• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দহ বছৰৰ পিছত “চেলিব্ৰেটি” মাক ৰাণু মণ্ডলক বিচাৰি আহিল জীয়েকে; ছ’চিয়েল মিডিয়াত ভৰ্ৎসনা

ছ'চিয়েল মিডিয়াই নৱজীৱন দিয়াৰ পূৰ্বে স্বামীহীনা আৰু প্ৰায় পৰিত্যক্তা ৰাণুৱে কটাইছিল এটা অতি দাৰিদ্ৰ্যৰ জীৱন

দুৰ্লভ গগৈ by দুৰ্লভ গগৈ
August 28, 2019 9:18 am
RanuMondol
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিৰল মিঠা কণ্ঠৰ অধিকাৰী হৈও জীৱনৰ ৫৯টা বসন্ত পৰ্য্যন্ত নিজৰ প্ৰতিভাৰ কোনো মূল্য পাবলৈ সক্ষম নোহোৱা ৰাণু মণ্ডলে ছ’চিয়েল মিডিয়াযোগে লাভ কৰা অভাৱনীয় প্ৰচাৰ আৰু খ্যাতিৰ পিছত দহ বছৰৰ মূৰত নিজৰ জীয়েককো লগ পালে।

পশ্চিম বংগৰ ৰাণাঘাট ৰেইল ষ্টেইশ্যনত গান গাই থকা বিৰল মুহূৰ্তত ছ’চিয়েল মিডিয়াই আৱিষ্কাৰ কৰাৰ পিছত ৰাণুৱে বলিউডলৈ আমন্ত্ৰণ পোৱাৰ লগতে তেওঁ বৰ্তমান এক প্ৰকাৰৰ চেলিব্ৰেটি হৈ পৰিছে।

Apply Now

তাৰ আগলৈকে স্বামীহীনা আৰু প্ৰায় পৰিত্যক্তা ৰাণুৱে কটাইছিল এটা অতি দাৰিদ্ৰ্যৰ জীৱন। কিন্তু সৌভাগ্যৰ কথা যে চৰম দাৰিদ্ৰয়ো ৰাণুৰ প্ৰতিভা লয় কৰিব পৰা নাছিল।

ষ্টেইশ্যনটোত গান গাই থকাৰ দৃশ্য অতীন্দ্ৰ চক্ৰৱৰ্তী নামৰ এজন যাত্ৰীয়ে নিজৰ ম’বাইলত বন্দী কৰি তাক ফেইচবুকত এৰি দিয়া লগে লগে নিজৰ প্ৰতিভাই ৰাণু মণ্ডলক ভাবিৱ নোৱৰা উচ্চতালৈ লৈ যায়।

তেওঁ বলিউডত ইতিমধ্যে নিজৰ উপস্থিতি ঘোষণা কৰিছে হিমেশ ৰেশমিয়াৰ এখন চিনেমাৰ বাবে গীত গাই।

এই পৰিৱৰ্তন সুখী ৰাণু এতিয়া নিজৰ জীয়েকক ১০ বছৰৰ মূৰত লগ পাই দুগুণ সুখী, নিজ মুখে ৰাণুৱে জনালে এই কথা।

জানিব পৰামতে, দহ বছৰৰ পূৰ্বেই জীয়েকে এৰি গৈছিল মাক ৰাণু মণ্ডলক। আনহাতে মাক-দেউতাক কেতিয়াবাই ঢুকুৱা ৰাণুৰ প্ৰয়াত স্বামীৰ বাদে নাছিল তেনেকুৱা কোনো আত্মীয়।

একমাত্ৰ সন্তান জীয়েকে ইমান দিনে মাকৰ খবৰ ৰাখিছিল নে নাই সেই কথা অৱগত নোহোৱাকৈয়ে এতিয়া মাকক বিচাৰি ঘৰ ওলোৱা বাবে ছ’চিয়েল মিডিয়া য়ুজাৰে জীয়েকক তীব্ৰ ভৰ্ৎসনা কৰা দেখা গৈছে।

ইমান দিন পৰিত্যাগ কৰি জীয়েকে এতিয়া মাকক বিচাৰি অহাটোত আকস্মিক খ্যাতি আৰু টকা-পইচাৰ স্বাৰ্থ দেখিছে ছ’চিয়েল মিডিয়া য়ুজাৰে।

ছ’চিয়েল মিডিয়াত বহুতকে জীয়েকক বেয়াকৈ গালি-গালাজ কৰাও দেখা গৈছে।

অৱশ্যে কেৱল জীয়েকক গালি পৰা সমাজখনেও ৰাণুক এক প্ৰকাৰৰ পৰিত্যক্ত কৰিছিল বুলিব পাৰি। মুকুতা যেন এই প্ৰতিভাক চিনাক্ত কৰাত তথা মানুহ হিচাপে জীয়াই থকাৰ নিম্নতম সম্বল দিব নোৱৰাটো ভাৰতীয় সমাজখনৰে ব্যৰ্থতা বুলিব পাৰি।

এটা ৰেইল ষ্টেইশ্যনত বহি লতা মাংগেশকাৰৰ “এক প্যাৰ কা নাগমা…” শীৰ্ষক গানটোত যেন নিজৰ জীৱন-গাথাকে গাইছিল ৰাণুৱে। কপালৰ আগৰ বিশৃংখল আধাপকা চুলিবোৰ হাতেৰে ঠেলি ঠেলি মলিয়ন পোচাক পৰিহিতা ৰাণুৱে সেই মুহূৰ্তত গাইছিল, “… জিন্দেগি ঔৰ কুছ ভি নেহি, তেৰি মেৰি কহানি হ্যেঁ… কুছ পা কৰ খৌনা হ্যেঁ, কুছ খৌ কৰ পানা হ্যে, … দো পল কে জীৱন হ্যে…”

ছ’চিয়েল মিডিয়া অবিহনে হয়তো জীৱনৰ শেষ বয়স পৰ্য্যন্ত অনাৱিষ্কৃত, অৱহেলিত হৈ ৰোৱা ৰাণু মণ্ডলে কেতিয়াও দুবেলা দুসাঁজ পেট ভৰাই খোৱাৰ কথাও চিন্তা কৰিব নোৱাৰিলে হেঁতেন।

ৰাণুৱে ইতিমধ্যে চিনেমাৰ বাবে হিমেশ ৰেশমিয়াৰ সৈতে দ্বৈত কণ্ঠত এটা গীত বাণীবদ্ধ কৰিছে। “তেৰি মেৰি তেৰি মেৰি…” শীৰ্ষক গানৰ কলিটো এতিয়া গোটেই দেশতে জনপ্ৰিয় হৈ পৰিছে আৰু টিকটকত অন্যতম প্ৰিয় গীতত পৰিণত হৈছে। আন কেইবাটাও অনুষ্ঠানৰ হৈ গান গোৱাৰ আমন্ত্ৰণ পাইছে ইতিমধ্যে ৰাণু মণ্ডলে।

আনহাতে মাকক স্বাৰ্থৰ বাবে আদৰি লোৱা বুলি জীয়েকক গালি পৰা সমাজখনতো ৰাণু মণ্ডলক লৈ আন আন পক্ষয়ো স্বাৰ্থৰহিতভাৱে কাম কৰিছে বুলিব পৰা নাযায়। কোটি কোটি ভাৰতীয়ই কোনো স্বাৰ্থহীনভাৱেই ৰাণুৰ প্ৰতি সহমৰ্মিতা আৰু শ্ৰদ্ধা-ভালপোৱা প্ৰদৰ্শন কৰিছে যদিও একাংশই ৰাণুক লৈ টি আৰ পি, ভিউৱাৰ আদি গোটোৱাতো ব্যস্ত হোৱা দেখা গৈছে।

দুৰ্লভ গগৈ

দুৰ্লভ গগৈ

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

কাকজান চাহ বাগিচাৰ কেন্দ্ৰীয় চিকিৎসালয়

কাকজান চাহ বাগিচাৰ যক্ষ্মাৰোগৰ পৰিস্থিতিৰ পৰিৱৰ্তন: জীৱন ৰক্ষা কৰিছে বহুতৰ

July 25, 2026 8:27 pm
শৈশৱৰ হেৰাই যোৱা অৱকাশ

শৈশৱৰ হেৰাই যোৱা অৱকাশ

July 25, 2026 6:52 pm
যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

July 25, 2026 6:04 pm
কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পিছতেই দাবীসমূহ মানি ল’লে চৰকাৰে, প্ৰতিবাদ সামৰিলে চিজেপিয়ে

কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পিছতেই দাবীসমূহ মানি ল’লে চৰকাৰে, প্ৰতিবাদ সামৰিলে চিজেপিয়ে

July 25, 2026 5:55 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কাকজান চাহ বাগিচাৰ কেন্দ্ৰীয় চিকিৎসালয়

কাকজান চাহ বাগিচাৰ যক্ষ্মাৰোগৰ পৰিস্থিতিৰ পৰিৱৰ্তন: জীৱন ৰক্ষা কৰিছে বহুতৰ

July 25, 2026 8:27 pm
শৈশৱৰ হেৰাই যোৱা অৱকাশ

শৈশৱৰ হেৰাই যোৱা অৱকাশ

July 25, 2026 6:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd