DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 29, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home অভিমত

ৰাজ্যত বৃদ্ধি পাইছে নাৰী সৰবৰাহৰ ঘটনা

চাৰিবছৰত সংঘটিত হৈছে ৫৯১ টা নাৰী সৰবৰাহৰ ঘটনা

ভৱেশ মেধি by ভৱেশ মেধি
August 24, 2019 7:02 pm
প্ৰতিনিধিত্বমূলক ফটো

প্ৰতিনিধিত্বমূলক ফটো

2.7k
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যত মানৱ সৰহবৰাহৰ ঘটনা বিশেষকৈ নাৰী সৰবৰাহৰ ঘটনা বৃদ্ধি পাই আছে। অসম আৰক্ষীৰ পৰা তথ্য অধিকাৰ আইনৰ জৰিয়তে পোৱা তথ্য মতে ৰাজ্যত যোৱা  চাৰি বছৰত মুঠ  ৫৯১  টা নাৰী সৰবৰাহৰ ঘটনা সংঘটিত হৈছে।

তথ্য মতে ২০১৪ চনত ১০৫ টা, ২০১৫ চনত ১৮৩ টা, ২০১৬ চনত ৯১ টা, ২০১৭ চনত ১১৫ টা, ২০১৮ চনত ৯৭ টা নাৰী সৰবৰাহৰ ঘটনা সংঘটিত হৈছে।

আৰ টি আইৰ তথ্য মতে ৰাজ্যৰ ভিতৰত শোণিতপুৰ, লখিমপুৰ, মৰিগাঁও আৰু কোকৰাঝাৰ জিলাত সৰ্বাধিক নাৰী সৰবৰাহৰ ঘটনা সংঘটিত হয়।

তথ্য মতে,  ২০১৩ চনৰ পৰা ২০১৮ চনলৈ শোণিতপুৰ জিলাত ৯৫ টা, লখিমপুৰ জিলাত ৫৬ টা, মৰিগাওঁ জিলাত ৫৪ টা আৰু কোকৰাঝাৰ জিলাত ৪৬ টা নাৰী সৰবৰাহৰ ঘটনা সংঘটিত হৈছে।

আৰক্ষীৰ তথ্যত প্ৰকাশ পোৱা মতে, ৰাজ্যৰ নাৰী সৰবৰাহৰ বলি হোৱা বেছিভাগৰ বয়স ২০ বছৰৰ তলৰ হয়। বেছিভাগৰে আৰ্থিক অৱস্থা ভাল নহয়। নাৰী সৰবৰাহকাৰীয়ে পৰিয়ালৰ এই আৰ্থিক দুৰৱস্থাৰ সুযোগ গ্ৰহণ কৰি আছে।

ৰাজ্যৰ পৰা সৰবৰাহ হোৱা মহিলা, যুৱতীসকলক বিশেষকৈ ৰাজস্থান, হাৰিয়ানাত বেছিকৈ বিক্ৰী কৰা হয়। একাংশ যুৱতী নেপাল, বাংলাদেশ, শ্ৰীলংকা, ডুবাই আদিত বিক্ৰী কৰা হয়। নাৰী সৰবৰাহৰ বলি হোৱা যুৱতীসকলৰ বেছিভাগকে নাৰীদেহ ব্যৱসায়ত জড়িত কৰে।

কেন্দ্ৰীয় চৰকাৰৰ তথ্য মতে, দেশৰ ভিতৰত পশ্চিম বংগ, ছত্তিশগড়, ঝাৰখণ্ড আৰু অসমত সৰ্বাধিক নাৰী সৰবৰাহৰ ঘটনা সংঘটিত হয়। লক্ষণীয় যে ২০১৫ চনত দেশৰ ভিতৰত অসমত সৰ্বাধিক নাৰী সৰবৰাহৰ ঘটনা সংঘটিত হৈছিল।

যোৱা তিনি বছৰ ধৰি দেশৰ ভিতৰত সৰ্বাধিক নাৰী সৰবৰাহৰ ঘটনা সংঘটিত হোৱা ৰাজ্যৰ ভিতৰত পশ্চিমবংগ প্ৰথমস্থানত আছে। নাৰী সৰবৰাহৰ দৰে অপৰাধ অকল ভাৰততে নহয় সমগ্ৰ বিশ্বতে বৃদ্ধি পাই আছে।

বিশ্বত সংঘটিত হোৱা সৰ্বাাধিক  অপৰাধৰ তালিকাত নাৰী সৰবৰাহ তৃতীয় স্থানত আছে। প্ৰথম স্থানত অবৈধ ড্ৰাগছ সৰবৰাহ আৰু দ্বিতীয় স্থানত অস্ত্ৰৰ অবৈধ সৰবৰাহ আছে।

ইণ্টাৰনেট সেৱা উন্নত হোৱাৰ লগে লগে ছ’চিয়েল মিডিয়াৰ ব্যাপক জনপ্ৰিয়তাৰ পাছত নাৰী সৰবৰাহৰ কৌশল সলনি হৈছে। নাৰী সৰবৰাহকাৰীয়ে এতিয়া নাৰী সৰবৰাহৰ ক্ষেত্ৰত ফেচবুক, টুইটাৰ, ৱাটচএপ আদি ছ’চিয়েল মিডিয়াৰ ব্যাপক সহায় লোৱাৰ ঘটনা পোহৰলৈ আহি আছে।

ৰাজ্যত শেহতীয়াকৈ  ছ’চিয়েল মিডিয়াৰ জৰিয়তে কেইবাটাও নাৰী সৰবৰাহৰ ঘটনা সংঘটিত হৈছে। ৰাজ্যত বৃদ্ধি পাই থকা নাৰী সৰবৰাহৰ ঘটনা ৰোধ কৰাৰ লগতে নাৰী সৰবৰাহকাৰী চক্ৰ কৰায়ত্ত কৰাৰ ক্ষেত্ৰত আৰক্ষী বিশেষ সফল হ’ব পৰা নাই।

লক্ষণীয় যে ৰাজ্যৰ সকলো জিলাতে মানৱ সৰবৰাহকাৰী বিৰোধী শাখা নাই। যিবোৰ জিলাত এই শাখা আছে সেইবোৰ সক্ৰিয় নহয়। আকৌ ছ’চিয়েল মিডিয়াৰ জৰিয়তে সংঘটিত হোৱা নাৰী সৰবৰাহৰ ঘটনাৰ ক্ষেত্ৰত আৰক্ষীয়ে তাৎক্ষণিকভাৱে কাৰ্যকৰী ব্যৱস্থা লোৱাৰ ক্ষেত্ৰত ব্যৰ্থ হৈ আছে।

Recent News

Unique Art Works: তাঁতশালত শিল্পকর্মৰ অপূৰ্ব নিদৰ্শন; তামুলপুৰৰ যুৱক বিজয়ে প্ৰশংসা বুটলিছে স্বাভিমানী অসমীয়াৰ

Unique Art Works: তাঁতশালত শিল্পকর্মৰ অপূৰ্ব নিদৰ্শন; তামুলপুৰৰ যুৱক বিজয়ে প্ৰশংসা বুটলিছে স্বাভিমানী অসমীয়াৰ

School with a difference: ব্যক্তিগত বিদ্যালয়ৰ লগত সমানে ফেৰ মাৰি জিলিকি উঠিছে টীয়কৰ চমুৱা গছপুৰীয়া প্ৰাথমিক বিদ্যালয়

School with a difference: ব্যক্তিগত বিদ্যালয়ৰ লগত সমানে ফেৰ মাৰি জিলিকি উঠিছে টীয়কৰ চমুৱা গছপুৰীয়া প্ৰাথমিক বিদ্যালয়

এআইচিটিই আইডিয়া লেব লাভ কৰা উত্তৰ-পূবৰ প্ৰথমখন প্ৰতিষ্ঠান হ’ল জিআইএমটি-গুৱাহাটী

এআইচিটিই আইডিয়া লেব লাভ কৰা উত্তৰ-পূবৰ প্ৰথমখন প্ৰতিষ্ঠান হ’ল জিআইএমটি-গুৱাহাটী

মনোৰম প্ৰাকৃতিক পৰিৱেশৰ সলনি উত্তৰ পূব মৰুভূমি হোৱাটো বিচাৰে নেকি ভাৰত চৰকাৰে?

মনোৰম প্ৰাকৃতিক পৰিৱেশৰ সলনি উত্তৰ পূব মৰুভূমি হোৱাটো বিচাৰে নেকি ভাৰত চৰকাৰে?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd