উদ্দেশ্যপ্ৰণোদিত ৰাজনীতিৰ পাশাখেল খেলা লোকক বাদ দি সাধাৰণ, সচেতন অসমবাসীৰ বাবে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী হৈছে দীৰ্ঘদিনৰ সপোন। বহু দশকজুৰি বিদেশী সমস্যাই আক্ৰান্ত কৰি অহা ৰাজ্যখনৰ সদ্ভাৱনা থকা লোকে এক শুদ্ধ নাগৰিকপঞ্জীৰ জৰিয়তে এই সমস্যাৰ ওৰ পৰাটো মনে-প্ৰাণে কামনা কৰে। এই সমস্যাৰ সামৰণিয়ে ৰাজ্যখনৰ লগতে জাতিটোকো এটা স্বস্তিৰ নিশ্বাস পেলোৱাৰ সুযোগ দিব আৰু আন আন প্ৰগতিমুখী কাম-কাজত আগবাঢ়িবলৈ উদগনি দিব। একেটাকে চেপেটা কৰি কৰি ৰাজ্যখনৰো, জাতিটোৰো, উদ্গতি নোহোৱা হৈছে; আমি শেষ নোহোৱা বিষয়টোত অহৰ্ণিশ লাগি থাকোতেই আমাৰ সম্পদবোৰ বাহিৰৰ শেনচকুৱা বৃহৎ পুঁজিয়ে লুটিব লাগিছে। আমি ঐক্যবদ্ধ হৈ লুণ্ঠনৰ সেই ৰাজসূয় যজ্ঞক বাধা দিব পৰা নাই। সেয়ে বিদেশী সমস্যাৰ এক সামৰণি আমাক লাগে– আমাৰ নিজৰ প্ৰগতিৰ স্বাৰ্থতে।
কিন্তু, সম্পূৰ্ণ অশুদ্ধিহীন নাগৰিকপঞ্জী এখন আমি নাপাবও পাৰোঁ। উদাহৰণস্বৰূপে, খচৰাৰপৰা বাদ পৰা ৪০ লাখ লোকৰ ১.৫ লাখ লোকে পুণৰাবেদন নকৰিলেই। সেই গোটেইখিনি মানুহ বিদেশী হ’বই বুলি ডাঠি ক’ব নোৱাৰি। কাৰণ, এনে মানুহো আছে যিয়ে নাগৰিকপঞ্জীত নাম অন্তৰ্ভুক্ত কৰিবলৈ এবাৰলৈও প্ৰয়াস নকৰিলে। নথিৰ অভাৱ, আলস্য, সচেতনতাৰ অভাৱ আদি এশ-এবুৰি কাৰণত কোনো কোনো লোক নাগৰিকপঞ্জী উন্নীতকৰণৰ কামত চামিলেই নহ’ল। নানা মানৱীয় আৰু পৰিস্থিতিগত সীমাবদ্ধতাৰ ফলত কোনো কোনো স্বদেশীৰ নামো বাদ পৰিব পাৰে আৰু কোনো কোনো বিদেশীৰ নামো অন্তৰ্ভুক্ত হ’ব পাৰে।
কিন্তু, ইমানৰ পিছতো আমি ক’ম যে অসমৰ বিদেশী সমস্যাক লৈ বহু দশকজুৰি যিমানবোৰ কল্প-কাহিনী ওলাইছে, শুদ্ধতাৰ দাবীসহ যিমানবোৰ কল্পিত তথ্য প্ৰকাশ কৰা হৈছে, সেই আটাইবোৰৰ তুলনাত ৩১ আগষ্ট, ২০১৯ তাৰিখে প্ৰকাশিতব্য নাগৰিকপঞ্জী আমি পাব পৰা সবাতোকৈ বস্তুনিষ্ঠ, সবাতোকৈ বিজ্ঞানসন্মত, সবাতোকৈ প্ৰণালীবদ্ধ আৰু সবাতোকৈ শুদ্ধ দলিল। ইমান ব্যয়বহুল, বিস্তাৰিত, প্ৰায় আধা লাখ বিষয়া-কৰ্মচাৰীৰ ছবছৰীয়া শ্ৰমৰ পৰিণাম এই দলিল যদি গ্ৰহণযোগ্য নহয়, তেন্তে কি নগৈ গড়গাঁৱৰ বাতৰি কোৱা এচাম লোকৰ কল্প-কাহিনী গ্ৰহণযোগ্য হ’ব? “অমুকে ইমান চনতে অসমত নব্বৈ লাখ বিদেশী আছে বুলি কৈছিল”– এনে কথাৰ ভিত্তিতে আমি কি আজি নাগৰিকপঞ্জীক গ্ৰহণ নকৰিম। যিয়ে এনে কথা কৈছিল তেওঁ কিহৰ ভিত্তিত কৈছিল? চোৰাংচোৱাৰ প্ৰতিবেদনৰ ভিত্তিত? কিমানজন চোৰাংচোৱা নিযুক্ত হৈছিল আৰু চোৰাংচোৱাৰ প্ৰতিবেদনৰ অন্তৰালৰ মেথড বা পদ্ধতি কি আছিল? তেনেবোৰ কথাই যদি প্ৰামাণিক তথ্যৰ নামান্তৰ, তেন্তে নাগৰিকপঞ্জী উন্নীতকৰণৰ দৰে বিপুল কৰ্মযজ্ঞ আয়োজন কৰাৰ সাৰ্থকতা ক’ত? আচলতে আগৰ সেই সকলো দাবী আছিল অনুমান-নিৰ্ভৰ। বৰ্তমানৰ নাগৰিকপঞ্জীয়ে সেইবোৰ অনুমান বাঞ্চাল কৰিবলৈ ওলোৱাত অনুমানকাৰী ব্যক্তি, দল, সংগঠনৰ গা বিছাই ডকাদি ডাকিছে।
নাগৰিকপঞ্জী ত্ৰুটিহীন হ’ব বুলি আমিও নকওঁ। কিন্তু, অসমৰ বিদেশী সমস্যাৰ ইয়াতকৈ শুদ্ধতৰ সমাধান ওলাব নোৱাৰে। কল্প-কাহিনী অথবা ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত ভুৱা সমাধানৰ তুলনাত উন্নীত নাগৰিকপঞ্জী বেছি ভাল সমাধান– আমি পাব পৰা সবাতোকৈ ভাল সমাধান। এই বিজ্ঞানসন্মত দৃষ্টিভংগী পৰিহাৰ কৰিলে ৰাজ্যবাসী আকৌ অনিশ্চিত, আন্ধাৰ গাঁতত সোমাই পৰিবই পৰিব। তদুপৰি, নাগৰিকপঞ্জীৰপৰা বাদ পৰা লোক মাত্ৰেই বিদেশী নহ’বও পাৰে। তেওঁলোকে পুণৰাবেদন কৰিবলৈ নতুনকৈ চাৰিমাহ সময় পাব। নানা দল-সংগঠনে তেওঁলোকক সহায় কৰিব। তাৰ পিছতো কিছু ত্ৰুটি ৰৈ যাবই পাৰে। তথাপি ক’ম যে এই উন্নীত নাগৰিকপঞ্জী হৈছে ৰাজ্যখনৰ বাবে, ৰাজ্যবাসীৰ বাবে, অসমীয়া জাতিৰ বাবে কণাৰ লাখুটি-স্বৰূপ। ই বাঞ্চাল হৈ গ’লে আমি জটিল ইতিহাসৰ কুটিল অন্ধগলিত বেয়াকৈ সোমাই পৰাৰ সম্ভাৱনা প্ৰকট।
শেহতীয়াকৈ অমিত শ্বাহ আৰু সৰ্বানন্দ সোণোৱালে “নাগৰিকপঞ্জী গ্ৰহণৰ ক্ষেত্ৰত বিধায়িনী ব্যৱস্থা লোৱা হ’ব” বুলি কোৱাত আমাৰ পিলাই চমকিছে। কি হ’ব পাৰে এই বিধায়িনী ব্যৱস্থা? নতুন এক বিধেয়ক আনি, সমিতি এখন গঠন কৰি নাগৰিকপঞ্জীৰ বেছ কিছু ত্ৰুটি আৱিষ্কাৰ কৰি তাৰ ভিত্তিত সেইখন অশুদ্ধ, অতএৱ গ্ৰহণৰ অযোগ্য, বুলি ঘোষণা কৰিব নেকি? অসমৰ এই ক্ৰ’নিক সমস্যাটোৰ সমাধানেৰে ৰাজ্যখনে প্ৰগতিৰ বাটত খোজ দিয়া চাবলৈ হেঁপাহ কৰি থকা শুভানুধ্যায়ী মানুহে ঐক্যবদ্ধভাৱে নাগৰিকপঞ্জী বাতিল কৰিব খোজা সকলো প্ৰয়াসৰ বিৰুদ্ধাচৰণ কৰিব লাগিব। নাগৰিকপঞ্জীক অধিকতৰ শুদ্ধ কৰাৰ বাবে ন ন ন পদক্ষেপ লওক, কিন্তু কাৰোবাৰ ৰাজনৈতিক অভীষ্ট সিদ্ধি কৰাৰ বাবে তাক বলিৰ পঠা কৰিবলৈ এৰি দিয়া উচিত নহ’ব।
লেখক ডুমডুমা মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ সহকাৰী প্ৰবক্তা
ইমেইল : [email protected]