• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়া ভাৰতৰ আভ্যন্তৰীণ বিষয় : বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
August 21, 2019 9:10 pm
SJ-750x375

এচ জয়শংকৰ (বহি থকা গৰাকী)

1.2k
VIEWS
Share on FacebookShare on Twitter

‘এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়া ভাৰতৰ আভ্যন্তৰীণ বিষয়’ ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী সুব্ৰমনিয়াম জয়শংকৰে বাংলাদেশক এনেদৰে নিশ্চয়তা প্ৰদান কৰে।

অবৈধ অনুপ্ৰবেশকাৰী চিনাক্ত কৰণৰ বাবে অসমত চলি থকা নাগৰিকপঞ্জী উন্নীতকৰণ প্ৰক্ৰিয়াৰ প্ৰসংগত বুধবাৰে বাংলাদেশত সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে জয়শংকৰে।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পাছত প্ৰথমবাৰৰ বাবে দুদিনীয়া ভ্ৰমণ সূচীলৈ বাংলাদেশলৈ যোৱা মন্ত্ৰীগৰাকীয়ে বাংলাদেশৰ বৈদেশিক মন্ত্ৰীৰ সৈতে অনুষ্ঠিত হোৱা বৈঠকত ধনাত্মক আলোচনা হয় বুলি মত প্ৰকাশ কৰে।

অক্টোবৰত নতুন দিল্লীলৈ আহিবলগীয়া বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাৰ ভ্ৰমণত এই সম্পৰ্কত অধিক অগ্ৰগতি লাভ কৰিব বুলি বৈদেশিক পৰিক্ৰমা বিভাগৰ মুখপাত্ৰ ৰাবিশ কুমাৰে টুইট কৰে।

বাংলাদেশী বৈদেশিক মন্ত্ৰী এ কে আব্দুল ম’মিনৰ সৈতে অনুষ্ঠিত হোৱা যুতীয়া সংবাদ মেলত জয়শংকৰে অসমৰ এন আৰ চি প্ৰক্ৰিয়া ভাৰতৰ আভ্যন্তৰীণ বিষয় বুলি উল্লেখ কৰি বাংলাদেশৰ ইয়াক লৈ শংকাৰ কাৰণ নাই বুলি কয়।

বৈঠকত জয়শংকৰে ভাৰত-বাংলাদেশৰ মাজত স্বাক্ষৰ হ’বলৈ বাকী থকা তিস্তা জলচুক্তি পূৰ্বৰ দৰে একেই থাকিব বুলিও ভাৰতৰ ফালৰ পৰা স্থিতি স্পষ্ট কৰে।

উল্লেখযোগ্য যে, ২০১১ চনতে ভাৰতৰ প্ৰধান মন্ত্ৰী ড০ মনমোহন সিঙৰ বাংলাদেশ ভ্ৰমণৰ সময়তে তিস্তা জলচুক্তি স্বাক্ষৰ হোৱাৰ কথা আছিল যদিও অন্তিম মুহুৰ্তত পশ্চিম বংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীৰ বিৰোধিতাৰ বাবে ইয়াক পিছুৱাই দিয়া হৈছিল।

তিস্তা জলচুক্তি বাংলাদেশৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ চুক্তি। বাংলাদেশৰ বহু অংশ তিস্তা নদীৰ পানীৰ ওপৰত নিৰ্ভৰশীল।

বাংলাদেশৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ম’মিনে জয়শংকৰৰ সৈতে হোৱা সফল আলোচনাৰ অন্তত তিস্তা জলচুক্তিক লৈ আশাবাদী বুলি কয়।

Recent News

পাকিস্তানৰ ভিতৰত ৭১টা আক্ৰমণৰ দায়িত্ব স্বীকাৰ বেলুচ লিবাৰেচন আৰ্মীৰ

পাকিস্তানৰ ভিতৰত ৭১টা আক্ৰমণৰ দায়িত্ব স্বীকাৰ বেলুচ লিবাৰেচন আৰ্মীৰ

দেশৰ স্বাভিমান, দেশবাসীৰ বলিদান আৰু সৈনিকৰ সন্মানৰ লগত খেলা নকৰিবলৈ নৰেন্দ্ৰ মোদীক আহব্বান হিন্দু সুৰক্ষা সেনা, অসমৰ

দেশৰ স্বাভিমান, দেশবাসীৰ বলিদান আৰু সৈনিকৰ সন্মানৰ লগত খেলা নকৰিবলৈ নৰেন্দ্ৰ মোদীক আহব্বান হিন্দু সুৰক্ষা সেনা, অসমৰ

ভাৰত-পাকিস্তানৰ অশান্তজৰ্জৰ পৰিস্থিতিৰ মাজতে বৃদ্ধি পালে দেশৰ প্ৰতিৰক্ষা বাজেট

ভাৰত-পাকিস্তানৰ অশান্তজৰ্জৰ পৰিস্থিতিৰ মাজতে বৃদ্ধি পালে দেশৰ প্ৰতিৰক্ষা বাজেট

অপাৰেশ্যন সিন্দূৰ : দেশৰ বাবে প্ৰাণ দিয়া এই বীৰ জোৱান সকলক জানো আহক

অপাৰেশ্যন সিন্দূৰ : দেশৰ বাবে প্ৰাণ দিয়া এই বীৰ জোৱান সকলক জানো আহক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd