• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 27, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিনোদ দুলু বৰালৈ “মুখ্য মন্ত্ৰীৰ শ্ৰেষ্ঠ সামুহিক কৰ্ম বঁটা” : বন বিভাগৰো ভূয়সী প্ৰশংসা

ভার্গব হাজৰিকা by ভার্গব হাজৰিকা
August 15, 2019 7:55 pm
IMG-20190815-WA0015

ফটো : নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নগাঁও-কাৰ্বি আংলং সীমান্তৱৰ্ত্তী বৃহত্তৰ অঞ্চলত হস্তী-মানুহৰ দীৰ্ঘদিনীয়া সংঘাত দূৰ কৰিবৰ বাবে নগাঁৱৰ চাপানালাৰ নিকটৱৰ্ত্তী ৰংহাং কাৰ্বি গাঁৱত গঢ়ি উঠিছে এটি সংস্থা।

“হাতীবন্ধু” নামৰ এই সংস্থাৰ উদ্যোগত প্ৰকৃতিপ্ৰেমী যুৱক বিনোদ দুলু বৰাৰ নেতৃত্বত স্থানীয় ৰাইজে হাতত লোৱা অভিনৱ পদক্ষেপৰ প্ৰভাৱ এতিয়া সুদূৰ প্ৰসাৰী হৈ পৰিছে।

ভৈয়ামৰ কৃষকে খেতি চপোৱাৰ সময়ত বনৰীয়া হাতীক খাদ্য যোগান ধৰিবৰ বাবে ৰংহাং কাৰ্বি গাঁৱৰ পাহাৰৰ নামনিত আৰম্ভ কৰা হৈছে নেফিয়াৰ ঘাঁহৰ খেতি।

প্ৰায় দুশ বিঘা ধান খেতিৰ লগতে ৰঙামাটি পাহাৰত প্ৰায় ২৫তকৈও অধিক বিঘা মাটিত কৰা নেফিয়াৰ ঘাঁহৰ খেতিয়ে এতিয়া সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে।

এই প্ৰচেষ্টাই কেৱল ৰাজ্যৰ বন বিভাগৰে নহয়, কেন্দ্ৰীয় চৰকাৰৰো দৃষ্টি আকৰ্ষণ কৰিছে ।

উল্লেখযোগ্য যে, যোৱা জুলাই মাহত ৰংহাং গাঁৱৰ দুশ বিঘাৰ বিশেষ পথাৰ খনৰ কাষতে অতি আড়ম্বৰপূৰ্ণ ভাবে গাওঁ বাসীৰ সহযোগত বিনোদ দুলু বৰাই কৃষিকৰ্মৰ শুভাৰম্ভ কৰিছিল।

চামগুৰি দুলু বৰা
বন বিভাগৰ উচ্চ পদস্থ বিষয়াৰ সৈতে বিনোদ দুলু বৰা। ফটো : নৰ্থইষ্ট নাও

শীৰ্ষ বন বিষয়াই বনৰীয়া হাতীৰ বাবে কৰা কৃষিকাৰ্যৰ সবিশেষ তথ্য আহৰণ কৰিবলৈ ৰংহাং কাৰ্বি গাওঁ, বৰঘুলি, চাপানালা, ৰঙামাটি আদিত থকা বিস্তীৰ্ণ পথাৰ পৰিদৰ্শন কৰে।

অসম চৰকাৰৰ মুৰব্বী বন সংৰক্ষক বিষয়া অৰবিন্দ মাধৱ সিঙৰ লগতে উত্তৰ অসমৰ বন সংৰক্ষক বিষয়া গৰাকীয়ে পৰিদৰ্শন কৰে এই কৃষিকাৰ্য।

বন বিষয়া সিঙে খেতি কৰিবৰ বাবে ভূমি দান কৰা গাঁও বাসীক আৰু বিনোদ দুলু বৰাৰ লগতে তেওঁ নেতৃত্ব প্ৰদান কৰা সমগ্ৰ প্ৰক্ৰিয়াটোক চৰকাৰী ভাবে আন্তৰ্জাতিক স্তৰত দাঙি ধৰাৰ প্ৰচেষ্টা হাতত লোৱা হব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে।

বন বিষয়া দুজনে বনৰীয়া হাতীক খাদ্য যোগান ধৰিব বাবে খেতি কৰিবলৈ ভূমি দানৰ দৰে এক মহৎ কাৰ্য কৰা স্থানীয় ৰাইজক আৰ্থিক দিশত স্বনিৰ্ভৰশীল কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

তেওঁলোকে চৰকাৰী বিশেষ আঁচনিৰ জৰিয়তে বিভিন্ন ক্ষেত্ৰত প্ৰশিক্ষণৰ জৰিয়তে সংস্থাপনৰ  সুবিধা দিয়াৰ আশ্বাস প্ৰদান কৰে।

ইপিনে, হাতী-মানুহৰ সংঘাত দুৰ কৰাৰ প্ৰচেষ্টা হাতত লোৱা মূলতঃ স্থানীয় প্ৰকৃতিপ্ৰেমী যুৱক বিনোদ দুলু বৰাক বন বিষয়া দুজনে ভূয়সী প্ৰশংসা কৰে।

তদুপৰি, তেওঁলোকে সমগ্ৰ কাৰ্যটো সুপৰিকল্পিতভাবে আগবঢ়াই নিয়াত দুলু বৰাক সকলো দিশতে অনুপ্ৰাণিত কৰি অহা “হাতীবন্ধু” নামৰ সংস্থাটোৰ মুখ্য সঞ্চালক গুৱাহাটীৰ ৮৫ৰো উৰ্ধৰ বৰ্ষীয়ান ব্যক্তি প্ৰদীপ ভূঞাৰো শলাগ লয়।

আনহাতে, ৰাজ্যৰ আন-আন হাতী-মানুহৰ সংঘাত প্ৰৱণ অঞ্চললৈ ইয়াক প্ৰসাৰিত কৰাৰ প্ৰচেষ্টা চৰকাৰীভাৱে বন বিভাগে শীঘ্ৰে হাতত ল’ব বুলি উপস্থিত বন বিষয়া দুগৰাকীয়ে সংবাদ মাধ্যমৰ সন্মুখত জানিবলৈ দিয়ে।

লক্ষণীয়ভাবে, বৃহস্পতিবাৰে ৭৩সংখ্যক স্বাধীনতা দিৱসৰ গুৱাহাটীৰ খানাপাৰাত ৰাজ্যিক ভিত্তিত অনুষ্ঠিত অনুষ্ঠানটোত মুখ্যমন্ত্ৰী সৰ্ৱানন্দ সোণোৱালে ৰাজহুৱা ভাবে বিনোদ দুলু বৰাক সম্বৰ্দ্ধনা জনোৱাৰ লগতে “মুখ্য মন্ত্ৰীৰ শ্ৰেষ্ঠ সামুহিক কৰ্ম বঁটা-২০১৯” প্ৰদান কৰে।

নগাঁও-কাৰ্বি আংলং সীমান্তৱৰ্ত্তী বৃহত্তৰ অঞ্চলৰ ৰাইজৰ লগতে সমূহ নগাঁওবাসীৰ মাজত দুলুৰ কৰ্মৰাজিক লৈ ব্যাপক চৰ্চা চলিছে আৰু ইয়াকে লৈ সমগ্ৰ নগাঁও বাসীয়ে গৌৰৱ বোধ কৰিছে।

ভার্গব হাজৰিকা

ভার্গব হাজৰিকা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিৰ্বাচন আয়োগে নহয়, বিজেপিয়েহে নিৰ্দ্ধাৰণ কৰে নিৰ্বাচনৰ তাৰিখ : আকৌ ডাঙৰ অভিযোগ ৰাহুল গান্ধীৰ

নিৰ্বাচন আয়োগে নহয়, বিজেপিয়েহে নিৰ্দ্ধাৰণ কৰে নিৰ্বাচনৰ তাৰিখ : আকৌ ডাঙৰ অভিযোগ ৰাহুল গান্ধীৰ

August 26, 2025 9:27 pm
ডিগ্ৰী কলেজ আৰু চিকিৎসা মহাবিদ্যালয় স্থাপনৰ দাবীত ডিমা হাছাওত ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ

ডিগ্ৰী কলেজ আৰু চিকিৎসা মহাবিদ্যালয় স্থাপনৰ দাবীত ডিমা হাছাওত ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ

August 26, 2025 8:23 pm
আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ত সদৌ অসম ভিত্তিত আন্তঃ মহাবিদ্যালয়-বিশ্ববিদ্যালয় তর্ক প্রতিযোগিতাৰ আয়োজন

আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ত সদৌ অসম ভিত্তিত আন্তঃ মহাবিদ্যালয়-বিশ্ববিদ্যালয় তর্ক প্রতিযোগিতাৰ আয়োজন

August 26, 2025 7:55 pm
কাৰ্বি আংলঙৰ ১ লাখ ৫৩ হাজাৰ বিঘা মাটি বহিৰাগত বণিয়াক হস্তান্তৰ অসম চৰকাৰ : ৰাজীৱ ভৱনত কাৰ্বি জনগোষ্ঠীয় নেতাৰ সংবাদমেল

কাৰ্বি আংলঙৰ ১ লাখ ৫৩ হাজাৰ বিঘা মাটি বহিৰাগত বণিয়াক হস্তান্তৰ অসম চৰকাৰ : ৰাজীৱ ভৱনত কাৰ্বি জনগোষ্ঠীয় নেতাৰ সংবাদমেল

August 26, 2025 7:25 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিৰ্বাচন আয়োগে নহয়, বিজেপিয়েহে নিৰ্দ্ধাৰণ কৰে নিৰ্বাচনৰ তাৰিখ : আকৌ ডাঙৰ অভিযোগ ৰাহুল গান্ধীৰ

নিৰ্বাচন আয়োগে নহয়, বিজেপিয়েহে নিৰ্দ্ধাৰণ কৰে নিৰ্বাচনৰ তাৰিখ : আকৌ ডাঙৰ অভিযোগ ৰাহুল গান্ধীৰ

August 26, 2025 9:27 pm
ডিগ্ৰী কলেজ আৰু চিকিৎসা মহাবিদ্যালয় স্থাপনৰ দাবীত ডিমা হাছাওত ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ

ডিগ্ৰী কলেজ আৰু চিকিৎসা মহাবিদ্যালয় স্থাপনৰ দাবীত ডিমা হাছাওত ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ

August 26, 2025 8:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd