• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এইবাৰ শদিয়াত ঘটিল “নিৰ্বিচাৰ হত্যা”; কেইবাজনে মৰিয়াই হত্যা কৰিলে এজনক

এজন হত্যাকাৰীক গ্ৰেপ্তাৰ; পলাতক তিনিজন যুৱকৰ সন্ধানত আৰক্ষীৰ অভিযান অব্যাহত

মানস প্ৰতিম গগৈ by মানস প্ৰতিম গগৈ
August 18, 2019 7:32 pm
Dibyadhar Chiring

দীপক বিশ্বকৰ্মাৰ হত্যাৰ অভিযোগত আৰক্ষীয়ে আটক কৰা দিব্যধৰ চিৰিং।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যত মৰেল পুলিচিং আৰু মব লিন্সিঙৰ ঘটনা উদ্বেগজনকভাবে বৃদ্ধি পাব ধৰিছে।

যোৱা ৮ আগষ্টত শিৱসাগৰৰ নামতিত প্ৰশান্ত বৰগোহাঁই নামৰ এজন লোকক উন্মত্ত লোকৰ দলে মৰিয়াই হত্যা কৰাৰ পিছত পুনৰ শদিয়াত একেই ঘটনাৰ পুনৰাবৃত্তি ঘটিছে।

১৭ আগষ্টৰ ঘটনাটোত শদিয়াৰ ইছলামপুৰ গাঁৱত কেইজনমান উন্মাদ যুৱকৰ হাতত প্ৰাণ হেৰুৱায় দীপক বিশ্বকৰ্মা নামৰ এজন যুৱকে।

মৃত যুৱকজনৰ পৰিয়ালৰ অভিযোগ মতে, যোৱা ১২ আগষ্ট তাৰিখে দীপক বিশ্বকৰ্মা নামৰ যুৱকজনক ইছলামপুৰ গাঁৱৰ এগৰাকী মহিলাই কুকুৰা নিবলৈ ফোন কৰি মাতিছিল  আৰু সেইমতেই যুৱকজনে মহিলাগৰাকীৰ ঘৰত উপস্থিত হৈছিল।

মহিলাগৰাকীৰ ঘৰত দীপক বহি থাকোঁতেই স্থানীয় কেইজনমান যুৱকে তেওঁক চোৰ সন্দেহ কৰি মহিলাগৰাকীৰ ঘৰৰ বাৰীত থকা গছত ৰাইজৰ সমুখত বান্ধি বেয়াকৈ প্ৰহাৰ কৰে। খবৰ পাই আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰি স্থানীয় ৰাইজ আৰু গাঁওবুঢ়াৰ তৎপৰতাত বিষয়টোৰ মীমাংসা কৰা হয়।

কিন্ত কৰ্মসূত্ৰে অৰুণাচলত থকা মহিলাগৰাকীৰ স্বামী দিব্যধৰ চিৰিং পিছদিনা ঘৰলৈ আহি ঘটনাৰ কথা জানিবলৈ পায় ক্ষুব্ধ হৈ উঠে আৰু দীপক বিশ্বকৰ্মাৰ ঘৰলৈ আহি তেওঁক ৰাজপথলৈ উলিয়াই আনে।

তাৰ পিছত অন্য তিনিজন যুৱকৰ সৈতে ৰাইজৰ সমুখত শিলগুটিৰে গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰি মুমূৰ্ষু অৱস্থাত ৰাজপথতে পেলাই থৈ যায়।

পিছত দীপকক শদিয়াৰ অসামৰিক চিকিৎসালয়লৈ নিয়া হয় যদিও অৱস্থা সংকটজনক দেখি চিকিৎসকে উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰে।

কিন্তু শনিবাৰে পুৱা ডিব্ৰুগড়ৰ এখন নাৰ্ছিং হোমত চিকিৎসাধীন অৱস্থাত দীপকৰ মৃত্যু হয়।

দীপকৰ মাক আৰু  সম্পৰ্কীয় ভনীয়েক এগৰাকীয়ে জনায় যে দিব্যধৰ চিৰিঙে দীপকক নানা ভাবুকি প্ৰদান কৰি ঘৰৰ পৰাই টানি-আঁজুৰি ৰাজপথলৈ লৈ গৈছিল আৰু তিনিজন যুৱকৰে লগ লাগি শিলগুটিৰে মাকৰ সমুখতে প্ৰহাৰ কৰিছিল।

মাকে বাৰে বাৰে গাঁৱৰ ৰাইজক পুত্ৰক বচাবলৈ কাতৰ অনুৰোধ কৰিছিল যদিও কোনেও তেওঁৰ পুত্ৰক বচাবলৈ আগ বাঢ়ি নাহিল।

দীপকে দিন হাজিৰা কৰি বৃদ্ধ মাকৰ সৈতে জীৱন নিৰ্বাহ কৰি আছিল। দীপকৰ এজন ভায়েক বেংগালুৰুত থাকে যদিও ঘৰৰ সৈতে যোগাযোগ সেৰেঙা, সূত্ৰটোৱে জনালে।

ঘটনা সন্দৰ্ভত শদিয়া আৰক্ষীয়ে ১২৬/১৯ নম্বৰত এটা গোচৰ নিজাববীয়াকৈ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে। ইতিমধ্যে মূল অভিযুক্ত দিব্যধৰ চিৰিঙক (৩৯) ১৭ আগষ্টত আটক কৰা হৈছে।

পলাতক ৰুবুল চিৰিং (২৪), বিকাশ চিৰিং (২২), টিলিকা বুঢ়াগোহাঁই (২৭) নামৰ যুৱককেইজনৰ সন্ধান অব্যাহত ৰাখিছে আৰক্ষীয়ে।

সমগ্ৰ শদিয়াতে তীব্ৰ চাঞ্চল্য সৃষ্টি কৰা ঘটনাটোক শদিয়াবাসীৰ লগতে শদিয়াৰ দল-সংগঠনে তীব্ৰ ভাষাৰে গৰিহণা দিছে।

শদিয়াৰ আৰক্ষী অধীক্ষক দেৱজিত দেউৰীয়ে সংবাদ মাধ্যমৰ আগত ঘটনাটো ব্যক্তিগত কাৰণত হোৱা ঘটনা আখ্যা দিয়ে। আটাইকেইজন অভিযুক্ত ধৰাৰ চেষ্টা চলি আছে বুলি জনালে আৰক্ষী বিষয়াজনে।

ইফালে ঘটনাটোত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি গোর্খা ছাত্ৰ সন্থাই দোষীক কঠোৰ শাস্তি দিবলৈ আৰু মৃতকৰ পৰিয়ালক উচিত ন্যায় দিয়াৰ দাবী কৰিছে।

মানস প্ৰতিম গগৈ

মানস প্ৰতিম গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দীপিকাৰ কেৰিয়াৰত আন এক ডাঙৰ আঘাত! ‘কল্কি ২৮৯৮’ৰ ছিকুৱেলৰ পৰা বাদ পৰিল অভিনেত্ৰী

দীপিকাৰ কেৰিয়াৰত আন এক ডাঙৰ আঘাত! ‘কল্কি ২৮৯৮’ৰ ছিকুৱেলৰ পৰা বাদ পৰিল অভিনেত্ৰী

September 18, 2025 5:38 pm
জন্ম-কাশ্মীৰ : হুৰিয়াৎ সন্মিলনৰ প্ৰাক্তন অধ্যক্ষ আব্দুল ঘনী বাটৰ মৃত্যু

জন্ম-কাশ্মীৰ : হুৰিয়াৎ সন্মিলনৰ প্ৰাক্তন অধ্যক্ষ আব্দুল ঘনী বাটৰ মৃত্যু

September 18, 2025 5:30 pm
পিৰাভি আৰু তাৰিখ-এটি তুলনামূলক অৱলোকন

পিৰাভি আৰু তাৰিখ-এটি তুলনামূলক অৱলোকন

September 18, 2025 4:47 pm
নিৰ্বাচনী শপতনামাতো ফাঁকি! নিৰ্বাচন আয়োগৰ আগত সম্পত্তিৰ তথ্য লুকুৱাই ‎দুৰ্যোগৰ সন্মুখীন প্ৰমোদ বড়ো

নিৰ্বাচনী শপতনামাতো ফাঁকি! নিৰ্বাচন আয়োগৰ আগত সম্পত্তিৰ তথ্য লুকুৱাই ‎দুৰ্যোগৰ সন্মুখীন প্ৰমোদ বড়ো

September 18, 2025 4:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দীপিকাৰ কেৰিয়াৰত আন এক ডাঙৰ আঘাত! ‘কল্কি ২৮৯৮’ৰ ছিকুৱেলৰ পৰা বাদ পৰিল অভিনেত্ৰী

দীপিকাৰ কেৰিয়াৰত আন এক ডাঙৰ আঘাত! ‘কল্কি ২৮৯৮’ৰ ছিকুৱেলৰ পৰা বাদ পৰিল অভিনেত্ৰী

September 18, 2025 5:38 pm
জন্ম-কাশ্মীৰ : হুৰিয়াৎ সন্মিলনৰ প্ৰাক্তন অধ্যক্ষ আব্দুল ঘনী বাটৰ মৃত্যু

জন্ম-কাশ্মীৰ : হুৰিয়াৎ সন্মিলনৰ প্ৰাক্তন অধ্যক্ষ আব্দুল ঘনী বাটৰ মৃত্যু

September 18, 2025 5:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd