• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

দিনজোৰা কাৰ্যসূচীৰে বোকাখাতত ‘গ্রন্থাগাৰিক দিৱস’ উদযাপন

উত্তম শইকীয়া by উত্তম শইকীয়া
August 13, 2019 9:32 pm
368
VIEWS
Share on FacebookShare on Twitter

গোলাঘাট জিলা গ্রন্থাগাৰ সংস্থাৰ উদ্যোগত বোকাখাতৰ জে ডি এচ জি মহাবিদ্যালয়ৰ কেন্দ্রীয় গ্রন্থাগাৰ আৰু আভ্যন্তৰীণ মান নিশ্চিত কৰণ কোষৰ সহযোগত মহাবিদ্যালয়খনত সোমবাৰে ‘গ্রন্থাগাৰিক দিৱস’ উদযাপন কৰা হয়।

ভাৰতৰ গ্ৰন্থাগাৰ বিজ্ঞানৰ পিতৃস্বৰূপ ড০ এচ আৰ ৰংগানাথনৰ জন্মদিন উপলক্ষে সমগ্ৰ দেশতে ১২ আগষ্টৰ দিনটোক “গ্রন্থাগাৰিক দিৱস” হিচাপে পালন কৰা হয়।

অনুষ্ঠানত বোকাখাতৰ জ্যেষ্ঠ সাংবাদিক তথা অসমৰ গ্রন্থাগাৰ আন্দোলনৰ প্রবীণ কর্মী ভবেশ শইকীয়াক গোলাঘাট জিলা গ্রন্থাগাৰ সংস্থাই বিশেষভাৱে সম্বৰ্ধনা জনায়। সম্বৰ্ধনা গ্ৰহণ কৰি দিয়া ভাষণত শইকীয়ই ৬০ৰ দশকত প্রয়াত কুমুদেশৰ বৰঠাকুৰৰ নেতৃত্বত বোকাখাত অঞ্চলৰ গাঁৱে-ভুঞে গ্রন্থাগাৰ প্রতিষ্ঠা কৰি জ্ঞানৰ পোহৰ বিলোৱাৰ কথা ব্যক্ত কৰে।

সভাত গোলাঘাট জিলা গ্রন্থাগাৰ সংস্থাৰ কার্যনিৰ্বাহক সদস্য সঞ্জয় কুমাৰ হাজৰিকা স্বচ্ছ ভাৰত অভিযান মিছনৰ উত্তৰ-পূৰ্বাঞ্চলৰ ব্ৰেণ্ড এম্বেছেদৰ হিচাপে নির্বাচিত হোৱাত সংস্থাৰ তৰফৰ পৰা সম্বর্ধনা জনোৱা হয়।

দিৱসৰ লগত সংগতি ৰাখি জে ডি এছ জি মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি অখিল বৰুৱাৰ সঞ্চালনাত ‘গ্রন্থ, গ্রন্থাগাৰ আৰু পঢ়ুৱৈ সমাজ’ শীর্ষক এখন আলোচনা চক্র অনুষ্ঠিত হয়।

বোকাখাত পুৱতি সাহিত্য সভাৰ সভাপতি অপূর্ব বৰদলৈয়ে উদ্বোধন কৰা আলোচনা চক্ৰত কমাৰগাঁও মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ জ্যেষ্ঠ অধ্যাপিকা গায়ত্ৰী বৰা কাকতী আৰু জে ডি এছ জি  মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ জ্যেষ্ঠ অধ্যাপক গোপিকানন্দ শইকীয়াই ভাষণ দিয়ে।

আলোচনা চক্ৰখনত জিলাখনৰ বিভিন্ন মহাবিদ্যালয়ৰ গ্রন্থাগাৰিক, জে ডি এচ জি মহাবিদ্যালয়ৰ শিক্ষক-কর্মচাৰী, ছাত্র-ছাত্রী তথা বোকাখাতৰ গণ্য-মান্য ব্যক্তিসকলৰ লগতে শংকৰদেৱ শিশু নিকেতনৰ ছাত্ৰ-ছাত্ৰীসকলে অংশগ্ৰহণ কৰে।

বিয়লিলৈ অনুষ্ঠিত হোৱা গোলাঘাট জিলা গ্রন্থাগাৰ সংস্থাৰ সাধাৰণ সভাত আগন্তুক কাৰ্যকালৰ বাবে জিতেন্দ্র বৰাক সভাপতি আৰু দেৰগাঁৱৰ সঞ্জয় কুমাৰ হাজৰিকাক সম্পাদক হিচাপে লৈ নতুন কার্যনিৰ্বাহক সমিতি গঠন কৰা হয়।

Recent News

কুনো ৰাষ্ট্ৰীয় উদ্যানত আঘাতপ্ৰাপ্ত হৈ ৮ বছৰীয়া নামিবিয়ান চিতা ‘নাভা’ৰ মৃত্যু

কুনো ৰাষ্ট্ৰীয় উদ্যানত আঘাতপ্ৰাপ্ত হৈ ৮ বছৰীয়া নামিবিয়ান চিতা ‘নাভা’ৰ মৃত্যু

বিচাৰ ব্যৱস্থাৰ সংস্কাৰৰ অতি প্ৰয়োজন; ন্যায়িক ব্যৱস্থাৰ তীব্ৰ সমালোচনা মুখ্য ন্যায়াধীশ গাভাইৰ

বিচাৰ ব্যৱস্থাৰ সংস্কাৰৰ অতি প্ৰয়োজন; ন্যায়িক ব্যৱস্থাৰ তীব্ৰ সমালোচনা মুখ্য ন্যায়াধীশ গাভাইৰ

য়াংজে নদীৰ ৩০০টা বান্ধ ভাঙি পেলালে চীনে, বন্ধ কৰিলে ৩২০টা জলবিদ্যুৎ কেন্দ্ৰ! কিন্তু কিয়?

য়াংজে নদীৰ ৩০০টা বান্ধ ভাঙি পেলালে চীনে, বন্ধ কৰিলে ৩২০টা জলবিদ্যুৎ কেন্দ্ৰ! কিন্তু কিয়?

ভাঙি পৰিল বহুমহলীয়া অট্টালিকা, ৰাজধানী দিল্লীত বিপৰ্যয়; বহু লোক আৱদ্ধ হৈ পৰাৰ আশংকা!

ভাঙি পৰিল বহুমহলীয়া অট্টালিকা, ৰাজধানী দিল্লীত বিপৰ্যয়; বহু লোক আৱদ্ধ হৈ পৰাৰ আশংকা!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd