বৰপেটা জিলাৰ নগাঁৱত আজি এগৰাকী কলেজীয়া ছাত্ৰীয়ে ছুৰীৰে এজন যুৱকক আক্ৰমণ কৰে আৰু এই আক্ৰমণত যুৱকজনৰ মৃত্যু হোৱা ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়।
জানিব পৰা নগাঁৱৰ বাউসী বাণীকান্ত কাকতি মহাবিদ্যালয়ৰ ছাত্ৰী ৰুনুমা খাতুনে বাইকত অহা মহিদুল ইছলাম নামৰ যুৱকজনক প্ৰেমজনিত কাৰণত ছুৰীৰে আক্ৰমণ কৰে আৰু ছাত্ৰীগৰাকীৰ ছুৰীকাঘাতত যুৱকজনৰ মৃত্যু হয়।
উল্লেখযোগ্য যে, ছাত্ৰীগৰাকীৰ পৰিয়ালৰ এগৰাকী লোকে উল্লেখ কৰা মতে মহিদুল ইছলাম আৰু ৰুনুমা খাতুনে দীৰ্ঘদিনৰ পৰা ইজনে সিজনৰ লগতে প্ৰেমৰ সম্পৰ্কৰে বান্ধ খাই আছিল কিন্তু হঠাৎ মহিদুলে তিনিদিন পূৰ্বে অইন এগৰাকী যুৱতীক বিয়া পাতে।
মহিদুলৰ এনে কাৰ্য্যত প্ৰতাৰিত হৈ ৰুনুমাই মঙলবাৰে প্ৰেমিক মহিদুলক কলেজৰ সন্মুখলৈ মাতে। ৰুনুমাৰ নিমন্ত্ৰণত বন্ধু এজনৰ সৈতে উপস্থিত হয় মহিদুল।
মহিদুল আহি পোৱাত ৰুনুমাই লগত অহা বন্ধুগৰাকীক আতৰি যাবলৈ কৈ সম্পুৰ্ণ পূৰ্ব প্ৰস্তুতিৰে ছুৰীৰে আঘাত কৰে মহিদুলক।
ৰুনুমাৰ ছুৰীৰ আঘাতত গুৰুতৰভাৱে আহত মহিদুলক সংকটজনক অৱস্থাত বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে ইতিমধ্যে যুৱকজনৰ মৃত্যু হোৱা বুলি ঘোষণা কৰে।
নিহত মহিদুল আৰু আক্ৰমণকাৰী প্ৰেমিকা ৰুনুমাৰ ঘৰ নগাঁৱৰ পদ্মপাৰাত বুলি জানিব পৰা গৈছে।
আৰক্ষীয়ে ইতিমধ্যে সমগ্ৰ ঘটনাসন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে। আৰক্ষীৰ তদন্তত ঘটনাৰ প্ৰকৃত কাৰণ পোহৰলৈ আহিব বুলি আশা কৰা হৈছে।