ৰাজ্যত মানৱ সৰহবৰাহৰ ঘটনা বিশেষকৈ নাৰী সৰবৰাহৰ ঘটনা বৃদ্ধি পাই আছে। অসম আৰক্ষীৰ পৰা তথ্য অধিকাৰ আইনৰ জৰিয়তে পোৱা তথ্য মতে ৰাজ্যত যোৱা চাৰি বছৰত মুঠ ৫৯১ টা নাৰী সৰবৰাহৰ ঘটনা সংঘটিত হৈছে।
তথ্য মতে ২০১৪ চনত ১০৫ টা, ২০১৫ চনত ১৮৩ টা, ২০১৬ চনত ৯১ টা, ২০১৭ চনত ১১৫ টা, ২০১৮ চনত ৯৭ টা নাৰী সৰবৰাহৰ ঘটনা সংঘটিত হৈছে।
আৰ টি আইৰ তথ্য মতে ৰাজ্যৰ ভিতৰত শোণিতপুৰ, লখিমপুৰ, মৰিগাঁও আৰু কোকৰাঝাৰ জিলাত সৰ্বাধিক নাৰী সৰবৰাহৰ ঘটনা সংঘটিত হয়।
তথ্য মতে, ২০১৩ চনৰ পৰা ২০১৮ চনলৈ শোণিতপুৰ জিলাত ৯৫ টা, লখিমপুৰ জিলাত ৫৬ টা, মৰিগাওঁ জিলাত ৫৪ টা আৰু কোকৰাঝাৰ জিলাত ৪৬ টা নাৰী সৰবৰাহৰ ঘটনা সংঘটিত হৈছে।
আৰক্ষীৰ তথ্যত প্ৰকাশ পোৱা মতে, ৰাজ্যৰ নাৰী সৰবৰাহৰ বলি হোৱা বেছিভাগৰ বয়স ২০ বছৰৰ তলৰ হয়। বেছিভাগৰে আৰ্থিক অৱস্থা ভাল নহয়। নাৰী সৰবৰাহকাৰীয়ে পৰিয়ালৰ এই আৰ্থিক দুৰৱস্থাৰ সুযোগ গ্ৰহণ কৰি আছে।
ৰাজ্যৰ পৰা সৰবৰাহ হোৱা মহিলা, যুৱতীসকলক বিশেষকৈ ৰাজস্থান, হাৰিয়ানাত বেছিকৈ বিক্ৰী কৰা হয়। একাংশ যুৱতী নেপাল, বাংলাদেশ, শ্ৰীলংকা, ডুবাই আদিত বিক্ৰী কৰা হয়। নাৰী সৰবৰাহৰ বলি হোৱা যুৱতীসকলৰ বেছিভাগকে নাৰীদেহ ব্যৱসায়ত জড়িত কৰে।
কেন্দ্ৰীয় চৰকাৰৰ তথ্য মতে, দেশৰ ভিতৰত পশ্চিম বংগ, ছত্তিশগড়, ঝাৰখণ্ড আৰু অসমত সৰ্বাধিক নাৰী সৰবৰাহৰ ঘটনা সংঘটিত হয়। লক্ষণীয় যে ২০১৫ চনত দেশৰ ভিতৰত অসমত সৰ্বাধিক নাৰী সৰবৰাহৰ ঘটনা সংঘটিত হৈছিল।
যোৱা তিনি বছৰ ধৰি দেশৰ ভিতৰত সৰ্বাধিক নাৰী সৰবৰাহৰ ঘটনা সংঘটিত হোৱা ৰাজ্যৰ ভিতৰত পশ্চিমবংগ প্ৰথমস্থানত আছে। নাৰী সৰবৰাহৰ দৰে অপৰাধ অকল ভাৰততে নহয় সমগ্ৰ বিশ্বতে বৃদ্ধি পাই আছে।
বিশ্বত সংঘটিত হোৱা সৰ্বাাধিক অপৰাধৰ তালিকাত নাৰী সৰবৰাহ তৃতীয় স্থানত আছে। প্ৰথম স্থানত অবৈধ ড্ৰাগছ সৰবৰাহ আৰু দ্বিতীয় স্থানত অস্ত্ৰৰ অবৈধ সৰবৰাহ আছে।
ইণ্টাৰনেট সেৱা উন্নত হোৱাৰ লগে লগে ছ’চিয়েল মিডিয়াৰ ব্যাপক জনপ্ৰিয়তাৰ পাছত নাৰী সৰবৰাহৰ কৌশল সলনি হৈছে। নাৰী সৰবৰাহকাৰীয়ে এতিয়া নাৰী সৰবৰাহৰ ক্ষেত্ৰত ফেচবুক, টুইটাৰ, ৱাটচএপ আদি ছ’চিয়েল মিডিয়াৰ ব্যাপক সহায় লোৱাৰ ঘটনা পোহৰলৈ আহি আছে।
ৰাজ্যত শেহতীয়াকৈ ছ’চিয়েল মিডিয়াৰ জৰিয়তে কেইবাটাও নাৰী সৰবৰাহৰ ঘটনা সংঘটিত হৈছে। ৰাজ্যত বৃদ্ধি পাই থকা নাৰী সৰবৰাহৰ ঘটনা ৰোধ কৰাৰ লগতে নাৰী সৰবৰাহকাৰী চক্ৰ কৰায়ত্ত কৰাৰ ক্ষেত্ৰত আৰক্ষী বিশেষ সফল হ’ব পৰা নাই।
লক্ষণীয় যে ৰাজ্যৰ সকলো জিলাতে মানৱ সৰবৰাহকাৰী বিৰোধী শাখা নাই। যিবোৰ জিলাত এই শাখা আছে সেইবোৰ সক্ৰিয় নহয়। আকৌ ছ’চিয়েল মিডিয়াৰ জৰিয়তে সংঘটিত হোৱা নাৰী সৰবৰাহৰ ঘটনাৰ ক্ষেত্ৰত আৰক্ষীয়ে তাৎক্ষণিকভাৱে কাৰ্যকৰী ব্যৱস্থা লোৱাৰ ক্ষেত্ৰত ব্যৰ্থ হৈ আছে।