• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 27, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ধোৱাচাঙত উঠিল ৰাজ্য চৰকাৰৰ জলবায়ু পৰিৱৰ্তন বিষয়ক একচন প্লেন

ভৱেশ মেধি by ভৱেশ মেধি
August 13, 2019 8:52 pm
ধোৱাচাঙত উঠিল ৰাজ্য চৰকাৰৰ জলবায়ু পৰিৱৰ্তন বিষয়ক একচন প্লেন

প্ৰতিনিধিত্বমূলক ছবি

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চৰকাৰী ফাইলতে আৱদ্ধ হৈ আছে জলবায়ু পৰিবৰ্তনৰ লগত মোকাবিলা কৰাৰ বাবে চাৰি বছৰ পূৰ্বে ৰাজ্যত প্ৰস্তুত কৰা আছাম ষ্টেট একচন প্লেন অন ক্লাইমেট চেঞ্জ চমুকৈ এছ এ পি চি চি শীৰ্ষক জলবায়ু পৰিৱৰ্তন সম্পৰ্কীয় একচন প্লেন।

উল্লেখ্য যে ২০০৮ চনৰ পৰা ২০১৫ চনলৈ ৭ বছৰজোৰা অধ্যয়ন আৰু গৱেষণাৰে ভাৰত চৰকাৰৰ পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰ্যালয় আৰু ইংলেণ্ডৰ ডিপাৰমেন্ট ফৰ ইন্টাৰনেল ডেভেলাপমেন্ট চমুকৈ ডি এফ আই ডি য়ে প্ৰস্তুত কৰি ২০১৫ চনৰ ছেপ্টেম্বৰত ৰাজহুৱা কৰা এছ এ পি চি চি প্ৰতিবেদন শীৰ্ষক একচন প্লেনখন আজিলৈকে কাৰ্যকৰী হোৱা নাই।

ৰাজ্যৰ জলবায়ু সম্পৰ্কীয় একচন প্লেনখন পৰিচালনা কৰাৰ বাবে ৰাজ্য চৰকাৰে যোৱা বছৰত আছাম ক্লাইমেট চেঞ্জ মেনেজমেন্ট চ’চাইটি গঠন কৰিছে যদিও গ্ৰহণ কৰা হোৱা নাই কোনো কাৰ্যপ্ৰণালী।

এই সম্পৰ্কত বন বিভাগৰ (জৈৱ বৈচিত্ৰ আৰু জলবায়ু পৰিৱৰ্তন) প্ৰধান মুখ্য বন সংৰক্ষক এ কে জোহৰীয়ে কয় যে কিছুদিন পূৰ্বে চ’চাইটিৰ কাৰ্যনিৰ্বাহক কমিটীৰ প্ৰথমখন বৈঠক বহা হৈছে। তেওঁ কয় যে কেন্দ্ৰীয় চৰকাৰৰ নেচনেল ডিটাৰমাইন্ড কন্ট্ৰবিউছনৰ লক্ষ্যৰ ভিত্তিত ৰাজ্যৰ জলবায়ু সম্পৰ্কীয় শীৰ্ষক একচন প্লেনখন পুনৰীক্ষন কৰি কিছু নতুন বিষয় সন্নিবিষ্ট কৰাৰ কাম চলি আছে।

এই কামবোৰ হ’লে পৰ্যায়ক্ৰমে পৰিকল্পনা মতে কাৰ্যপন্থা হাতত লোৱা হ’ব। মন কৰিবলগীয়া যে, বন বিভাগ, কৃষি বিভাগ, জলসম্পদ বিভাগ, নগৰ উন্নয়ন বিভাগ আদি চৰকাৰী বিভাগকলৈ গঠন কৰা চ’চাইটিখনৰ বিষয়ে আৰু জলবায়ু সম্পৰ্কীয় শীৰ্ষক একচন প্লেনখনৰ বিষয়ে কৃষি বিভাগে হওঁক বা জলসম্পদ বিভাগে হওঁক কোনো এটা বিভাগৰ বিষয়াসকল  অৱগত নহয়। সাধাৰণ মানুহে জনা দূৰৈৰ কথা।

জলবায়ু পৰিৱৰ্তন সম্পৰ্কীয় একচন প্লেনখন ২০২০চনক ভিত্তিবৰ্ষ হিচাপে লৈছিল। সেইমতে, কৃষি, জলসম্পদ, বিদ্যুৎ শক্তি, পৰিবহন, বন আৰু জৈৱ বৈচিত্ৰ্য আদি বিষয়ত নতুন ধৰণে কাম কৰাৰ বাবে একচন প্লেনখনত আঁচনি আৰু পৰিকল্পনা কৰা হৈছিল।

বিশেষকৈ কয়লা, পেট্ৰল, ডিজেল আদিৰ ব্যৱহাৰ হ্ৰাস কৰি সৌৰ শক্তিৰ ব্যৱহাৰ বৃদ্ধি কৰা, ব্যাপক বনানীকৰণ কৰা, কৃষি উৎপাদনত বিজ্ঞানসম্মত পদ্ধতি ব্যৱহাৰ কৰা আদি কেতবোৰ পৰিকল্পনা আৰু আঁচনি গ্ৰহণ কৰা হৈছিল। কিন্তু চৰকাৰৰ মন্ত্ৰী, আমোলাৰ অৱহেলাৰ বাবে এই পৰিকল্পনা ফাইলতে আৱদ্ধ হৈ আছে।

এই সম্পৰ্কত কটন বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ অধ্যাপক ৰাহুল মহন্তই কয় যে প্ৰতিবেদনখনত বিভিন্ন আসোঁৱাহ দেখা গৈছে। প্ৰতিবেদন প্ৰস্তুত কৰা সকলৰ জলবায়ু পৰিৱৰ্তন সম্পৰ্কত জ্ঞানৰ অভাৱ দেখা গৈছে।

ৰাজ্যখনৰ জলবায়ু পৰিৱৰ্তনৰ অধ্যয়নত সীমিত বৈজ্ঞানিক তথ্য ব্যৱহাৰ কৰাৰ লগতে জলবায়ু পৰিৱৰ্তনৰ লগত মোকাবিলা কৰাৰ প্ৰতিবেদনখনত যিধৰণৰ পৰিকল্পনা কৰিছে তাত বিজ্ঞানসম্মত জ্ঞানৰ অভাৱ দেখা গৈছে। সেয়েহে এইক্ষেত্ৰত যিবোৰ আঁচনি তথা নীতি প্ৰস্তুত কৰা হয় সেইবোৰ গতিশীল আৰু কাৰ্যক্ষম হোৱা প্ৰয়োজন।

ভৱেশ মেধি

ভৱেশ মেধি

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিৰ্বাচন আয়োগে নহয়, বিজেপিয়েহে নিৰ্দ্ধাৰণ কৰে নিৰ্বাচনৰ তাৰিখ : আকৌ ডাঙৰ অভিযোগ ৰাহুল গান্ধীৰ

নিৰ্বাচন আয়োগে নহয়, বিজেপিয়েহে নিৰ্দ্ধাৰণ কৰে নিৰ্বাচনৰ তাৰিখ : আকৌ ডাঙৰ অভিযোগ ৰাহুল গান্ধীৰ

August 26, 2025 9:27 pm
ডিগ্ৰী কলেজ আৰু চিকিৎসা মহাবিদ্যালয় স্থাপনৰ দাবীত ডিমা হাছাওত ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ

ডিগ্ৰী কলেজ আৰু চিকিৎসা মহাবিদ্যালয় স্থাপনৰ দাবীত ডিমা হাছাওত ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ

August 26, 2025 8:23 pm
আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ত সদৌ অসম ভিত্তিত আন্তঃ মহাবিদ্যালয়-বিশ্ববিদ্যালয় তর্ক প্রতিযোগিতাৰ আয়োজন

আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ত সদৌ অসম ভিত্তিত আন্তঃ মহাবিদ্যালয়-বিশ্ববিদ্যালয় তর্ক প্রতিযোগিতাৰ আয়োজন

August 26, 2025 7:55 pm
কাৰ্বি আংলঙৰ ১ লাখ ৫৩ হাজাৰ বিঘা মাটি বহিৰাগত বণিয়াক হস্তান্তৰ অসম চৰকাৰ : ৰাজীৱ ভৱনত কাৰ্বি জনগোষ্ঠীয় নেতাৰ সংবাদমেল

কাৰ্বি আংলঙৰ ১ লাখ ৫৩ হাজাৰ বিঘা মাটি বহিৰাগত বণিয়াক হস্তান্তৰ অসম চৰকাৰ : ৰাজীৱ ভৱনত কাৰ্বি জনগোষ্ঠীয় নেতাৰ সংবাদমেল

August 26, 2025 7:25 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিৰ্বাচন আয়োগে নহয়, বিজেপিয়েহে নিৰ্দ্ধাৰণ কৰে নিৰ্বাচনৰ তাৰিখ : আকৌ ডাঙৰ অভিযোগ ৰাহুল গান্ধীৰ

নিৰ্বাচন আয়োগে নহয়, বিজেপিয়েহে নিৰ্দ্ধাৰণ কৰে নিৰ্বাচনৰ তাৰিখ : আকৌ ডাঙৰ অভিযোগ ৰাহুল গান্ধীৰ

August 26, 2025 9:27 pm
ডিগ্ৰী কলেজ আৰু চিকিৎসা মহাবিদ্যালয় স্থাপনৰ দাবীত ডিমা হাছাওত ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ

ডিগ্ৰী কলেজ আৰু চিকিৎসা মহাবিদ্যালয় স্থাপনৰ দাবীত ডিমা হাছাওত ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ

August 26, 2025 8:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd