অন্তৰ্ধান স্মৃতি ইৰাণীৰ নাম

বেজৰ নাকত খৰ! আমেঠিৰ ভোটাৰ তালিকাৰ পৰা অন্তৰ্ধান স্মৃতি ইৰাণীৰ নাম

June 12, 2026 9:18 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd