• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মাৰ্ঘেৰিটা অঞ্চলত নলা নিৰ্মাণৰ নামত ব্যাপক দুৰ্নীতিৰ অভিযোগ ছাত্ৰ মুক্তিৰ

মানস প্রতীম গগৈ by মানস প্রতীম গগৈ
August 22, 2019 9:12 pm
IMG-20190822-WA0026

ফটো : নৰ্থইষ্ট নাও

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিজেপি নেতৃত্বাধীন অসম চৰকাৰখনে শাসনভাৰ গ্ৰহণ কৰাৰ পাছতেই দুৰ্নীতিৰ বিৰুদ্ধে যি শূন্য সহনশীলতাৰ নীতি গ্ৰহণ কৰিছিল সেইয়া বৰ্তমান ফুটুকাৰ ফেনত পৰিণত হৈছে।

মাৰ্ঘেৰিটা চহৰত কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা অনুমোদিত এন এল চি পি আৰ(NLCPR) আঁ‌চনিৰ অধীনত ন’লা নিৰ্মাণৰ কাম চলি আছে।

Apply Now

এই ন’লা নিৰ্মাণৰ সম্পূৰ্ণ ঠিকা লাভ কৰিছিল গুৱাহাটীৰ মেচাৰ্ছ গঙ্গোত্ৰী এণ্টাৰপ্ৰাইজৰ ভৃগুনাথ শ্বাহ নামৰ এজন ঠিকাদাৰে।

কিন্তু ৰহস্যজনকভাৱে উক্ত প্ৰকল্পটোৰ ঠিকা কেনেকৈ হেমন্ত শৰ্মা আৰু অশ্বিনী বৰুৱা নামৰ ঠিকাদাৰে লাভ কৰি দুৰ্নীতিৰ অংশীদাৰ হৈছে ই সকলোকে আচৰিত কৰি তুলিছে।

অতি পৰিতাপৰ বিষয় যে কোটি টকীয়া ন’লা নিৰ্মাণৰ কামত ঠিকাদাৰে নিম্ন মানদণ্ডৰ সামগ্ৰী যোগান ধৰি চৰকাৰৰ টকা আত্মসাৎ কৰাৰ অভিযোগ উত্থাপিত হৈছে।

নিৰ্মাণৰ আৰম্ভণিতেই দুৰ্নীতি, অনিয়ম হোৱাত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে মাৰ্ঘেৰিটা মহকুমাধিপতিক স্মাৰক পত্ৰ প্ৰদান কৰি এই দুৰ্নীতিৰ তদন্ত কৰিবলৈ দাবী জনাইছিল৷

কিন্তু এই দুৰ্নীতিৰ লগত মাৰ্ঘেৰিটা নগৰ সমিতি জড়িত থকাত এই তদন্ত ভেকো-ভাওনাত পৰিণত হয়।

ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ তিনিচুকীয়া জিলা সমিতিয়ে এক প্ৰেছ বিবৃতিৰ জৰিয়তে এই ন’লা নিৰ্মাণৰ কামটো যি অনুমান আৰু পৰিকল্পনাৰ মতে হ’ব লাগিছিল তেনে ধৰণে হৈ উঠা নাই বুলি অভিযোগ কৰে।

মাৰ্ঘেৰিটা কোষাগাৰ কাৰ্যালয়ৰ আগেদি যোৱা ন’লাটোৰ ওপৰত আজিও সম্পূৰ্ণকৈ কালভাৰ্ট(Culvert) নলগোৱাৰ ফলত ন’লাটো নিৰ্মীয়মান অৱস্থাতেই ভাঙি যোৱাৰ লগতে গছ-গছনি আৰু বালিৰে পোত গৈছে।

প’ল ফিল্ডৰ কাষেদি যোৱা ন’লাটো আজিও সম্পূৰ্ণ নহ’ল যাৰ ফলস্বৰূপে এই ন’লাটোও ভাঙি যোৱাৰ লগতে গছ-গছনিৰে পোত গৈছে।

সেইদৰে,বালুঘাটৰ ন’লা নিৰ্মাণৰ কাম আজিও সম্পূৰ্ণ নোহোৱাৰ ফলত এই ন’লাটোও জহি-খহি গৈছে। ২নং ৱাৰ্ডৰ ন’লাটোৰ কেৱল গাঁত খান্দিয়েই নিজ দায়িত্ব সামৰিছে ঠিকাদাৰে।

দহোটীয়া পথৰ ন’লাটোও পোত যোৱা পৰিলক্ষিত হৈছে। মাৰ্ঘেৰিটা পাব্লিক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কাষেদি যোৱা ন’লাটো আজি পৰ্যন্ত সম্পূৰ্ণ হৈ নুঠাৰ ফলত ন’লাটো পোত গৈছে।

সংগঠনটোৱে’তথ্য জনা অধিকাৰ আইনৰ’ অধীনত আবেদন নং ৩৫ এফ ৪৪৯৬৪১ৰ যোগেদি ন’লা কিমান শতাংশ নিৰ্মাণ হোৱাৰ লগতে বৰ্তমান পৰ্যন্ত কিমান ধন মোকলাই দিয়া হৈছে আৰু ন’লা নিৰ্মাণৰ সম্পূৰ্ণ প্ৰকল্পটোৰ মানচিত্ৰ বিচাৰি আবেদন কৰিছিল৷

কিন্তু মাৰ্ঘেৰিতা নগৰ সমিতিয়ে এই তথ্য আজিলৈকে নিদিলে বুলি জানিবলৈ দি সংগঠনটোৱে যোৱা ২০১৮চনৰ ডিচেম্বৰ মাহতেই আবেদন কৰি তথ্য নোপোৱাত আবেদনৰ তথ্য বিচাৰি দুবাৰকৈ পুনৰ আবেদন কৰিলে যদিও কোনো তথ্য নাপালে৷

সংগঠনটোৱে এই দুৰ্নীতিত জড়িত থকা ঠিকাদাৰ, মাৰ্ঘেৰিটা নগৰ সমিতিৰ একাংশ নেতা, পালিনেতাৰ ওপৰত ৰাইজে সন্দেহৰ গোন্ধ পাইছে বুলি মত প্ৰকাশ কৰে।

ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ৰাইজৰ সহযোগত মাৰ্ঘেৰিটা নগৰ সমিতিৰ কাৰ্যালয় ঘেৰাও কাৰ্যসূচী ৰূপায়ণ কৰিব বুলিও হুংকাৰ দিছে ৷

মানস প্রতীম গগৈ

মানস প্রতীম গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লালকিল্লা বিস্ফোৰণৰ চাৰ্জশ্বীট দাখিল: এনআইএৰ চাৰ্জশ্বীটত চাঞ্চল্যকৰ তথ্য, সমগ্ৰ ষড়যন্ত্ৰৰ মাষ্টাৰমাইণ্ড আছিল চিকিৎসক উমৰ উন নবী 

লালকিল্লা বিস্ফোৰণৰ চাৰ্জশ্বীট দাখিল: এনআইএৰ চাৰ্জশ্বীটত চাঞ্চল্যকৰ তথ্য, সমগ্ৰ ষড়যন্ত্ৰৰ মাষ্টাৰমাইণ্ড আছিল চিকিৎসক উমৰ উন নবী 

September 9, 2026 9:34 pm
ড° হীৰেন গোহাঁইক তীব্ৰ সমালোচনা অখিল গগৈৰ: কংগ্ৰেছপ্ৰীতি আৰু চৰিত্ৰহননৰ গুৰুতৰ অভিযোগ

ড° হীৰেন গোহাঁইক তীব্ৰ সমালোচনা অখিল গগৈৰ: কংগ্ৰেছপ্ৰীতি আৰু চৰিত্ৰহননৰ গুৰুতৰ অভিযোগ

September 9, 2026 9:06 pm
পত্নীৰ ইচ্ছাৰ বিৰুদ্ধে যৌন সম্পৰ্ক স্থাপন কৰাটো অপৰাধ নহয় নেকি? সৰ্বোচ্চ ন্যায়ালয়ত চলিছে তীব্ৰ আইনী যুঁজ

পত্নীৰ ইচ্ছাৰ বিৰুদ্ধে যৌন সম্পৰ্ক স্থাপন কৰাটো অপৰাধ নহয় নেকি? সৰ্বোচ্চ ন্যায়ালয়ত চলিছে তীব্ৰ আইনী যুঁজ

September 9, 2026 6:55 pm
গাঁও আৰু চহৰৰ মাজত বাঢ়িছে মজুৰিৰ বৈষম্য: মূল্যবৃদ্ধিয়ে কোঙা কৰিছে গ্ৰাম্য অৰ্থনীতিক

গাঁও আৰু চহৰৰ মাজত বাঢ়িছে মজুৰিৰ বৈষম্য: মূল্যবৃদ্ধিয়ে কোঙা কৰিছে গ্ৰাম্য অৰ্থনীতিক

September 9, 2026 5:16 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লালকিল্লা বিস্ফোৰণৰ চাৰ্জশ্বীট দাখিল: এনআইএৰ চাৰ্জশ্বীটত চাঞ্চল্যকৰ তথ্য, সমগ্ৰ ষড়যন্ত্ৰৰ মাষ্টাৰমাইণ্ড আছিল চিকিৎসক উমৰ উন নবী 

লালকিল্লা বিস্ফোৰণৰ চাৰ্জশ্বীট দাখিল: এনআইএৰ চাৰ্জশ্বীটত চাঞ্চল্যকৰ তথ্য, সমগ্ৰ ষড়যন্ত্ৰৰ মাষ্টাৰমাইণ্ড আছিল চিকিৎসক উমৰ উন নবী 

September 9, 2026 9:34 pm
ড° হীৰেন গোহাঁইক তীব্ৰ সমালোচনা অখিল গগৈৰ: কংগ্ৰেছপ্ৰীতি আৰু চৰিত্ৰহননৰ গুৰুতৰ অভিযোগ

ড° হীৰেন গোহাঁইক তীব্ৰ সমালোচনা অখিল গগৈৰ: কংগ্ৰেছপ্ৰীতি আৰু চৰিত্ৰহননৰ গুৰুতৰ অভিযোগ

September 9, 2026 9:06 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd